পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(২৪)

আকাৰণে গঙ্গা খঙ্গিলাঁহা তুলসীক।
তুলসী স্ৰজিলা হৰি সবাতাে অধিক॥
গঙ্গাত কহিলা ব্রহ্মা তুলসীৰ তত্ত্ব।
শুনিয়া গঙ্গাৰ ভৈল কৌতুক মনত॥
ব্ৰহ্মাৰ বচনে গঙ্গা মহা ৰঙ্গ ভৈলা।
জানু শিৰে প্রণামিয়া কৰ যোড়ে ৰৈলা॥
দুয়ােৰৰ ভাঙিলা দ্বন্দ ব্রহ্মা প্রজাপতি।
কন্দল এড়িয়া দুয়াে তৈল মিত্ৰৱতী॥
গঙ্গা তুলসীয়ে দুয়ো এক প্রাণ ভৈলা।
পৰম আনন্দে হৰে দুইকো আস্বাসিলা॥
ব্রহ্মা বােলে মহাদেৱ শুনিয়ো বচন।
যাওক স্বর্গত চলি তুমি এতিক্ষণ॥
ব্ৰহ্মাৰ বচনে শিৱ মহা ৰঙ্গ ভৈলা।
গঙ্গা তুলনীয়ে কৈলাশক চলি গৈল॥
কোটী কোটী পাপ গুছে বিষ্ণু জল পানে।
কৃষ্ণ পদ শিৰে ধৰি ভগিৰথে ভনে॥
কলি যুগে কৃষ্ণৰ নামেসে সাধে গতি।
তুলসী চৰিত্ৰ এহি মানে সমাপতি॥
দ্বিজ ভগিৰথে কহে এড়ি আন কাম।
পাতক চড়োক ডাকি বোলা ৰাম ৰাম॥

সমাপ্ত।