পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

(৩)

কুম্ভ নিকুম্ভ আদি যতেক অসুৰ।
পূৰ্ব্বত যে নাৰায়ণে দর্প কৈল চুৰ॥
এবে আসি জন্ম ভৈল দুষ্ট দুৰাচাৰ।
সৃষ্টি মানে নষ্ট কৰে সকলো সংসাৰ॥
ব্ৰক্ষা বােলে ইন্দ্র তুমি স্থিৰ কৰা মতি।
দেৱগণ সমে ব্ৰক্ষা কৰিয়া যুগুতি॥
ধ্যান কৰি ব্ৰহ্মা দেৱ বুলিলা বচন।
বিষ্ণুসে পাৰিবে দুষ্ট কৰিবাক ছন্ন॥
সবে মিলি যাওঁ শীঘ্ৰে ঈশ্বৰৰ স্থানে।
অসুৰৰ যত কথা কহোঁ বিদ্যমানে॥
এহি বুলি ইন্দ্র সমে কৰিযা যুগুতি।
সবে দেৱ সমে ব্রহ্মা চলিলা তহিতি॥
অনন্ত শয্যাত বিষ্ণু আচন্ত শয়নে।
ব্রহ্মা আদি দেৱ সমে নমিলা চৰণে॥
বিষ্ণুক দেখিয়া সবে আনন্দিত ভৈলা।
স্থানে স্থানে দেৱগণ স্তুতি আৰম্ভিলা॥
জানু পাৰি শয়নতে দেৱে স্তুতি কৰে।
ভক্তি ভাৱে স্তুতি কৰে যমৰ কুমাৰে॥
ত্রিদশ দেৱত পৰি স্তুতি কৰে সুখে।
উচ্চৈস্বৰে স্তুতি কৰে ব্ৰহ্মা চাৰি মুখে॥