পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(১২)


এহি বুলি মহা ক্রোধ হুয়া পক্ষী ৰাজ।
পাখী সাবটিয়া মাৰে হৃদয়ৰ মাজ॥
জাম্প দিয়া গৰুড়ে ধৰিলা অসুৰক।
বৈৰীক মাৰিয়া পেশো যমৰ পুৰক॥
আঁতি বাক লৈলা হৃদয়ত দিল ঘণ্টে।
কোপান পৃথিবীত মাৰিলন্ত আন্তে॥
নৱপাক খায়া দৈত্য পৰিলা ভূমিত।
নখে বিদাৰিয়া গাৱ কৰিলা মূৰ্চ্চিত॥
ভূমিত পৰিয়া শঙ্খ হয় অচেতন।
তেৱেসে চেতন পাইলা দেৱ নাৰায়ণ।॥
দেখন্ত অসুৰ পৰি আছন্ত মূৰ্চ্চিত।
গৰুড়ক চাই বিষ্ণু লাগিল বুলিতে॥
কতো বেলি শঙ্খাসুৰ পাইলে চেতন।
গৰুড়ক চাই অতি কৰিলা গৰ্জ্জন॥
মহা ক্রোধে কম্পিত ভৈলন্ত শঙ্খাসুৰ।
নানা শৰ কৰিলন্ত বিষ্ণুৰ উপৰ॥
অসুৰৰ বানে বিষ্ণু ভৈলন্ত মূৰ্চ্চিত।
দুৰ্ব্বাৰ অসুৰ বধ্য হুৱে কেন মত॥
গৰুড়ে আচন্ত প্রভূ হুৱা চতুৰ্ভূজ্‌।
প্রলয় কালত জলে কোটী সূৰ্য্য॥