সমললৈ যাওক

পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৭)

সৈন্য গণ সাজি গৈলা বনৰ ভিতৰ।
মৃগ চাহি ফুৰয় অসুৰ ভয়ঙ্কৰ॥
শঙ্খাসুৰ ঠান ভাৱ ধৰি নাৰায়ণে।
সত্বৰ কৰিয়া গৈয়া দৈত্যৰ ভূবনে॥
বিষ্ণুৰ মায়ায়ে সবে মোহিলা নগৰী।
শান্তি পতিব্ৰতাক মোহিলে দেৱ হৰি॥
বিষ্ণুৰ মায়াতে পতিব্ৰতা মোহ গৈলা। .
আপোনাৰ স্বামী বুলি কৰ যোড়ে ৰৈলা॥
নিজ স্বামী বুলি আপোনাৰ জানি নাৰী।
ঘৰে নিয়া আগবাঢ়ি দিলা পিড়া পাৰি॥
সুবৰ্ণ খাটত গৈয়া গোবিন্দ বসিলা।
পিঠা পৰমান্ন আনি ভোজন কৰিলা॥
তাম্বুল কৰ্পুৰ মানে পিন্ধাইলা চন্দন।
বিষ্ণুৰ মায়াত বিমোহিত ভৈলা মন॥
গৃহে পাশ সিংহাসনে বসিলন্ত সতী।
তাহাতে বসিয়া সুখ লভিলা শ্ৰীপতি॥
ষোড়ষ শৃঙ্গাৰে ৰমিলন্ত দেৱ হৰি।
অসংখ্যাত সুখ দিলা কাক দূৰ কৰি॥
ঐহান্তৰ সুখ পাছে এড়ি দামোদৰ।
স্বৰ্গে আনন্দিত মন ভৈলা দেৱতাৰ॥