পৃষ্ঠা:তুলসী চৰিত্ৰ.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২০)

পদ।

ব্ৰহ্মা বোলে গঙ্গা তুমি জিজ্ঞাষ কৰিবা।
বিষ্ণু সম তুলসীক স্বৰূপ জানিবা॥
ব্ৰহ্মা বিষ্ণু মহেশ থাকয় যাৰ তলে।
যাৰ জল পানে জীৱ তৰয় সকলে॥
হোম যজ্ঞ পূজা তপ আছে যত মান।
এক পত্ৰ তুৰীৰ নুহিকে সমান॥
লক্ষ্য গাভী দান কৈলে যিবা ফল পাই।
এক পত্ৰ তুলসীত হোৱে সমুদাই॥
তুলসী দানত তুট হোৱে নাৰায়ণ।
কোননো দুৰ্ল্লভ আছে হৰি সুপ্ৰসন্নে॥
কলি যুগে তুলনী সেৱন হৰিনাম।
হৰিৰ তুলসী প্ৰিয় ভৈলা পূৰ্ব কাম॥
তুলসী সেৱাত সৰ্ব্ব ধৰ্ম্ম ফল পাই।
পাপত মুকুত হুয়া স্বৰ্গে চলি যাই॥
ব্ৰহ্মা কহে তুলসীৰ মহিমা গঙ্গাত।
হৰি বাক্যে জন্মি আছে শিৱৰ মাথাত॥
তুলসীক যি জনে বাৰেক অৰ্চ্চা কৰে।
সিজন স্বৰ্গত থাকে যমো নাহে ডৰে॥