পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
(২)

সেই হৰিকেসে সেৱা কৰে নানা মত ।
তুলসীকে সেৱে যিতো হৰি তুষ্ট তাত ॥
শুনিয়োক সৰ্ব্বলোক কথা অদ্ভুত ।
পদ্ম পুৰাণত আছে তুলসীৰ তত্ব ॥
গুৰু বৈষ্ণৱৰ পদে কৰো নমস্কাৰ ।
তুলসী চৰিত্ৰ পদ কৰিবো প্ৰচাৰ ॥
যেন মতে তুলসী আসিলা পৃথিবীক ।
তাৰ কথা কিছু কহোঁ শুনা নৰ লোক॥
পূৰ্ব্ব জন্মে তুলসী আছিলা বৃন্দা সতী।
শঙ্খ নামে অসুৰ ভৈলা তান পতি ॥
হৈয়া মহা বলৱন্ত বিক্ৰম সাগৰ ।
জিনিলেক সৰ্ব্ব দেৱ ইন্দ্ৰৰ নগৰ ॥
তাৰ ডৰে সৰ্ব্ব দেৱ কম্পমান ভৈলা ।
একেশ্বৰে সবে ৰাজ্য পৃথিবীক লৈলা ॥
দেৱগণ সমে ইন্দ্ৰ উপায় চিন্তিলা ।
ব্ৰহ্মাৰ আগত গৈয়া সবেজান দিলা ॥
বিষ্ণুক কৰিলা স্তুতি ব্ৰহ্মাৰ বচনে ।
সৃষ্টি নষ্ট কৰে দৈত্য নৰাখাক মনে ॥
অসুৰে কৰয় নষ্ট সকলো সংসাৰ ।
চিত্ত দিয়া কেনে তুমি নকৰা বিচাৰ ॥