সমললৈ যাওক

পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২১)

তুলসীক ৰুই ভেটি যেই জনে বান্ধে।
তাহাৰ পাশক যাইতে যম দূতে কান্দে॥
তুলসীক কই যিতো ঘৰ বান্ধি থয়।
সংসাৰ নিস্তাৰ বাৰানসী ফল পায়॥
তুলসীৰ ভেটী যিতো তোলে মহা দুঃখে।
সেহি পূণ্যে বঞ্চে গৈয়া বৈকুণ্ঠত সুখে॥
জল লৈয়া যদি যাই ভেটী লিপিবাক।
কৰ ঘোড়ে প্ৰিয় বাক্যে স্তুতি কৰে তাক॥
লিপিতে ভেটীৰ বালি তিতিছে সকল।
সহস্ৰ বৎসৰ স্বৰ্গে থাকি পাই ফল॥
শীতল সুগন্ধি জলে তিতিল তুলসী।
গৃহে বসি ফল পাৱে গঙ্গা বাৰানসী॥
তুলসীক পূজিলে সৰ্ব্বে দেৱ তুষ্ট হয়।
পিতৃ গণো তুষ্ট হুৰে জানিবা নিশ্চয়॥
তুলসীত যাৰ মন মগ্ন ভৈলা যত।
তাহাৰ মহিমা যত কহিবোঁহোঁ কত॥
তাহৰ ভাগ্যক আৰ কহন নাযাই।
গঙ্গা স্নান ফল সিতে ঘৰে বসি পাই।
তুলসীৰ পত্ৰ যদি হোৱয় পতন।
হাত পাতি ললে তাক দেৱ নাৰায়ণ॥