সমললৈ যাওক

পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৮)

পৰম পৱিত্ৰ সিতো তুলসীৰ দলে।
দেখিয়া তুলসী পূজা কৰিল সকলে॥
সেহি হেতু তুলসী ৰহিলা সিতো স্থানে।
পুজাৰ উত্তম বস্তু বোলে সৰ্ব্ব জনে॥
তুলসী দেখিয়া সৰ্ব্ব দেৱ গৈল খৰ।
এহি জানি তুলসীক লৈলন্ত শঙ্কৰ ॥
গঙ্গা সমে তুলসী ৰহিলা এক স্থান।
ক্ৰোধে গঙ্গা দেবী ভৈল অগনি সমান॥
গঙ্গা বোলে আছ কোন জটাৰ উপৰ।
তুলসী বোলয় মই তোত হন্তে বৰ॥
তুলসী বোলয় গঙ্গা নোবোলা বচন।
তুমি আমি ছলি যাওঁ ব্ৰহ্মাৰ ভুবন॥
ব্ৰহ্মা যাক বৰ বোলে সেই বৰ হুইবে।
তোৰ মোৰ কোন শ্ৰেষ্ঠ তেবে বুজা যাইবে
দুই হন্তৰ দ্বন্দ শুনি মাতন্ত শঙ্কৰ।
তোমাসাক লৈয়া যাইবো ব্ৰহ্মাৰ গোচৰ॥
এই কথা বুলি শিৱে সাজি তেতিক্ষণে।
বৃষভত চড়ি গৈলা ব্ৰহ্মাৰ ভুবণে॥
দেখি ব্ৰহ্মা সিংহাসন মহেশক দিলা।
কন্দল বৃতান্ত কথা সমস্তে কহিলা॥