পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/১০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৮)

বৃন্দা বোলে মোক কোনে কৰিলে শৃঙ্গাৰ।
কোনাে কালে এত সুখ নতু পাওঁ আৰ॥
ইতো জন শঙ্খ নুহি মােৰ নিজ পতি।
কপট কৰিয়া কিবা ভুঞ্জিলে সুৰতি॥
এহি মনে আলছিলা পতিব্রতা নাৰী।
বুলিবাক লাগিলা হৃদয় কোপ কৰি॥
নিজ স্বামী বুলি তােক কৰিলে। সাদৰ।
মােৰ শান্তি ধৰ্ম্ম নষ্ট কৰা নাহি আৰ॥
কোন দেৱ অসি আছস মোৰ স্থানে।
মই শাপ দিয়া ভস্ম কৰে। এতিক্ষণে॥
কোপ দেখি শান্তিৰ মনত শঙ্কা কৰি।
আগ বাঢ়ি বােলে বিষ্ণু শুনিয়ে সুন্দৰী॥
মই বিষ্ণু আসে। দেৱ কাৰ্যক সাধিতে।
এতেকে সকলো কথা কহিলো তোমাতে॥
তােৰ স্বামী শঙ্খাসুৰ পাপী দুৰাচাৰ।
জিনিলেক সবে দেৱ সকলে সংসাৰ॥
কতো দিন থাকি যেবে দেৱে যুদ্ধ কৰে।
তোৰ তেজে অৰক জিতি নপাৰে॥
দেৱসে পঠাইলা মােক যুক্তি কৰিবাৰ।
তোৰ শান্তি নষ্ট হৈলে শঙ্খ যাই মাৰ॥