গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী

ৱিকিউৎসৰ পৰা
(গীৰ্জাসংগীত আৰু ৰাতিৰ প্ৰহৰীৰ পৰা পুনঃনিৰ্দেশিত)
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[ i ]

[ ii ]

গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী

অ’ হেনৰী



অনুবাদ : প্ৰদীপ চৌধুৰী

[ iii ] GIRZA SANGEET ARU RATIR PRAHARI : A translation of few stories of the famous American short story writer O' Henry into Assamese by Pradip Chaudhury.


প্ৰথম প্ৰকাশ :

জানুৱাৰী ২০০২



প্ৰকাশিকা:

মিনা ৰায়চৌধুৰী, ‘মিহিৰ প্ৰকাশ’ৰ হৈ,

সৰ্ব্বোদয় নগৰ, গুৱাহাটী-২১


সৰ্ব্বস্বত্ব প্ৰকাশিকাৰ দ্বাৰা সংৰক্ষিত

বেটুপাতৰ শিল্পী:

লভিতা চৌধুৰী


মুদ্ৰন :

চিত্ৰবন প্ৰিন্টাৰ্চ

ৰাধাগোবিন্দ বৰুৱা পথ

গুৱাহাটী-৭৮১০০৩

বেচ : ৫০ টকা মাত্ৰ

[ iv ]

উৎসৰ্গা


যিজনৰ পৰা ইংৰাজী ভাষা শিকিছিলো
সেই চিৰপূজ্য পিতৃদেৱতা
স্বৰ্গীয় অম্বিকা চৰণ চৌধুৰীৰ
নামত উৎসৰ্গিত।

[ v ]

আগকথা

 অনুবাদ সাহিত্যই অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰিছে। বিশ্ববিখ্যাত আমেৰিকান গল্পকাৰ অ’ হেনৰীৰ গল্প ইতিমধ্যে অসমীয়াত প্ৰকাশ হৈছে! কিন্তু এটা সংবেদনশীল মনেৰে এই অনুবাদমূলক ভাবৰ অধিকাৰী হ’ব খোজাতো লেখকৰ এক অনন্য অভিৰুচি।

 বহু ক্ষেত্ৰত অ’ হেনৰীৰ গল্প অনাবশ্যক ভাবে দীঘলীয়া আৰু একেটা কথাকেই পুনঃ পুনঃ ভাবে উল্লেখিত। কিন্তু হাস্যৰস আৰু মানৱীয় অনুভূতিৰ দিশৰ পৰা অ’হেনৰীয়ে সাহিত্য এক বিশেষ স্থান অধিকাৰ কৰিছে। এই পুথিখনত আমনি লগা কথাখিনি বাদ দি যিমানদূৰ পাৰি ৰসাল কথাখিনি ডাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে। লেখকৰ এই প্ৰচেষ্টাই অসমীয়া জাতিৰ সাহিত্যৰ ভৰাল কিছু পৰিমানে হ’লেও গৌৰৱান্বিত কৰিব।


পাণবজাৰ, গুৱাহাটী

শ্ৰীদীপালী ৰাজমেধী

[ vi ]
 

কৃতজ্ঞতা


পল্লব বৰুৱা, মিনা ৰায়চৌধুৰী, দীপালী ৰাজমেধি,
নিৰু চৌধুৰী, লভিতা চৌধুৰী, প্লাবিতা চৌধুৰী,
প্ৰণৱ কুমাৰ চৌধুৰী আৰু চিত্ৰবন প্ৰিন্টাৰ্চ।

 

[ vii ]

সূচীপত্ৰ

১।   অঘাইটং জিম/ আৰু প্ৰেমিকা এনামেল
(A Retrieved Reformation)
 
২।   গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী
(The Cop and The Anthem)
 
৩।   শেষ পাতখিলা
(The Last Leaf )
  ১৬
৪।   ধন্যবাদ জ্ঞাপন দিৱসৰ দিনা
(Two thanks giving day gentlemen)
  ২১
৫।   বৰদিনৰ উপহাৰ
(The Gift of the Magi)
  ২৩

[  ]

অঘাইটং জিম্ আৰু প্ৰেমিকা এনামেল


 বন্দীশালত জিম্ ভেলেন্টাইনৰ কোঠাৰ দুৱাৰ খোল খালে! আৰক্ষী এজন আহি জনালে যে দাৰোগা বাবুয়ে তাক মাতিছে। বাহিৰৰ কাৰ্য্যালয়ত জেল দাৰোগাই তাক কাগজ এখিলা দিলে! সেইখন ক্ষমাপত্ৰ। পিচদিনা তাৰ মুক্তিৰ দিন। কিন্তু জিমক বৰ আনন্দিত দেখা নগ’ল। দীঘলীয়া জেল জীৱনে তাক অভ্যস্ত কৰি তুলিছিল।

 পিচদিনা কাৰ্য্যালয়ত কৰ্মচাৰী এজনে তাক এটা ৰেলৰ টিকট আৰু পাঁচ ডলাৰৰ বিল এখন দিলে। এই পাঁচ ডলাৰেৰে জীৱিকাৰ সৎ উপায় এটা উলিয়াই সি ভাল মানুহ হওক। দাৰোগা বাবুয়ে সহানুভূতিৰে তাক এটা চুৰট যাচিলে আৰু যা যা বুলি পিঠিত চপৰিয়াই বিদায় দিলে। চৰকাৰৰ ক্ষমাপ্ৰাপ্ত সকলৰ নামৰ তালিকাত জিম ভেলেন্টাইনৰ নামো ভৰ্ত্তি হ’ল, নম্বৰ হ’লগৈ ৯৭৬২ আৰু বিখ্যাত স্প্ৰিংফিল্ড চুৰি ঘটনাৰ নায়ক শ্ৰীমান ভেলেন্টাইনে মুকলি ৰ’দলৈ খোজ পেলালে।

 চৰাইৰ সুললিত মাত, বতাহত নচা সেউজী গছৰ পাত আৰু ফুলৰ সৌৰভ আওকান কৰি জিম ৰেষ্টুৰেণ্ট এখনৰ পিনে আগুৱাই গ’ল। তাৰ ভোক লাগিছিল। এটা সিদ্ধ মূৰ্গী, এবটল চুলাই মদ আৰু জেল দাৰোগাই যচাটোতকৈ অলপ ভাল মাৰ্কাৰ চূৰট এটা মূখত সি মুক্তিৰ মিঠা আমেজ উপভোগ কৰিলে। এইবাৰ অলপ আৰামী খোজেৰে ৰেল ষ্টেচনৰ পিনে খোজ দিলে আৰু ৰেল নহালৈকে তাৰ স্বভাৱ সুলভ উৎপতীয়া ষ্ফুৰ্তিৰে ষ্টেচনত কটালে। তিনি ঘন্টাৰ ভিতৰতে ৰেলত উঠি সি আন এখন চহৰত উপস্থিত হ’ল। ষ্টেচনৰ ওচৰতে তাৰ বন্ধু মাইকৰ দোকান। জিম অহা দেখি মাইক বৰ আনন্দিত হ’ল। জিমৰ যাতে শাস্তি নহয় তাৰ বাবে সিহঁতে স্প্ৰিংফিল্ডৰ পৰা আপ্ৰান চেষ্টা চলাইছিল কিন্তু কোনোপধ্যে কৃতকাৰ্য্য হব নোৱাৰিলে।

 হৈ যোৱা কথাত মূৰ নঘমাই জিমে মাইকৰ হাতৰ পৰা চাবিপাত লৈ ওপৰ মহলালৈ উঠি গ’ল আৰু একেবাৰে পিচফালে থকা তাৰ কোঠাৰ তলা খুলি সোমাই গ’ল। সি লক্ষ্য কৰিলে এৰি যোৱা সময়ত বস্তুবোৰ যেনেকৈ আছিল থিক তেনেকৈয়ে আছে। অলপো লৰচৰ হোৱা নাই। আনকি জিমক ধৰিবলৈ লোৱা সময়ত জোটপোট লাগোতে প্ৰখ্যাত চোৰাংচোৱা বেন প্ৰাইচৰ চোলাৰ ডিঙিৰ বুতামটো পৰ্যন্ত তাত পৰি আছিল।

 বেৰত আওজাই থোৱা ফল্ডিং খাটখন আতৰাই জিমে বেৰৰ ভিতৰত লুকাই [  ] থকা সৰু খোটালী এটাৰ পৰা চুটকেচ এটা উলিয়ালে। চুটকেচটো খুলি তাৰ ভিতৰত থকা চন্দুক ভঙা সা-সৰঞ্জামবোৰ উলিয়ালে। এইবোৰ প্ৰাচ্য দেশৰ নতুন আমদানী আৰু বিভিন্ন ধৰণৰ ধাতুৰে বনোৱা। নতুন ডিজাইনৰ এই চেটটোৰ দামো বুজন সংখ্যাৰেই হ’ব।

 ৰাস্তাৰ এটা মেৰত তাৰ গাৰ কাষেদি এজনী ধুনীয়া ছোৱালী পাৰ হৈ গ’ল। আৰু এলিমোৰ বেঙ্ক বুলি লিখা এখন চাইনবোৰ্ডৰ তলৰ দুৱাৰত ভৰি দিলে। জিম তাইৰ কাষ চাপি আহিল। তাৰ বুকুত অলপ লহৰ খেলি গ’ল। তাইও জিমৰ পিনে কেৰাহীকৈ চালে। এক মাদকতা অনুভৱ কৰিলে সি। এলিমোৰ চহৰত জিমৰ চেহেৰা আৰু চালচলনৰ ডেকা নাই বুলিলেই হয়।

 নিজৰ যেন এই বেঙ্কত অংশহে আছে এই ভঙ্গীৰে জিমে চিৰিয়েদি উঠি যাব খোজা ল’ৰা এটাক ৰখালে আৰু মাজে মাজে দুটা এটা খুচুৰা পইচা যাচি এলিমোৰ বেঙ্কটোৰ বিষয়ে পুংখানুপুখৰূপে সুধি গ’ল। ইতিমধ্যে ছোৱালীজনী ওলাই আহিল। এনে ভঙ্গী দেখুৱালে যেন তাই জিমৰ উপস্থিতি গমেই পোৱা নাছিল। মনৰ দুৰ্ব্বলতা প্ৰকাশ নকৰা নাৰী চৰিত্ৰৰ এক অদ্ভুত দিশ। তাই ওলাই ৰাস্তা পালেগৈ।

 “এইজনী মিচ, পলি চিম্পচন নহয়নে?” ছোৱালীজনী কোন জানিবৰ কাৰণে জিমে লৰাটোক সুধিলে।

 “নহয়,” লৰাটোৱে উত্তৰ দিলে, “তেখেত মিচ্ এনাবেল আডামচ। তেখেতৰ দেউতাকেই এই বেঙ্কৰ মালিক। আপুনিনো এলমোৰলৈ কি কৰিবলৈ আহিল? বোধকৰো ঘড়ীৰ কাৰণে সোনৰ চেইন কিনিব। অ’ মই এটা ভাল জাতৰ কুকুৰ কিনিব খুজিছো। খুচুৰা পইচা আছে যদি দি থৈ য’ক চোন আৰু কেইটামান”।

 বেঙ্ক এৰি জিম্ প্লেন্টাৰ্চ হোটেল নামৰ হোটেল এখনলৈ গ’ল আৰু নিজকে ৱালফ ডি স্পেনচাৰ বুলি নাম ভৰ্ত্তি কৰি কোঠালী এটা বন্দোৱস্ত কৰিলে। হোটেলৰ কেৰানীজনক এলমোৰলৈ অহাৰ উদ্দেশ্য ক’লে যে ব্যৱসায়ৰ কাৰণে ইয়াত ভাল ঠাই এটুকুৰা বিচাৰিছে। ইতিমধ্যে জোতাৰ ব্যৱসায়ৰ কথা ভাবিছেই, কেৱল সুবিধা এটা পালেই হ’ল। জিমৰ পোছাক পিন্ধা ধৰণ আৰু কথাবতৰা কোৱা ভঙ্গীয়ে কেৰানীজনক বেচ আকৃষ্ট কৰিছিল। তেৱোঁ কেনেকৈ চকুত লগা ডেকা এজন হ’ব পাৰে মনতে পাঙি আছিল। জিমক তেওঁ প্ৰয়োজনীয় খবৰ উজাৰি জনালে। এই চহৰত কোনো এখন অকল জোতাৰ দোকান নাই। ষ্টেচনাৰী আৰু অন্য সামগ্ৰী বিক্ৰী কৰা দোকানবোৰেই জোতাৰ যোগান ধৰে। গতিকে জোতাৰ ব্যৱসায়েই ইয়াত ভাল চলিব। ইয়াৰ মানুহখিনিৰ ব্যৱহাৰ পাতিও ভাল, তেওঁলোকৰ লগত মিলামিছা কৰাতো একো অসুবিধা নহয়। স্পেনচাৰ ডাঙৰীয়াই ভাবিলে তেওঁ কিছুদিন চহৰখনত থাকি পৰিস্থিতি [  ] কোনফালে ঢাল খায় তাকে চোৱা ভাল হ’ব। চুটকেছটো ডাঙি লৈ তেওঁ নিজৰ কোঠাত সোমাল। তেওঁৰ ভাগৰো লাগিছিল। বিচনাত হেলান দি পৰি তেওঁ এতিয়া যি ভাবত মগ্ন হ’ল, সেই ভাব আন একো নহয় মিচ এনাবেলৰ প্ৰতি উদ্ভৱ হোৱা তেওঁৰ প্ৰেমৰ অনুৰাগ। তেওঁ যেন এতিয়া পুনঃ পুনঃ ভাবে হঠাৎ অনুভূত হোৱা এক প্ৰেমৰ শিখাৰ জুইত পৰি নিঃশেষ হ’ব খোজা এটি ফিনিক্স পখী।

 আধাঘণ্টা পাচত জিম তললৈ নামিল আৰু দোকানৰ মাজেৰে ওলাই আহিল। তাৰ পোচাকযোৰ এতিয়া চকুত লগা আৰু হাতত আধা ধুলি লগা আধা পৰিস্কাৰ চুটকেচটো।

 “ক’লৈ যোৱানো?”, মাইকে অলপ আহ্লাদেৰে সুধিলে।

 “কি কথা সোধাহে?”, জিম অলপ আচৰিত হল, “হাত লকলকায়ে আছে, ৰ’ব মন নাই, এইবাৰ নিউচৰ্ট স্কপ বিস্কুটৰ দোকান আৰু ফ্ৰিজেল্ড ঘেহু কোম্পানীৰ এজেন্ট। এজেন্ট যেন লগা হৈছেনে বাৰু?”

 কথাষাৰে মাইকক এনে আনন্দ দিলে যে জিমে সেই মুহুৰ্ত্ততে মাইকে যচা চেলজাৰ আৰু গাখীৰ খাবলৈ পালে। তাৰ জিভাত এনে বস্তু আগেয়ে পৰা নাছিল।

 হাজোতৰ পৰা জিমক এৰি দিয়াৰ এসপ্তাহ পিচতেই ইণ্ডিয়ানাৰ ৰিচমণ্ডত কোনোবাই চন্দুক এটা ভাঙি আঠশ ডলাৰ লুটি লৈ গ’ল। ইয়াৰ দুসপ্তাহ পিচত ল’গান স্পোৰ্টত এটা উন্নত ধৰণৰ চোৰে সহজে লৰাব নোৱাৰা চন্দুক এটাৰ সঁচাৰ লগোৱা সাফৰখনো কোনোবাই দৈৰ চামনি গুচোৱাৰ দৰে ভাঙি পেলালে আৰু পোন্ধৰশ ডলাৰ উঠাই লৈ গ’ল। পুলিচ, চোৰাং চোৱাৰ কাৰণে ঘটনাটো অলপ চিন্তাৰ বিষয় হ’ল। ইয়াৰ কেইদিনমান পিচত আকৌ জেফাৰ্চন চহৰত চন্দুক এটাৰ দুৱাৰ খোল খাই গ’ল আৰু প্ৰায় পাচহেজাৰ ডলাৰৰ বেঙ্ক নোট নাইকিয়া হ’ল! এই আটাইবোৰ ঘটনা সংক্ৰান্তত চোৰ হোৱা ধনৰ পৰিমাণটো দলিয়াই পেলাব লগীয়া হৈ নাথাকিল আৰু স্বাভাবিকতে বেন্ প্ৰাইচেৰ নিচিনা সুদক্ষ চোৰাংচোৱাৰ অনুসন্ধানৰ বিষয় হৈ পৰিল। লুট হোৱা ঠাই বিলাক বেন্ প্ৰাইচে অনুসন্ধান কৰি গম পালে যে এইবিলাক চতুৰ জিম ভেলেন্টাইনৰ পাকৈত হাতৰ নমুনা। এঠাইত এটা আলমাৰীৰ তলা লগোৱা দুৱাৰখন মূলা উভালাদি উভালিছে! আন এঠাইত আকৌ আলমাৰীৰ আইনা কিছুমানত সৰু সৰুকৈ ফুটা কৰিছে। জিমৰ হাততেই সাধাৰণতে এইবোৰ কৰা হাতিয়াৰ থাকে।

 আৰু এট সিদ্ধান্তত বেন প্ৰাইচ উপনীত হ’ল যে জিম এতিয়া চুৰি হোৱা এলেকাত নাই। জিমৰ অভ্যাস বিলাক তেওঁৰ অবিদিত নহয়। সাধাৰণতে জিময়ে কাম সমাধা কৰি ততাতয়াকৈ উধাও হৈ ভাল মানুহৰ মাজত গা ঢাকি ফুৰে। এতিয়া নিশ্চয় সি দূৰলৈ গুচি গৈছে। সচাকৈয়ে আৰ্কান প্ৰদেশৰ এলিমোৰ যে কিমান দূৰৈৰ ... [  ]  এদিন জিম এলমোৰৰ এঠাইত বাগী এখনৰ পৰা নামিল। জিম যেন থিক কলেজৰ পৰা পঢ়া শেষ কৰি ঘৰলৈ ঘুৰি অহা এজন তজবজীয়া খেলুৱৈহে। হোটেল এখন বিচাৰি সি আগুৱাই আহিল।

 এলিমোৰ চহৰত জিম ভেলেন্টাইনৰ উন্নতি হৈছে। কিন্তু তেওঁ এতিয়া জিম ভেলেন্টাইন নামৰ সেই হাতলৰ স্বভাৱৰ মানুহটো নহয়। ৰালফ, ডি ষ্পেনচাৰ নামৰ এজন ভদ্ৰলোকহে। তেওঁৰ ব্যৱসায়ো সুন্দৰ চলিছে। বহুতো মানুহৰ লগত সদ্ভাৱ স্থাপন হৈছে। মিচ এনাবেলৰ সৈতে মিলামিচাও অবাধ গতিৰে বাঢ়িবলৈ ধৰিছে! এলিমোৰ বেঙ্কৰ মালিক মিঃ আডম সহজ সৰল মানুহ। ডাঙৰীয়াৰো স্পেনচাৰক পচন্দ হ’ল। মিঃ আদামচ্ আৰু এনাবেলৰ বিবাহিতা বায়েকৰ পৰিয়ালত স্পেনচাৰৰ আহযাহ আৰু আদৰ ইমান বাঢ়িল যে তেওঁ পৰিয়ালৰে এজন যেন হ’ল। তেওঁৰ সন্মুখত এতিয়া জীৱনৰ নতুন ৰং, কৰ্মোদ্দীপনা সীমাহীন আনন্দ আৰু হাঁহি-অশ্ৰুৰ মধুৰ আবেগ।

 এদিন জিমে হোটেলৰ নিজৰ কোঠাত বহি আবেগৰ মুহূৰ্ত্ত এটাত চেইন্ট লুইত থকা তাৰ পুৰণি বন্ধু এজনলৈ এখন চিঠি লিখিলে! বন্ধু জনেও নাম সলাই জিমৰ নিচিনা চাতুৰী কৰি বহি আছিল। গতিকে ঠিক তেওঁ পোৱা নাম আৰু ঠিকনাৰে লিখিবলগীয়া হ’ল।

 মৰমৰ পল,

 অহা বুধবাৰে ৰাতি ন বজাত লিট্‌ল ৰক টাউনৰ চুলিবিয়ান প্লেচত লগ ধৰিবা বুলি আশা কৰিলো। মোৰ কাৰণে তুমি কিছুমান পুৰণি বস্তুৰ চিন নাইকিয়া কৰি দিব লাগে। আৰু মই তোমাক মোৰ হাতিয়াৰখিনি উপহাৰ দিব খুজিছো। তুমি নিশ্চয় সেইখিনি পাই আনন্দিত হ’ব। এহেজাৰ ডলাৰ দিও তুমি তেনে বস্তু হয়তো নেপাবা। বিলি, সচাকৈয়ে এবছৰ হ’ল, মই আগৰ কামবোৰ বাদ দিছো। মই এতিয়া এখন ভাল দোকান খুলিছো। মই সৎ মানুহৰ জীৱন লৈছো আৰু দুসপ্তাহ পিচতেই পৃথিৱীৰ আটাইতকৈ ধুনীয়া ছোৱালীজনী বিয়া কৰাবলৈ ওলাইছো। এয়েই প্ৰকৃত জীৱন বিলি— জীৱনৰ পোন বাট। এতিয়া মোক কোনোবাই লাখ লাখ ডলাৰ দিলেও মই কাৰো টকা এটাও চুৰ নকৰো। বিয়াৰ পিচত দোকানখন মই বিক্ৰী কৰি দিম আৰু দূৰলৈ গুচি যাম য’ত আগৰ উদ্ভণ্ডালিৰ বাবে পুলিচে আমনি কৰাৰ আশংকা নাই। সঁচাই বিলি, তাই সাইলাখ পৰী। তাই মোক অত্যন্ত বিশ্বাস কৰে। গোটেই পৃথিৱীখন মোক কোনোবাই দিলেও মই আৰু কুকৰ্ম্ম কৰিব নোৱাৰিম। চুলিবিয়ান প্লেচত নিশ্চয়, লগ ধৰিবা। মই তোমাক লগ পাবই লাগিব। লগত মই মোৰ হাতিয়াৰখিনি লৈ যাম।

 তোমাৰ পুৰণি বন্ধু

 জিম [  ]  চিঠিখন লিখাৰ পিচৰ সোমবাৰৰ দিনাখনেই বেন প্ৰাইচ কিবা শুংসূত্ৰ লৈ এলিমোৰ চহৰ পালেহি। পাতপিতকৈ অনুসন্ধান কৰি বেন প্ৰাইচে গম পালে যে যাৰ পমখেদি তেওঁ ইমান দিনে ঘুৰি ফুৰিছে সেই মানুহটো এতিয়া জিম ভেলেন্টাইন হৈ থকা নাই, ৰালফ্ ডি ষ্পেনাচৰ নাম লৈ এই চহৰতে জোতাৰ দোকান খুলি বহি আছে। এখন ঔষধৰ দোকানৰ পৰা হঠাৎ ৰাস্তাৰ সিপাৰে থকা জোতাৰ দোকান এখনত বহি থকা স্পেনচাৰক বেন প্ৰাইচৰ চকুত পৰিল। তীক্ষ দৃষ্টি আৰু মুখত আবিষ্কাৰৰ বুদ্ধি দীপ্ত হাঁহি লৈ বেন প্ৰাইচে মনতে ভাবিলে, ‘বেঙ্কৰ মহাজনৰ জীয়েকক বিয়া কৰাবলৈ ওলাইছ, নহয়নে জিম? আৰু মই একো নজনাকৈ আছো বুলি ভাবিছ।

 পিচদিনা ৰাতিপুৱা জিমে আডামচ পৰিয়ালতেই চাহ জলপান খালে। সেইদিনা সি বিয়াৰ কাপোৰ যোৰ আৰু এনাবেলৰ বাবে সুন্দৰ বস্তু দুই এপদ কিনিবৰ বাবে লিটল ৰ’কলৈ যোৱা কথা। এলিমোৰৰ পৰা এইবাৰেই সি প্ৰথম বাহিৰলৈ যাব। ইতিমধ্যে সি পুৰাপুৰি ভদ্ৰলোক হৈ গৈছে। বাহিৰ ওলাবলৈ মনে সংকোচ নকৰে।

 চাহ জলপান খোৱাৰ পাছত আডামচ্ ডাঙৰীয়া, এনাবেল, জিম, এনাবেলৰ বিবাহিতা বায়েক আৰু তেখেতৰ পাচ আৰু ন বছৰীয়া ছোৱালী দুজনী মুঠতে গোটেই পৰিয়ালটো লিটল ৰ’কলৈ ৰাওনা হ’ল। জিম থকা হোটেলখনৰ কাৰত তেওঁলোক ৰ’ল আৰু জিমে তৎক্ষণাত তাৰ কোঠালৈ গৈ চুটকেচটো লৈ আহিল। ইয়াৰ পিচত তেওঁলোক বেঙ্কলৈ গ’ল। জিমিৰ ঘোৰা আৰু বাগীখন লৈ সিহঁতক ৰেলষ্টেচনলৈ লৈ যাবৰ কাৰণে ডলফ্ গিবান আগৰ পৰা বেঙ্কৰ সমুখত সাজু হৈ আছিল।

 ওক কাঠৰ ৰেলিঙৰ মাজেৰে আটাইবোৰ বেঙ্কৰ মুখ্য কোঠাটোলৈ সোমাই গ’ল। জিমৰো তালৈ প্ৰৱেশ ঘটিল। আডামচ্ ডাঙৰীয়াৰ ভাবী জোঁৱাইৰ এতিয়া সকলো ঠাইলৈ অবাধ গতি। বেঙ্কৰ কৰ্ম্মচাৰী কেইজনেও এনাবেল প্ৰনয় প্ৰাৰ্থীক বেচ সন্মান দেখুৱালে। জিমে চুটকেচটো নমালে। এনাবেলৰ মুখত এক যৌৱনোচিত দীপ্তি। তাইৰ মন ৰঙতে নাচি আছিল। তাই জিমৰ টুপীটো পিন্ধিলে আৰু চুটকেচটো ভাঙি লৈ ক’লে, “এইটোচোন ঢোল বজাবৰ বাবে বঢ়িয়া। আও এইটো ইমান গধুৰ। যেন সোণৰ চটাৰেহে ভৰি আছে!

 জিমৰ কাৰণে এইটো এটা সংকটপূৰ্ণ মূহুৰ্ত্ত। মনটো অলপ কোচখাই গৈছিল যদিও অভিজ্ঞ অভিনেতাৰ দৰে অলপো পলম নকৰি সি উত্তৰ দিলে, ’তাত জোতাত লগোৱা নিকেল প্লেটৰ ডাঙৰ গজাল ঠাহ খাই আছে। মই সেইবোৰ ওভোটাই দিবলৈ আনিছো। ভাবিলো পঠিয়াই দিয়া ডাকখৰচখিনি বচাম! মই, জানা আজিকালি আচৰিত ধৰণে মিতব্যয়ী হৈ পৰিছো। ’

 এলিমোৰ বেঙ্কত অলপতে এটা নতুন ধৰণৰ আলমাৰী আৰু লগতে এটা চন্দুক [  ] অনা হৈছিল। অদামচ ডাঙৰীয়াৰ কাৰণে এইটো এটা গৌৰৱৰে বস্তু হৈছিল আৰু মানুহ পালেই আনি দেখুৱাইছিল। চন্দুকটো সৰু আছিল যদিও তাৰ দুৱাৰখন বন্ধ কৰাৰ কৌশল নতুন ধৰণৰ আছিল। তিনিটা ষ্টিলৰ স্ক্ৰু লগাইহে দুৱাৰখন বন্ধ কৰিব পাৰি আৰু চন্দুকটোৰ এটা সময় চালিত সঁচাৰ আছিল। আডামচ্ ডাঙীয়াই চন্দুকটো কেনেকৈ ব্যৱহাৰ কৰা হয় ষ্পেনচাৰক বুজাই আছিল স্পেনচাৰে কথাবোৰ শান্তভাৱে শুনি গৈছিল! কিন্তু বিশেষ আগ্ৰহৰ ভাৱ দেখুৱা নাছিল। মে’ আৰু আগাথা নামৰ সৰু ছোৱালীদুজনীয়ে জিলিকি থকা নতুন চন্দুকটো সময়চালিত সঁচাৰ আৰু সঁচাৰ লগোৱা সাফৰখন দেখি বৰ ৰং পাইছিল।

 তেওঁলোক ভিতৰত ব্যস্ত হৈ থাকোতে বেন প্ৰাইচ কৰবাৰ পৰা সোমাই আহি আৰু কান্ধত ভেজা দি বেৰত আওজি থিয় হৈ থাকিল আৰু মাজে মাজে ৰেলিঙৰ মাজেৰে ভিতৰৰ কোঠালৈ ভুমুকি মাৰিবলৈ ধৰিলে। বেঙ্কৰ কোনোবা এজনে কিবা লাগে নেকি সোধাত তেওঁ কলে যে তেওঁক একো নেলাগে, তেওঁৰ এজন চিনাকী মানুহৰ কাৰণেহে তাত ৰৈ আছে। মুঠতে এক নাটকীয় পৰিৱেশ। তিৰোতা মানুহখিনিৰ মাজত হঠাৎ চিঞৰ বাখৰ হ’ল আৰু খন্তেকতে হুৱাদুৱা লাগি পৰিল। ডাঙৰ কেইগৰাকীয়ে মন কৰা নাছিল। মে’ নামৰ ন বছৰীয়া ছোৱালীজনীয়ে খেলাৰ উৎসাহতে হঠাৎ আগাথা নামৰ ছোৱালীজনীক চন্দুকটোৰ ভিতৰত সুমুৱাই দি বাহিৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলে আৰু স্ক্ৰুবোৰ লগাই দিলে। তাই যেন আডামচ্ ডাঙৰীয়াই চন্দুকটো কেনেকৈ বন্ধ কৰে আগৰ পৰা জানিহে থৈছিল। সময়চালিত সঁচাৰটো ইতিমধো লাগি গ’ল।

 বয়সীয়া মহাজনে জাপমাৰি উঠি চন্দুকটোত হাত লগাবলৈ গ’ল আৰু এক মুহূৰ্ত্তৰ বাবে টনা আজোৰা কৰি থাকিল! দুৱৰখন খুলিব নোৱাৰি তেওঁ কিংকৰ্ত্তব্য বিমুঢ়হৈ ভোৰভোৰোলে,” ঘড়ীটো আৰু জোৰ কৰি ঘূৰাব নোৱাৰি নিৰ্দ্ধাৰিত সময়ৰ আগতেহে ই খোল খাব। আগাথাৰ মাক প্ৰায় মুচকচ গ’ল আৰু চিঞৰিবলৈ ধৰিলে। 'একমুহূৰ্ত্তৰ কাৰণে সকলোৱে মনে মনে থাকাচোন’, কপা হাতখন ডাঙি আদামচ ডাঙৰীয়াই নিৰ্দ্দেশ দিলে আৰু যিমান পাৰে ডাঙৰকৈ মাতিলে, “আগাথা’’! পিচৰ নীৰৱ মুহূৰ্ত্তটোত সকলোৱে অন্ধকাৰ চন্দুকটোৰ ভিতৰত ভয়ত পেপুৱা লগা ছোৱালীজনীৰ দুৰ্ব্বল মাতৰ কৰুণ আৰ্ত্তনাদ শুনিবলৈ পালে! “মোৰ ছোৱালীজনী,” ছোৱালীজনীৰ মাকে হাৱৈ বিয়ৈ কৰি উঠিল, “তাই ভয়তে মৰিব এতিয়া; অস, দুৱাৰখন খোলা কোনোবাই। ভাঙি হলেও খোলা। কোনেও একো কৰিব নোৱাৰানে?”

 “লিটল ৰ’কৰ বাহিৰে ওচৰত এই দুৱাৰখন খুলিব পৰা মানুহ নাই” কপা কপা মাতেৰে আডামচ ডাঙৰীয়াই কলে, “হে ভগবান! স্পেনচাৰ আমি এতিয়া কি কৰো বাৰু? ছোৱালীজনী বেচি সময় তাত তিষ্টিব নোৱাৰিব। তাই বতাহ, নেপাই উশাহ লব [  ] নোৱাৰিব, তদুপৰি ভয়তে পেপুৱা লাগি তাই হাতভৰি আচাৰি ছটফটাই থাকিব। ”

 আগাথাৰ মাকে প্ৰায় বলীয়াৰ দৰে চন্দুকটো ভঙাৰ ব্যৱস্থা কৰিবলৈ ক’লে। এনাবেলে জিমৰ ফালে মুখ ঘুৰালে। তাইৰ চকুতো ভয়ৰ চিন স্পষ্ট, তাৱশ্যে সিমান হতাশ হোৱা নাছিল।

 “তুমি কিবা এটা কৰিব নোৱাৰানে ৰালফ, অকণমান চেষ্টা কৰি চোৱাচোন। ” নিজৰ প্ৰিয়জনে যেন সংসাৰত কৰিব নোৱাৰা কাম একো নাই এই ভাবেৰে তাই জিমক কলে। জিমৰ কাৰণে এতিয়া চৰম পৰীক্ষাৰ সময়। মনৰ এটা দিশত হাতিয়াৰ লৈ মৃত্যুমুখত চন্দুক ভাঙি ফুৰা কালিমা লগা জীৱনৰ পাহৰনি আৰু আনটো দিশত একেই জীৱন এটা বচোৱাৰ ক্ষীপ্ৰ অনুভূতি। মনৰ দোদুল্যমান অৱস্থা চেপি ৰাখি সি কলে “এনাবেল, তুমি বুকুত পিন্ধি থকা গোলাপ পাহ মোক দিয়াচোন। ”

 কথাষাৰ অৰ্থ এনাবেলে একো ধৰিব নোৱাৰিলে, তথাপিও তাই বুকুৰ কাপোৰৰ পৰা ফুলপাহ গুচাই তাৰ হাতত গুজি দিলে। জিমে ফুলপাহ প্ৰথমতে কোটৰ পকেটত সুমুৱালে আৰু তাৰ পাছত কোটটো সোলোকাই চোলাৰ তলৰ পটিটো টানি ললে। ষ্পেনচাৰৰ ঠাইত এতিয়া জিমি ভেলেন্টাইন মূৰ্ত্ত হৈ উঠিল।

 “আটাইবোৰ দুৱাৰৰ ওচৰৰ পৰা আতৰি আহা”, পলম নকৰাকৈ সি আদেশৰ সুৰত ক’লে।

 চুটকেচটো মেজৰ ওপৰত পেলাই লৈ সি মেলি ললে। সেই মূহুৰ্ত্তৰ পৰাই আন কাৰোবাৰ উপস্থিতি সি পাহৰি গ’ল। চুটকেছৰ পৰা সেই আচৰিত ধৰণৰ সৰঞ্জাম কেইপাত উলিয়ালে। যেন কাৰোবাৰ আদেশৰ বশবৰ্ত্তী হৈ আছে এই ভাবেৰে বাকীবোৰ মানুহ লৰচৰ আৰু সাৰসুৰ নকৰাকৈ থাকিল।

 এক মিনিটৰ ভিতৰতে জিমৰ হাতৰ ড্ৰিল পাতে চন্দুকৰ দুৱাৰখন ফুটা কৰাত লাগি গ’ল। নিজৰ চন্দুকভাঙা ৰেকৰ্ড ভঙ্গ কৰি দুই মিনিটৰ ভিতৰতে স্ক্ৰুবোৰ উভালি সি দুৱাৰখন খুলি পেলালে। আগাথাৰ মৰো মৰো অৱস্থা হৈছিল। অৱশ্যে শাৰীৰিক ভাবে তাই দুখ পোৱা নাছিল। চন্দুকৰ পৰা ওলাই একে জাপে তাই মাকৰ কোলা পালেগৈ।

 আগাথাৰ জীৱন ৰক্ষা পৰিল। কিন্তু জিমৰ কাৰণে সকলে শেষ হৈ গ’ল। তাৰ শুভকাঙ্খী সকল আৰু প্ৰণয়ীৰ আগত অতীতৰ কলঙ্কিত অধ্যায়ৰ ঢাকনি খোল খাই গ’ল।

 কোটটো পিন্ধি জিমে ৰেলিঙৰ মাজেৰে আগফাললৈ ওলাই আহিল। তাৰ অনুমান হ’ল নিচেই ওচৰৰ পৰা ‘ৰালফ্’ বুলি পৰিচিত বুলি এক আবেগ বিহ্বল ধ্বনিয়ে যেন তাক উভতি আহিবলৈ আহ্বান জনাইছে। সি কিন্তু অলপো ৰোৱাৰ প্ৰয়োজন অনুভৱ নকৰিলে। [  ]  দুৱাৰমুখত এজন হৃষ্টপুষ্ট চেহেৰাৰ মানুহৰ সৈতে তাৰ মুখামুখি হ’ল। মানুহজন চিনি পাওঁতে তাৰ অলপো কষ্ট নহ’ল! মুখত উদাস হাঁহি লৈ সি ক’লে, “বেন ডাঙৰীয়া”। মাতত যেন দোষ স্বীকাৰ কৰাৰ গৌৰৱ, “অৱশেষত মোক বিচাৰি পালে, নহয় জানো? পলমকৈ হলেও মই ধৰা পৰিছো। আক্ষেপ নকৰিব!”

 কিন্তু জিমৰ পৰিবৰ্ত্তিত জীৱনে ইতিমধ্যে বেন প্ৰাইচক মুগ্ধ কৰিছিল। মানৱীয়তাৰ অনুভুতিৰে আপ্লুত হৈ ক্ষমাশীলতাৰ উদাৰ মনোভাবেৰে জিমৰ আগত তেওঁ নিজৰ চিনাকী লুকুৱাবলৈ চেষ্টা কৰিলে। “মই ভাবো আপুনি ভুল কৰিছে. স্পেনচাৰ ডাঙৰীয়া। আপোনাৰ সৈতে মোৰ কাহানিবা চিনাকী আছিল বুলি ভাবিবলৈ মই টান পাইছো। মোক আপোনাৰ পথৰ প্ৰতিবন্ধক বুলি নেভাবিব সৌ বাগীখন বাহিৰত আপোনাৰ কাৰণে ৰৈ আছে। ”

 অহা বাটেদি বেন প্ৰাইচ উভটি গ’ল। [  ]

গীৰ্জাসঙ্গীত আৰু ৰাতিৰ প্ৰহৰী


 শীতৰ সন্ধিয়া! শীতৰ এই সন্ধিয়াবোৰ চ’পিৰ কাৰণে বৰ বেদনাদায়ক। বিষন্ন মন এটা লৈ চ’পিয়ে মেডিচন স্কোৱাৰ পাৰ্কৰ বেঞ্চত বহি শীতৰ সন্ধিয়াৰ বিহ্বল মুহুৰ্ত্তবোৰ কটাই দিয়ে! বনৰীয়া হাঁহে এতিয়া হয়তো ডেউকা কোবাই আকাশত ছোঁ মাৰিবলৈ লৈছে। মাত্ৰ অকমান কাপোৰ বুকুত লৈ তিৰোতা মানুহে মৰমৰ উম বিচাৰি গিৰিয়েকৰ কাষ চাপি আহিছে আৰু চ’পিয়ে পাৰ্কৰ বেঞ্চত উদাস মনেৰে আগন্তুক দিনৰ বাস্তবৰ কঠোৰ মুহুৰ্ত্তবোৰৰ কথা কল্পনা কৰি সচকিত হৈ উঠিছে! তাৰ উপাৰ্জন নাই। নাই এটা সংস্থান! বাটৰ ধুলিৰ দৰে দেহাটোক এৰি দি আলি গলি ঘুৰি ফুৰাৰ বাহিৰে আন কাম কি হ’ব! কৰ্ম্মসংস্থান এটাৰ দিহা কৰাৰ বাবে তাৰ উপযুক্ত শিক্ষা দীক্ষাও নহ’ল। কিন্তু অলিগলি ঘুৰি ফুৰাৰ কাৰণে কাপোৰ খিনিৰতো অন্ততঃ যোগাৰ লাগে। গৰমৰ দিন কেইটা যায় যেনেতেনে! কিন্তু শীতৰ দিনকেইটা তাৰ কাৰণে ভয়াবহ। ক’ৰবাৰ পৰা শুকান গছৰ পাত এখিলা চ’পিৰ কোলাত পৰিলহি। এয়া বৰদিনৰ সম্ভাষণ নিশ্চয়। মেডিচন স্কোৱাৰত যি সকলৰ নিয়মীয়া পদাৰ্পন সেইসকললৈ মহৰ্ষি জেক ফ্ৰষ্টৰ বৰ মৰম আৰু বৰদিনৰ পৰ্বত গীৰ্জাবোৰত ধ্বনিত হোৱা গীতে তেখেতৰ শুভাশীষৰ আগলি বতৰা জনায়। চ’পিৰ জীৱনত উচ্চাভিলাষ নথকা নহয়, আছিল। কিন্তু সেই উচ্চাভিলাষ কাঞ্চনজঙ্ঘা সদৃশ সহজে ঢুকি নোপোৱা বিধৰ নাছিল। জাহাজত বহি চ’পিয়ে ভুমধ্য সাগৰৰ স্নিগ্ধ বতাহৰ আমেজ ল’ব খোজা নাছিল বা দক্ষিনৰ আকাশৰ ৰঙ চাই সপোন বিভোৰ হ’ব খোজা নাছিল নতুবা ৰিচুবিয়ান সাগৰৰ সোঁতত মগ্ন হৈ আপোন পাহৰা হ’ব খোজা নাছিল। তাৰ একমাত্ৰ হাবিয়াস আছিল তিনিটা মাহ এটা দ্বীপত সি গৰম বতাহ খাব। তাত তাক বিশেষ একো নেলাগে, খোৱাৰ বাবে দুবেলা দুসাজ, শুবলৈ বিচনা এখন আৰু কথা পতাৰ বাবে দুই চাৰিজন বন্ধু পালেই হ’ল। উত্তৰৰ হাড় কপোৱা ঠাণ্ডা বতাহ বা ঈশ্বৰৰ অদ্ভুত শক্তি প্ৰচাৰ কৰি ফুৰা নতুন যজমানে তাত আমনি নকৰিব। চ’পিৰ কাৰণে অসহ্য এই বক্তৃতা। ই খোৱা পিন্ধাৰ একো সম্ভেদ নিদিয়ে। এই ঠাণ্ডাৰ দিনকেইটাত চ’পিৰ কাপোৰ এখন ল’বলৈকে হাহাকাৰ। কেবাবছৰো ধৰি সি শীতৰ দিন কেইটা ব্লেকৱেল অতিথিশালাতেই কটাই দিছে।

 বেঞ্চৰ পৰা উঠি চ’পিয়ে এচফল্ট সাগৰৰ পাৰৰ ব্ৰডওৱে আৰু চিক্সথ, এভিনিউ য’ত লগ লাগিছে তাত অলপ সময় ৰ’ল। ব্ৰডওয়ে ৰাস্তাত উঠি চকু ঘুৰাই দেখে যে বিজুলী বাতিৰ চিকমিক পোহৰত ৰেষ্টুৰেণ্ট এখনও সন্ধিয়াৰ মোহনীয় পৰিৱেশ। তাত [ ১০ ] আঙুৰৰ পৰা তৈয়াৰী বিভিধ সুস্বাদু পানীয়, পাটৰ কাপোৰ পৰিহিতা ৰূপহী আৰু তজবজীয়া যৌৱনৰ ডেকা ল’ৰাৰ অপূৰ্ব সমাৱেশ।

 চ’পিৰ আত্ম বিশ্বাস অসীম। এনেয়ে সি ডাঢ়ি গোফ খুৰাই পৰিস্কাৰ হৈ আছে। তাতে আজি পিন্ধা কোটটো সিমান পুৰণি আৰু মলিয়ন নহয়! লগত আকৌ আগৰ এটা ধন্যবাদ জ্ঞাপন দিৱসত খৃষ্টান মাহিলা মিছনাৰী এগৰাকীয়ে উপহাৰ দিয়া সুন্দৰকৈ ৰচী লগোৱা বাগীখন আছেই। ৰেষ্টুৰেণ্টলৈ সোমাই মেজ এখন অধিকাৰ কৰিব পাৰিলেই হয়। মেজৰ ওপৰত তাৰ শৰীৰ যি অংশ ওলাই থাকিব সি খোৱা বস্তুৰ যোগান দিয়া ল’ৰাটোৰ মনত একো সন্দেহৰ সৃষ্টি নকৰে। এবটল মদৰ সৈতে এটা ভজা শৰালি হাঁহ, অলপ চাটনি আৰু শেষত এটা চুৰট-সুন্দৰ হ’ব। চুৰটটো হয়তো বাহৰত কিনিব লগীয়া হ’ব পাৰে, তাৰ দাম বৰ বেচি এক ডলাৰ হ’ব। গোটেই খাদ্যৰ দাম এনে এটা সংখ্যাতে থাকিব যিটো দিব নোৱাৰিলেও কোনো কথা নাই বুলি হাঁহি মাৰি দোকানৰ মালিকে মানৱীয়তাৰ নিদৰ্শন নেদেখুৱালেও সাংঘাতিক শাস্তিৰ ব্যৱস্থা নকৰে। অন্ততঃ শৰালি হাঁহৰ মঙ্গহৰ তৃপ্তি লগত লৈ শীতৰ দিনৰ আনন্দ উপভোগ কৰিবলৈ যাত্ৰা কৰাৰ সুযোগ পাব।

 কিন্তু ৰেষ্টুৰেণ্টৰ দুৱাৰত ভৰি দিয়াৰ লগে লগে খোৱা বস্তুৰ যোগান দিয়া মুখ্য ল’ৰাটোৰ চকু চ’পিৰ সোতমোচ খোৱা পটলুং আৰু উৱলি যোৱা জোতা যোৰৰ ওপৰত পৰিল। সি বিশেষ হুলস্থূল নকৰি একেধাৰে চ’পিক ওলাই যোৱাৰ নিৰ্দ্দেশ দিলে আৰু হাতেৰে ঠেলি আনি বাহিৰো পোৱালে, আৰু নিশ্চিত মৃত্যুৰ পৰা শৰালি হাঁহটোক উদ্ধাৰ কৰিলে।

 চ’পি ব্ৰডওৱে ৰাস্তা এৰি অইনফালে ঘূৰিল। তাৰ অনুমান হ’ল তাৰ হেঁপাহৰ দ্বীপটোলৈ যোৱা পথ সুগন্ধি কুসুম ফুলা বিধৰ নহয়, জন কোলাহলৰ পৰা আঁতৰি নিৰ্জ্জন দ্বীপত আৱদ্ধতাৰ প্ৰশান্তি লাভ কৰাৰ হাবিয়াস অইন ধৰণে পুৰাব লাগিব। তাৰহে অৱস্থা এইটো, কিন্তু নিউৱৰ্কত থকা ভাগ্য দেবী প্ৰসন্নতা লাভ কৰা তাৰ বন্ধু কেইজনে আকৌ শীতৰ এই সময়ছোৱা ৰিভিৰিয়া আৰু পাম উপকূলত আৰামেৰে কটোৱাৰ দিহা কৰে। সিও দৃঢ় সংকল্প আৰামেৰে কটোৱাৰ দিহা কৰে। সিও দৃঢ় সংকল্প এইবাৰ এটা দ্বীপত কটাই শীতকালৰ আনন্দ উপভোগ কৰিব। ইতিমধ্যে যথেষ্ট পলমেই হৈছে আৰু পলম কৰি লাভ নাই। ঠাণ্ডা ভালদৰেই পৰিছে। যোৱাকালি ৰাতি পূৰণি চাৰিআলিৰ ফাউণ্টেইনটোৰ কাষৰ বেঞ্চ এখনত বোহতে বুকুৱে ককালে আঠুৱে মেৰিয়াই লোৱা তিনিখন বাতৰি কাগজেও জাৰৰ কোপৰ পৰা তাক ৰক্ষা কৰিব নোৱাৰিলে। এয়ে যেন দ্বীপলৈ বতাহ খাবলৈ যোৱাৰ সমযৰ সঙ্কেত, তাৰ হৃদয়ৰ .............. এইটোৱেই মূহুৰ্ত্ত। চহৰত যিবোৰ দাতব্য অনুষ্ঠান আৰু অতিথিশালা আছে তাৰ খোৱা থকাৰ ব্যৱস্থা [ ১১ ] বৰ সুবিধাজনক নহয়। আইন-প্ৰশাসন কিছুমান মানুহৰ সা-সুবিধাৰ কাৰণেহে, গোটেই সমাজৰ অধিকাৰ সাপেক্ষ নহয়, যি ভাবিলে। অৱশ্যে পৌৰ কৰ্ত্তৃপক্ষৰ যিবোৰ দাতব্য অনুষ্ঠান আছে তাত চ’পিয়ে তাৰ খোৱা পিন্ধাৰ মানদণ্ডৰ সৈতে খাপ খোৱাকৈ সুন্দৰ ভাবে থকা মেলাৰ ব্যৱস্থা কৰিব পাৰে। কিন্তু চ’পি আৰ্থিকভাবে দুখীয়া হলেও মনৰ দুখীয়া নাছিল। পৰিস্থিতিত পৰি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পৰা ক্ষমতা হেৰুৱালেও আনৰ অনুগ্ৰহত টকালি পাৰ খাই পুতৌৰ পাত্ৰ হ’বলৈ চপিয়ে ঘিন কৰিছিল। চ’পিৰ মতে অনুগৃহীত হৈ যিয়ে সামান্যভাবে হলেও আনৰ ওচৰত ঋনী বুলি বাবি পইচাৰে নহলেও কৃতজ্ঞতাৰে ঋণ পৰিশোধ কৰাৰ কথা নেভাৱে সি মানুহ নামৰ অযোগ্য। ই চ’পিৰ চৰিত্ৰৰ এক অদ্ভুত বৈশিষ্ট, এক ব্যক্তিত্ব আৰু গৌৰৱৰ বস্তু। সেই কাৰণে এটা দিশৰ পৰা চাৰকাৰী ব্যৱস্থাৰ আলহী হোৱাই ভাল। য’ত নিয়ম কানুন আছে কিন্তু ব্যক্তিগত ভাবে কাৰো অনুকম্পাৰ পাত্ৰ হোৱাৰ শঙ্কা নাই।

 দ্বীপলৈ যোৱাটো চ’পিৰ খাটাঙেই। এতিয়া কেবল সুবিধাটো পালেই হ’ল। বহুত উপায় আছে। তাৰ ভিতৰত আটাইতকৈ সুবিধাজনক হ’ল ৰেষ্টুৰেণ্ট এখনত ইচ্ছা মতে খাই লোৱা আৰু নিজকে দেউলীয়া বুলি প্ৰতিপন্ন কৰি পুলিচৰ হাতত ধৰা দিয়া। বিচাৰৰ বাবে ঘটনাটো হাতত লোৱা মেজিষ্ট্ৰেটজনে বাকীখিনি নিজেই কৰি পেলাব। নিৰ্বাসন দণ্ডেৰে দণ্ডিত হৈ সি মনে বিচৰামতে দ্বীপত কটাবলৈ পাব। আগৰ বাৰ যোৱাটো দূৰৈৰ কথা, সি হোটেলত সোমাবলৈকে নোৱাৰিলে।

 বেঞ্চৰ পৰা উঠি চ’পিয়ে চাৰিআলিৰ মাজেৰে খোজ পেলালে। চিক্সথ এভিনুৰ এটা চুকত বিজুলী বাতিৰ পোহৰত এখন দোকানৰ আয়না পৰিস্কাৰভাৱে জিলিকি উঠিল। চ’পিয়ে শিল এটা বুটলি লৈ দলি মাৰি দিলে আৰু দোকানৰ আয়না ভাঙি চুৰমাৰ হ’ল। এজাক মানুহ চাৰিওফালৰ পৰা দৌৰি আহি তাত জুম বান্ধিলে। মানুহ জাকৰ মাজত পুলিচ এজন স্পষ্টভাৱে দেখা গ’ল। কোটৰ জেপত হাত সুমুৱাই বুতাম কেইটাৰফালে চাই হাঁহি মাৰি লৰচৰ নকৰাকৈ চ’পি এনেভাবে থিয় হৈ থাকিল যেন ঘটনাটোৰ সি এজন নীৰৱ দৰ্শকহে।

 “কোনে বাৰু এইটো কৰিলে?” পুলিচ বিষয়াজনে আধাখিনি ব্যস্ততাৰে আৰু আৰু আধাখিনি খঙেৰে সুধিলে।

 চ’পিয়ে যেন সৌভাগ্যকহে আদৰি ল’ব। কৌশলেৰে বিষয়াজনলৈ উদ্দেশ্যে কৰি ক’লে – “আপুনি নেভাবেনে মই এই সংক্ৰান্তত কিবা জানিব পাৰো?”

 চ’পিয়ে ঘটনাৰ কিবা সম্ভেদ দিব পাৰে বুলি পুলিচ বিষয়াজনৰ বিশ্বাস নহ’ল। দোকানৰ আইনা ভঙাৰ নিচিনা দোষনীয় কাম কৰি কোনো তাত ৰৈ নাথাকে, পলাবলৈ চেষ্টা কৰিব। মানুহ এজনে টেক্সি এখন ধৰিবৰ কাৰণে দৌৰিছিল। পুলিচজনে অইন [ ১২ ] মানুহখিনিৰ সৈতে তেওঁৰ পিচ ললে। দুবাৰ চেষ্টা দি বিফল হোৱা বাবে চ’পি অলপ নিৰাশ হ’ল। সি আকৌ ৰাস্তাৰে খোজ পেলালে।

 এইবাৰ ৰাস্তাৰ সিটো পাৰে থকা বিবিধ খাদ্যৰে ভৰা এখন ডাঙৰ দোকানলৈ চ’পি সেই উৱলি যোৱা জোতা আৰু সোত মোচ খোৱা পটলুংটোৰে সোমাই গ’ল। মেজ এখনত বহি ভজা গৰম মঙ্গহ কেইচকলমান, পাওৰুটি, মালপোৱা আৰু মটৰমাহেৰে ভালদৰে এসাঁজ খালে আৰু দোকানৰ ল’ৰাটোক ক’লে যে সি বহুত দূৰৰ পৰা আহিছে আৰু তাৰ লগত অলপহে পইচা আছে, খাদ্যৰ দাম পৰিশোধ কৰিব পৰা সম্ভৱ নহ’ব। তেওঁলোকে যদি তাক বেয়া পাইছে পুলিচত সোধাই দিব পাৰে।

 তোমাৰ কাৰণে কোনো চিপাহী ইয়াত ৰৈ থকা নাই বুলি ল’ৰাটোৱে চকু টেলেকা টেলেকি কৰিলে আৰু মাতটো গোমোঠা কৰি আন এটা ল’ৰাক মাতিলে।

 চ’পিৰ দেহত দুটা মানুহৰ মাৰ পৰিল। কাঠমিস্ত্ৰিৰ স্কেল পাত মেল খাই যোৱাৰ দৰে দেহাৰ কেইটামান ভাজ ভাঙি সি থিয় হ’ল আৰু তাৰ কাপোৰত থকা মজিয়াৰ ধূলি ছটিয়াই সিহঁতক ওলোটা আক্ৰমন কৰাৰ চেষ্টা কৰিলে। পুলিচৰ হাতত ধৰা দি দ্বীপলৈ নিৰ্বসিত হোৱা বৃথা নিশাৰ সপোন যেন অনুমান হ’ল। এখন ঔষধৰ দোকানৰ দুখন দুৱাৰ এৰি সিফালে থকা সমুখৰ ঠাইৰ পৰা পুলিচ এজনে গোটেই কাণ্ড কাৰখানাটো দেখি আছিল। হাঁহিৰে গাল ফুলাই তেওঁ গুচি গ’ল।

 মনত বাহ লোৱা নিৰাশাখিনি আতৰ নোহোৱালৈকে চ’পিয়ে পাঁচটামান চুবুৰী ঘূৰিলে। এইবাৰ যিটো সুযোগ তাৰ সমুখলৈ আহিল তাক আৱিস্কাৰ কৰি তাৰ অলপ গৰ্ববোধ হ’ল। সি নিজকে দূষ্টামিৰ এজন সুদক্ষ বনুৱা বুলি ভাবিলে। হাঁহি এটা মুখত লৈ বৰ মৰম লগা গাভৰু ছোৱালী এজনী দোকান এখনৰ সজ্জা কোঠাৰ আয়নাৰে ভিতৰত মেচিনেৰে বাচন চিকচিকিয়া কৰা কাম ছাই আছিল আৰু দুগজমান আতৰত পানীকল এটাত আউজি পুলিচ এজন বেচ কৰ্তব্য পৰায়ন ভাবে থিয় হৈ আছিল।

 অশোভনীয় পৰিৱেশ এটা সৃষ্টি কৰাৰ ভূমিকা ল’বলৈ চ’পি উদ্যত হ’ল। ছোৱালীজনীৰ মুখৰ কোমলতা আৰু সৌন্দৰ্য্যই তাক পতিয়ন নিয়াইছিল যে সি তাইক অসৎ আচৰণ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে কাষৰ পুলিচজনে অলপো পলম নকৰি তাক কান্ধত থাপ মাৰি ধৰিব আৰু তাৰ ইস্পিত আৱাসৰ বন্দোৱস্তু হৈ যাব। চ’পিয়ে মিচনাৰীয়ে উপহাৰ দিয়া বাগীখনৰ ৰচী টানি ললে। খেলাৰ সময়ত ব্যৱহাৰ কৰা সোতমোচ খোৱা কাফ যোৰ হাতত পিন্ধি ললে আৰু চাহাবী টুপীটো অলপ বেকাকৈ মুৰত গুজি লৈ ছোৱালীজনীৰ কাষ চাপি আহিল। তাইৰ ওপৰত লোলুপ দৃষ্টি পেলাই সি দুই এটা কাঁহ মাৰিলে, উপহাস জাতীয় দুষ্টামিৰ শব্দ উচ্চাৰণ কৰিলে, অৰ্থবোধক হাঁহি মাৰিলে, গাটো বিভিন্ন ভঙ্গীত লৰালে আৰু গা বেজ বেজাই যোৱাকৈ কেইআষাৰমান [ ১৩ ] কথা ক’লে। বাচন চিকচিকিয়া হোৱা দৃষ্যটো চাই ছোৱালীজনীয়ে এনে আমোদ পাইছিল যে চ’পি কাষ চাপি অহাৰ উমান পাইও তাই উচপিচ লগোৱা নাছিল মাত্ৰ অলপ আতৰি দিছিল আৰু চকু বাচনতেই ৰাখিছিল।

 চ’পিয়ে লক্ষ্য কৰিলে সম্পূৰ্ণ দৃষ্টি নেপেলালেও পুলিচজনে তাৰ কাৰ্য্যকালাপ মন কৰিছে। বুকুত সাহস গোটাই সি ছোৱালীজনৰ কাষ চাপি আহিল আৰু টুপিটো ডাঙি মাত উলিয়ালে, “হেৰা সোণজনী, তুমি আমাৰ ঘৰৰ ফালে মাজে মাজে পাক মাৰিব পাৰা চোন। আমাৰ দোকানত খেলাৰো সুবিধা আছে। ”

 পুলিচজনে তেতিয়াও দৃষ্টি এৰি দিয়া নাছিল। অসভ্যালিৰ আতিশষ্যত বিতুষ্ট হৈ তাই হয়তো যিকোনো মুহুৰ্ত্ততে হাত ডাঙি চ’পিৰ পিনে আগুৱাই আহিব আৰু চ’পিৰ কল্পনাই বাস্তৱ ৰূপ ল’ব। পুলিচ থানাৰ কৰ্ম্ম তৎপৰ আৰু ব্যস্ত পৰিৱেশ এটা আৰু তাৰ ভিতৰত চ’পি কাৰায়ত্ব হৈ থকা দৃশ্য এটা তাৰ চকুত ভাহি উঠিল। কিন্তু তাৰ আচৰণত ছোৱালীজনীৰ যিটো প্ৰতিক্ৰিয়া হ’ল তাক চ’পিয়ে ভুলতো ভবা নাছিল। তাই চ’পিৰ কাষ চাপি আহি চ’পিৰ কোটটোত লয়লাস ভঙ্গীৰে আজুৰি ধৰিলে আৰু ক’লে, “তোমাৰ তালৈ খেলিবলৈ যোৱাটো হ’ব বাৰু। কিন্তু সোণ, তাৰ আগতে তুমি মোক নদীলৈ লৈ ব’লা। গা ধুবলৈ ইচ্ছা গৈছে। এটা কথা কিন্তু, সেই পুলিচটোৱে আমাক চাই আছে, অলপ সাৱধান।

 সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল। তায়ো যেন চ’পিৰ সতে চুপতি মাৰিবলৈহে তাত ৰৈ আছিল। এই চেষ্টাতো বিফল হৈ চ’পি আকৌ নিৰাশ হ'ল। পুলিচজনৰ গাৰ কাষেদি সি গুচি আহিল। তাৰ ধাৰণা হ’ল পুলিচৰ কৱলত পৰিবলৈ তাৰ ভাগ্যত লিখা নাই, মুক্তিৰ বাবেই তাৰ জীৱন।

 বাটটোৰ পৰা ঘূৰি বাটৰ লগৰীক চ’পিয়ে বিদায় দিলে আৰু সেই অঞ্চলটো এৰি অলপ আতৰলৈ যোৱাৰ মনেৰে বাগী চলাই দিলে। এটা বেলেগ চুবুৰী পাই দেখে যে বিজুলী বাতিৰ চিকমিক পোহৰত বাটবোৰ কথা বতৰা আৰু গীতৰ মুৰ্চ্চনাৰে কোলাহল মুখৰ হৈ পৰিছে। তিৰোতাবোৰে নোমৰ জেকেট আৰু মতামানুহে হলৌ কোট পিন্ধি আন্ধাৰেৰে শীতৰ সিৰসিৰীয়া বতাহত ঘুৰি ফুৰিছে। চ’পিয়ে অন্তত এক বিভীষিকাময় সঙ্গীত ধ্বনিৰ প্ৰৱাহ অনুভৱ কৰিলে, যি প্ৰৱাহে পুলিচৰ কৱলত সোমোৱাৰ বাটত এক বিৰাট প্ৰতিবন্ধকৰ সৃষ্টি কৰিছে। অজান আশঙ্কাই চ’পিক ম্ৰিয়মান কৰি তুলিলে। কিন্তু পিচমুহুৰ্ততে এটা দৃশ্য আবিস্কাৰ কৰি চ’পিয়ে মনৰ এই ভয়াৰ্ত্ত অৱস্থাক আসৈ নিদি তীক্ষ্ন দৃষ্টিৰ চিকাৰীৰ দৰে আগুৱাই আহিল। স্বচ্ছ আয়নাৰ বেৰৰ এটা নাটঘৰৰ সমুখত এজন পুলিচ বৰ আয়াসেৰে টহলি আছিল। বিলম্ব নকৰি তেওঁ দেখাকৈ চ’পিয়ে উদ্ভণ্ডালি আৰম্ভ কৰিলে। মদ খোৱা মানুহৰ দৰে বিকৃত মাতেৰে ডাঙৰ ডাঙৰকৈ চিঞৰিলে [ ১৪ ] হাউলি পৰাৰ নিচিনা কৰিলে, বলীয়াৰ দৰে মুখত যিহকে আহে তিহকে বলকিলে। মুঠতে গোটেই পৰিৱেশটো অস্বস্তিকৰ কৰি তুলিলে।

 কিন্তু একো লাভ নহ’ল। চ’পিৰ এই ক্ৰিয়াকলাপ যেন নিতান্তই স্বাভাৱিক এই ভাবেৰে পুলিচজনে হাতৰ লাঠিদাল ঘুৰাই চ’পিৰ পিনে পিঠি দিলে আৰু বাটৰ মানুহ এজনক ক’লে — একো নাই, এইজন ‘য়েল’ গোষ্টীৰ ল’ৰা আজি তেওঁলোকে কিবা উৎসৱ পাতিছে। হাৰ্টফোৰ্ড কলেজৰ ল’ৰা-ছোৱালীবোৰকো আজি তেওঁলোকে কণী বিলাব হেনো। অলপ হুলস্থুল হৈছে আৰু কিন্তু ভয়নাই, দিগদাৰী নিদিয়ে। তেওঁলোকৰ তামাচাত আমি কান নিদিবলৈকেহে হুকুম আছে। ”

 সান্তনাৰ আৰু ভাষা নাই। এক মুহূৰ্ত্তৰ কাৰণে চ’পিয়ে পুলিচৰ হাতত পৰা চেষ্টা এৰি দিয়াৰ কথা ভাবিলে। কিয় বাৰু সি কৃতকাৰ্য্য হ’ব নোৱাৰিলে? কিয় বাৰু কোনো পুলিচে তাক ধৰি নিয়াৰ কথা নাভাবিলে? আক্ষেপত তাৰ মন ভাগি পৰিল। তাৰ হেঁপাহৰ দ্বীপ অলঙ্ঘ্য পৰ্বতৰ চূঢ়া সদৃশ হ’ল। ঠৰঙা বতাহে চ’পিকো অলপ কষ্ট দিছিল। কোটৰ বুতাম কেইটা মাৰি লৈ সি আকৌ খোজ পেলালে।

 চুৰটৰ দোকান এখনত শুৱনি পোছাক পিন্ধা মানুহ এজনে দুলি থকা জুইৰ স্ফুলিংগৰ পৰা চুৰট জ্বলাইছিল। তেওঁৰ ছাতিটো দুৱাৰ মুখত আউজি পৰি আছি। চ’পি দোকানখনলৈ সোমাই গ’ল আৰু ছাতিটো ডাঙি লৈ গুচি আহিল। মানুহজনে অলপ হুলস্থূল লগালে, “হেৰি, মোৰ ছাতিটো কলৈ নিয়ে? “আপোনাৰ ছাতি?” চ’পি গুজৰি উঠিল, “হেৰি, আপোনাৰ ছাতি যদি মই নিছো পুলিচ এজন মাতি আনি ব্যৱস্থা নলয় কিয়? সেই চুকত দেখোন এজন থিয় হৈ আছেই। ”

 চ’পিৰ চাতুৰী নাখাটিল। মানুহজন যিটো গতিৰে আগুৱাই আহিছিল ঠিক সেই গতিৰেই পিচুৱাই গ’ল। চ’পিৰ মনত আকৌ অকৃতকাৰ্য্যতাৰ আশঙ্কাই দেখা দিলে। ঘটনাটো দেখি পুলিচজনৰ অলপ কৌতুহল হৈছিল যদিও কথাটো আচলতে কি ধৰিব পৰা নাছিল। মানুহজনে সেহাই সেহাই ক’লে, “হ’ব পাৰে, হ’ব পাৰে, ছাতিটো আপোনাৰ হ’ব পাৰে। এনেকুৱা ছাতি এটা মই আজি লৈ ফুৰিছিলো। আশা কৰো আপুনি মোক ক্ষমা কৰিব মানুহৰ ভুল হয়েই আৰু বেয়া নাপাব বুলি আশা...’’

 ছাতিৰ আগৰ গৰাকীজন দোকানৰ পৰা উভটিল। কোনো নাচৰ অনুষ্ঠানলৈ যাবলৈ ওলোৱা যেন লগা দীঘলকৈ ধুনীয়া ছোৱালী এজনী গাড়ীৰ আগত পৰিবলৈ ওলাইছিল। পুলিচজনে তাইক বিপদমুক্ত কৰিবলৈ আগুৱাই গ’ল।

 ঘটনাৰ গতিয়ে চ’পিক নিৰাশাৰ একেবাৰে তলৰ বিন্দুত উপনীত কৰিলে। মাটিৰ খাদ এটালৈ ছাতিটো সি দলিয়াই দিলে। ৰঙাটুপী পিন্ধি হাতত লাঠি লৈ ফুৰা ছাতিটোৰ প্ৰতি তাৰ বিক্ষোভ হ’ল। ধৰি নিয়াৰ পৰিৱৰ্ত্তে ইহঁতে দোখোন তাক ৰজাৰ সন্মানহে যাচিবলৈ ধৰিছে। ৰজাৰ একো ভুল হ’ব নোৱাৰে। [ ১৫ ]  আহি আহি চ’পি একেবাৰে পুবৰ ফালৰ ৰাস্তা এটাত উপস্থিত হ’ল। ঠাই টুকুৰা অলপ নিৰ্জ্জন। ইয়াত আৰু কোনো দোকানৰ উজ্বলতা আৰু লগতে চ’পিৰ প্ৰত্যাশিত গণ্ডগলৰ সম্ভাৱনা নাই। ইয়াৰ পৰা চ’পিয়ে মেডিচন স্কোৱাৰৰ পিনে অলপ আশ্ৰয় কাতৰ ভাবে চালে। ইতিমধ্যে চ’পিৰ মন ঘৰমুখী হৈছিল যদিও পাৰ্কৰ বেঞ্চেই তাৰ এক প্ৰকাৰ ঘৰ।

 কিন্তু ৰাস্তাৰ আন এটাফালে নিৰ্জ্জন পৰিৱেশত ভাগি ছিগি প্ৰায় উৱলি যাব খোজা পুৰণি গীৰ্জাটোৰ পৰা ভাহি অহা মধুৰ গীতৰ ধ্বনিয়ে চ’পিৰ মনৰ দোদুল্যমান অৱস্থা পাহৰাই পেলালে। চৌহদৰ লোহাৰ জোংবোৰৰ ভাজত আওজি চ’পি নিশ্চুপ হৈ ৰ’ল। হয়তো কোনো যাজকে ভিতৰত বৰদিনৰ বাবে গীৰ্জ্জাসঙ্গীতৰ আখৰা দিছে।

 আকাশত জোনে শান্ত পোহৰ বিলাইছে। বাটত গাড়ী ঘোৰা জনপ্ৰাণী কমি আহিছে। ঘৰৰ চালত শালিকাই টোপনিতে হয়তো কুৰুলিয়াইছে। পৰিৱেশটো চ’পিৰ জয়াল জয়াল লাগিল। ভাঁহি অহা সঙ্গীতৰ ধ্বনিয়ে চ’পিক অলপ সময়ৰ বাবে এৰি অহা দিনলৈ লৈ গ’ল - শৈশৱৰ ৰঙীণ কল্পনাৰ দিনলৈ, আইৰ বুকুৰ মৰম পোৱা নিৰ্ভেজাল মুহুৰ্তবোৰলৈ।

 চ’পিৰ সমগ্ৰ সত্তা জিকাৰ খাই উঠিল। জীৱনৰ বাটত লুটি খাই পৰাৰ কৰুণ ছবি, কৰ্ম্মহীনতাৰ নিষ্ফল মুহুৰ্ত্তবোৰ কোনোদিনে পূৰন হ’ব নোৱাৰা আকাঙ্খ্যাবোৰ, মনতে মাৰ নিয়াবলগীয়া হোৱা হেঁপাহবোৰ আৰু অক্ষমতাৰ অবুজ বেদনাবোৰ সুঁৱৰি চ’পি ত্ৰস্ত হৈ উঠিল। কিহবাই যেন চ’পিক হেঁচা মাৰি ধৰিছে কিন্তু পিছ মুহুৰ্ত্ততে চ’পিয়ে মন আকৌ ডাঠ কৰি ললে। দুৰ্ভাগ্যই ক্ষত বিক্ষত কৰা জীৱনটো গ্ৰাস কৰিবলৈ ওলোৱা ভূতক সি পৰাভুত কৰিব! এতিয়াও সময় আছে। তাৰ বয়স পাৰ হৈ যোৱা নাই। গম্ভীৰ মধুৰ সঙ্গীত ধ্বনিয়ে তাৰ চেতনাত এক বিপ্লৱৰ সৃষ্টি কৰিছে। কাইলৈ দূৰণিৰ কৰ্ম্মব্যস্ত চহৰ এখনলৈ কাম বিচাৰি সি গুচি যাব। নোমৰ বস্তু ব্যৱসায়ী এজনে তাক এবাৰ গাড়ী চালকৰ চাকৰি এটাৰ সন্ধান দিছিল। কাইলৈয়ে সি তেওঁক বিচাৰি উলিয়াব আৰু চাকৰিটোৰ বিষয়ে খবৰ ল’ব। পৃথিৱীৰ যুঁজাৰু মানুহৰ ভিতৰত সিও ঠাই ল’ব। সিও দুৰ্জ্জেয় পাহাৰ ভাঙি.....

 চ’পিয়ে বাহুত কাৰোবাৰ হাতৰ পৰশ পালে। ঘুৰি চাই দেখে যে পূৰঠমুখৰ পুলিচ এজনে তাক সন্দেহজনক ঠাইত আৱিস্কাৰ কৰা ভঙ্গীৰে থিয়হৈ আছে।

 “কি কৰিছ তই ইয়াত?”

 “নাই একো কৰা নাই এনেয়ে আছো। ” চ’পিয়ে উত্তৰ দিলে। “আহ মোৰ লগত’’ বুলি পুলিচজনে তাক লৈ গ’ল। পিছদিনা বিচাৰৰ বাবে ঘটনাটো হাতত লোৱা মেজিষ্ট্ৰেটজনে তিনি মাহৰ বাবে তাক দ্বীপলৈ নিৰ্বাসনৰ দণ্ডেৰে দণ্ডিত কৰিলে। [ ১৬ ]

শেষ পাত খিলা

 বাৰ... এঘাৰ.... দহ...ন....আঠ... সাত এটা এটাকৈ আইভি লতাদালৰ পাতবোৰ কমি আহিছে! শৰতৰ শেষৰ ঠৰঙা বতাহে আটাইবোৰ পাত নাইকিয়া কৰি পেলাব। আৰু অকল শুকান ঠাৰি কেইডাল ৰাখি আইভি লতাডালক নিঠৰ কৰি পেলাব। সৰি সৰি পৰা প্ৰতিটো পাতেই যেন জঁচিক মৃত্যুৰ আগজাননী দিছে। জঁচিয়ে অনুভৱ কৰিছে পাতবোৰ যেন ক্ৰমান্বয়ে বেছি খৰকৈ সৰিবলৈ ধৰিছে... মৃত্যুৰ সময়ো তীব্ৰ গতিত ওচৰ চাপি আহিছে।

 ওচৰত চু বহি আছে আৰু জঁচিৰ গাত হাত বুলাইছে, “কি হৈছে মৰমী, খুৱ কষ্ট পাইছা নহয়নে?” আৰু ভয়ত পেপুৱা লগা মাতটোৰে জঁচিয়ে উত্তৰ দিছে,’’ সেই চোৱা ছয়... আৰু খৰকৈ পাতবোৰ সৰিবলৈ ধৰিছে। তিনি দিনৰ আগলৈকে লতাডালত এশমান পাত আছিল। গণোতে কষ্টই হৈছিল। কিন্তু এতিয়াতো আয়সেৰে গণিব পৰিছে। সৌৱা আকৌ এটা সৰিল। আৰু পাঁচটা পাত আছে। শেষৰ পাতটো সৰি পৰিলেই ময়ো পৃথিৱীৰ পৰা আঁতৰি যাব লাগিব। জঁচি যথেষ্ঠ দুৰ্বল হৈ পৰিছিল। সুখৰ দুখৰ লগৰী চুৰ উপস্থিতিয়েও তাইৰ মনত অলপো সাহস আনি দবি পৰা নাই।

 তেতিয়া মানুহ নাছিল। কেৱল সেউজীয়া ঘাঁহনি আৰু অকোৱা পকোৱা বাট। একেটা বাটেই পাক ঘুৰি নিজৰ ওপৰেদি কেবাবাৰো গুচি গৈছে। ৱাচিংটন স্কোৱাৰৰ পৰা একমান পশ্চিমলৈ এই জনপ্ৰানীহীন ঠাই টুকুৰা শিল্পীসুলভ মনৰ মানুহৰ বাবে অপূৰ্ব। চিত্ৰ নিৰ্মাতাৰ বাবে দৃশ্য গ্ৰহণৰ অকৃতিম পৰিৱেশ।

 আৰু সঁচাকৈয়ে এদিন এদল শিল্পী মনৰ ইয়াৰ সৌন্দৰ্য্যত মুগ্ধ হৈ পৰিল দুই তিনি মহলীয়া চাপৰ ইটাৰে সজা ডাচ ষ্টাইলৰ ঘৰবোৰৰ কোঠা তেওঁলোকে ভাৰালৈ ল’লে। প্ৰথমতে পানী খোৱা গিলাচটো, তাৰ পাচত টীৱেল এটা তাৰ পাচত হয়তো ডাইনিং চেট এটাৰ বাবে লাহে লাহে তেওঁলোক চহৰৰ ভিতৰলৈ সোমাই গ’ল আৰু এটা সময়ত অনুভৱ নকৰি নোৱাৰিলে যে তেওঁলোকৰ চুবুৰীটো চহৰখনৰে এটা এৰাব নোৱাৰা অংশ।

 উত্তৰৰ দেহা জুৰুৱা শীতল বতাহৰ বাবে আকুলতাৰে ৰৈ ৰৈ তেওঁলোকে এক পুলক অনুভৱ কৰিলে। এই জীৱনত প্ৰাচুৰ্য্যৰ উকা হিল্লোলৰ প্ৰতি আকৰ্ষণ নাই। কেৱল আছে প্ৰকৃতিয়ে অকৃপন ভাবে যচা সন্তানৰ মাজত নিজকে বিলাই দি জীৱনৰ ৰঙ আৰু সুৰভি বোটলাৰ প্ৰয়াস।

 তিনিমহলীয়া ঘৰ এটাৰ ওপৰ মহলাত ঠেকাঠেকিকৈ লাগি থকা কোঠাবোৰ [ ১৭ ] পৰা চু আৰু জঁচিয়েও সিহঁতৰ আৰ্টৰ দোকানৰ বাবে কোঠা এটা বাচি লৈছিল। চুৰ ঘৰ মেইনত। জঁচিৰ কালিফৰ্নিয়াত অ’ত ত’ত ঘুৰি ফুৰোতে কেনেবাকৈ দুয়ো ডেলম নিক’চ ষ্ট্ৰীটৰ ডিহ’ট ৰেষ্টুৰেণ্টৰ মেজত লগালগি হ’ল। আৰু বন্ধুত্বৰ স্বাক্ষৰ হিচাবে গঢ়ি উঠিল আৰ্টৰ দোকানখন।

 কবিতাৰ ছন্দৰ দৰে দিনবোৰ গৈ আছিল। কেইমাহমান পাচত চুবুৰীটোলৈ কৰবাৰ পৰা আচহুৱা মানুহ এজন আহিল। মানুহজন আদহীয়া বয়সৰ আৰু অদ্ভুত প্ৰকৃতিৰ চুবুৰীটোৰ সৰু সৰু বাট কেইটাতে ঘুৰা পকা কৰি থাকে আৰু সমুখত যাকে পায় তাকে চিকুট মাৰে! চুহঁতে বৰ বিৰক্তি পাইছিল এইজন মানুহৰ পৰা। ডাক্তৰে তেওঁক শ্ৰীযুক্ত নিউম’নিয়া বুলিয়েই মাতিছিল। তেওঁ গাত হাত দিলেই যেন কাৰোবাৰ অসুখ হ’ব।

 এদিন জঁচিয়ে অনুভৱ কৰিলে যে তাইৰ গাটো অসুখ অসুখ লাগিছে। এৰা নিউমনিয়াৰে হাত লাগিয়েই তাইৰ অসুখ হ’ল। অৱশ দেহাৰে ৰঙ লাগোৱা লোহাৰ বিচনাখনৰ এমূৰত ভেজা দি বহল খিৰিকিৰ আয়নাৰ মাজেৰে কাষৰ ইটাৰ ঘৰৰ সমুখৰ উকা ঠাই ডোখৰলৈ কাতৰ দৃষ্টি পেলাই তাই মূহুৰ্ত্তবোৰ পাৰ কৰি গ’ল।

 ডাক্তৰে চুক মতাই নিয়াইছিল। ক্লিনিকেল থাৰ্ম্মমিটাৰটো জোকাৰি থকা ডাক্তৰ চিন্তাম্বিত চকুহাল দেখি চু নিৰাশ হোৱা নাছিল। ডাক্তৰৰ কথাত আশ্বসৰ সুৰ আছে। জঁচি বাচি উঠাৰ সম্ভাৱনা সৰু সংখ্যা এটাৰ ভিতৰত এটা। ডাঙৰ সংখ্যাৰ ভিতৰত এটা হ’লেহে.... নাই চুৱে তেনেকৈ ভাবিব নোৱাৰে। কিন্তু জঁচি যে নিজেই নিৰাশ হৈ পৰিছে। তাইৰ এনেকুৱা এটা ধাৰণা হৈছে যে পৃথিৱীত এনে চিকিৎসা নাই, যাৰ যাদুকৰী সংগীতে তাইক ভাল কৰি তুলিব পাৰে। ডাক্তৰে অলপ অসুবিধা পাইছে! বেমাৰিয়ে মনোবল হেৰুৱালে কেনেকৈ হ’ব! কিন্তু জঁচিয়েযদি সাহস গোটাই লয়। ভাল হৈ উঠি যদি অহা শীতত নতুন ফেচনৰ কাপোৰ পিন্ধা কথা কয়, যদি কোনোবা ডেকাৰ সৈতে মধুৰ মূহুৰ্ত্ত কেইটামান কটোৱাৰ কথা ভাবে তেন্তে তাই বাচি উঠাৰ সম্ভাবনা আৰু শকত সংখ্যা এটাৰ ভিতৰত এটা হ’ব। তাই জীৱন ওভোটাই পোৱাটো আৰু খাটাং হ’ব। চুৱে ডাক্তবক কৈছিল — জঁচিৰ এই বোৰ চখ আছেনে নাই তাই নেজানে কিন্তু নেপলছ উপসাগৰ চিত্ৰৰ বাবে তুলিকা বোলোৱাৰ হাবিয়াস আছে।

 সুহুৰিয়াই সুহুৰিয়াই চুৰে জঁচিৰ চকুৰ আগত ড্ৰইংবোৰ্ডখন ডাঙি ধৰিছিল। নিঃসাৰ ভাবে জঁচি বিনা চাদৰ তলত পৰি আছিল! মুখখন খিৰিকীয়েদি সিটো খুব বেৰত বগাই উঠা আইভি লতাডালৰ পিনে!

 ড্ৰইংবোৰ্ডখন আওজাই লৈ চুৱে হাতত তুলিকা লৈ আলোচনীৰ গল্পৰ বাবে স্কেচ্ছ অঁকাত লাগি গৈছিল।

 চুহঁত নতুন শিল্পী৷ আলোচনীৰ চিত্ৰৰ মাজেৰেই প্ৰথম আত্মপ্ৰকাশ কৰিব লাগিব। [ ১৮ ] এটা ঘোঁৰাৰ ওপৰত পটলুং পিন্ধা কাউবয় এটা তাই আকি আছিল। হঠাৎ বিচনাৰ পৰা জঁচিৰ ক্ষীন অসহায় মাত ভাঁহি আহিল, ভাঁহি আহিল — তাইৰ মনৰ বিহ্বলতাৰ কৰুণ সংবাদ, আইভি লতাৰ পাতত কলিজাৰ স্পন্দন বাজি থকাৰ বিভীষিকাময়, ৰহস্য....

 “নাই, সেইটো হ’ব নোৱাৰে। অসম্ভৱ, অযুক্তিকৰ চিন্তা তোমাৰ’’, চুয়ে যেন জঁচিক ধমকি দি উঠিব, “তুমি ভাল হৈ উঠাৰ সৈতে আই ভি লতাৰ পাতৰ কি সম্পৰ্ক থাকিব পাৰে? বলিয়া নহ’বাচোন। ডাক্তৰে কৈছে — তুমি ভাল হৈ উঠাৰ সুন্দৰ সম্ভাৱনা আছে। নিউয়ৰ্কত গাড়ীত উঠি বা ডাঙৰ ডাঙৰ ঘৰবোৰৰ কাষেদি খোজকাঢ়ি ফুৰোতে দুৰ্ঘটনা নোহোৱাকৈ আৰামেৰে সময়খিনি কটোৱাৰ কথা যেনেকৈ ভাৱিব পাৰো, তেনেকুৱাই। তুমি অলপ চুৰহা খাই লোৱা আৰু তোমাৰ মৰমী চু’ক আলোচনী সম্পাদকৰ পৰা দুপইচা আনক বুলি তুলিকা লবলৈ দিয়া পইচাৰ বাৰু আমাৰ প্ৰয়োজন নহয়নে? অন্ততঃ মোব বেমাৰী বান্ধবীজনীৰ বাবে অলপ বিদেশী মদ আৰু মোৰ নিজৰ বাবে দুটা গাহৰি মঙ্গহৰ চপ কিনিবলৈ।

 মদৰ আৰু প্ৰয়োজন নাই, চকুহাল খিৰিকিত নিৱন্ধ কৰি জঁচিয়ে ক’লে — “মোৰ জীৱনৰ সকলো ৰঙ হেৰাই গৈছে, সৌৱা, আকৌ এটা পাত সৰিছে। জিভাত চুৰুহাৰ জুতি লগোৱাৰ কথা মই একোপধ্যে ভাবিব নোৱাৰো। এতিয়া মাত্ৰ চৰিটাহে পাত আছে শেষৰ পাতটোও সৰি পৰা মই দেখিবলৈ পাম আৰু তাৰ পাছত ... তাই পাছত ময়ো এই পৃথিৱীৰ পৰা বিদায় লম”।

 “জঁচি, মৰমী মোৰ, অকমান শুবৰ চেষ্টা কৰাচোন। খিৰিকিখন পৰা অকমান আতৰি আহাচোন, পোহৰ নাপালে যে মোৰ ছবি অকাত কষ্ট হ’ব! কাইলৈতো ছবিখিনি দিবই লাগিব।

 “তুমি আন এটা কোঠাত আকিব নোৱাৰানে?”জঁচিৰ মাতত সেই একেই জঠৰতা।

 “নাই, মই তোমাৰ কাষৰ পৰা আতৰি নাযাওঁ,” চুয়ে ক’লে, “আৰু তুমি আইভি লতাডাললৈ চাই থকাটোও মই নিবিচাৰো।

 বগা বিচনাচাদৰখনে মেৰিয়াই ধৰা জঁচিক এটা বাগৰি পৰা মূৰ্ত্তিৰ নিচিনা দেখা গৈছিল। চকু দুটা মুদি চু’ৰ কথাৰ অকনো সঁহাৰি নিদি তাই ক’লে, “ছবি অকা শেষ হ’লেই মোক হেচুকি দিবা। শেষ পাতটো সৰি পৰা মই চাবই লাগিব। ৰৈ ৰৈ মই আৰু ভাগৰি পৰিছো। শুকান নিৰ্জ্জীব পাতবোৰ সৰি পৰাৰ নিচিনাকৈ ময়ো মৃত্যুমুখত পৰিম আৰু সেই মুহুৰ্ত্তটো মই অনুভৱ কৰিম। ”

 “শুবৰ চেষ্টা কৰা। ” চুৰ মাতত আদেশ স্বৰ। “মই অকমান বেৰমেন মহাশয়ৰ ওচৰলৈ যাব লাগিব। ছবিৰ বাবে তেখেতে মোক আকমান শিকাই দিব। মই উভটি নহালৈকে লৰচৰ নকৰিবা কিন্তু। ” [ ১৯ ]  প্ৰৌঢ় বেৰমেন চিত্ৰকৰ। তেওঁ চুহঁত থকা ঘৰটোৰ তলৰ মহলাতে আছিল গম্ভীৰ প্ৰকৃতিৰ মানুহ বেৰমেন। বয়স ষাঠিৰ কম নহ’ব। দীঘল মোচ কোছাত এজন গুৰু গম্ভীৰ সন্ন্যাসীৰ ভাৱমূৰ্ত্ত! জীৱনৰ চল্লিচটা বছৰ হাতত তুলিকা লৈ কটাই দিছে। অৱশ্যে ব্যৱসায় প্ৰতিষ্ঠানৰ বিজ্ঞাপনৰ বাহিৰে অইনত সিমান সুনাম অৰ্জ্জন কৰিব পৰা নাই। শিকাৰু শিল্পীৰ হাত ধৰি দুপইচা আহে। অপৰিমিত ভাবে জিন পিয়া তেওঁৰ অভ্যাস আৰু কথাৰ মাজতে তেওঁৰ জীৱনৰ আটাইতকৈ সুন্দৰ ছবিখন অকাৰ কল্পনা ব্যক্ত কৰে। চুবুৰীটোৰ মানুহৰ মনত এনে এটা ভাব যে বেৰমেন ওচৰত আছে বাবেই চুহঁতৰ আৰ্টৰ দোকানখন বাচি আছে।

 বেৰমেনৰ কোঠাত সোমাই চুৱে দেখিলে যে এন্ধাৰ মিশ্ৰিত পোহৰত তেওঁ জুৰিপাৰ ফুলৰ গোন্ধ লৈ আছে। এচুকত এটা ফ্ৰমত উকা কেনভাচ কাপোৰ এখন বেৰমেনৰ জীৱনৰ শ্ৰেষ্ঠ কীৰ্ত্তিৰ প্ৰথম পৰশ পাবলৈ কপকপীয়াকৈ লাগি আছে। চু’ৱে বেৰমেনক জঁচিৰ উদ্ভট চিন্তাৰ কথা বিবৰি ক’লে, আইভি লতাৰ পাত সৰি পৰা দেখি তাই কেনেকৈ দুৰ্বল হৈ আহিছে। নিজকে পাতৰ দৰে নিঠৰুৱা বুলি ভাবি জীয়াই থকাৰ সকলো আশা এৰি দিছে।

 প্ৰৌঢ় বেৰমেনৰ ৰঙা চকুত খঙ আৰু বিৰক্তি দুয়োটাই প্ৰকাশ পলে, পৃথিৱীত এনেকুৱা অবোধ মানুহ থাকেনে যিয়ে শুকান লতাৰ পাত সৰি পৰা দেখি নিজৰ জীৱটোও শেষ হৈ আহিছে বুলি ভাবিব পাৰে? এনেকুৱা অদ্ভুত কথা মই জীৱনত শুনা নাই। তোমালোকক লৈ এটা বিৰক্তি। নাই, তোমালোকক আৰু মই ছবি অকাত সহায় নকৰো। অদ্ভুত ভ্ৰান্তিমূলক কথা কিছুমান কিয় বাৰু জঁচিৰ মূৰত সোমাবলৈ দিছা?

 “অসুখত ভুগি তাই বৰ দুৰ্বল হৈ পৰিছে’’ চু’ৱে ক’লে “আৰু দুৰ্বলতাৰ বাবেই মনতো অদ্ভুত চিন্তাই বাহ লৈছে। আপুনি কিবা এটা কৰিব পাৰিব বুলি মোৰ বিশ্বাস। আমিতো আপোনাৰ পৰ নহয়!’’ পৰ বুলি তোমাক কোনে ক’লে? কিবা এটা কৰাৰ চেষ্টা নিশ্চয় কৰিম। কিমান দিননো ইয়াত আছো। মোৰ ছবিখন অকা হ’লেই হঠাৎ মই ইয়াৰ পৰা হয়তো গুচি যাব পাৰো।

 দুয়ো ওপৰ মহলা পালে জঁচিৰ টোপনি আহিছিল। খিৰিকিৰ পৰ্দ্দাখন চুৱে পেলাই দি ঠাৰেৰে বেৰমেনক সিটো কোঠালৈ যাবলে ইঙ্গিত দিলে! উত্তৰৰ বতাহ ব’বলৈ আৰম্ভ কৰিলে। আকাশ ডাৱৰীয়া হ’ল, খিৰিকিত বৰষুণৰ চিটিকনি তীব্ৰ হৈ আহিল, ডাচ ষ্টাইলৰ ঘৰৰ মুধচৰ পৰা ঝৰঝৰকৈ পানী পৰিবলৈ ধৰিলে।

 ৰাতিপুৱা সূৰুযৰ প্ৰথম পোহৰত যেতিয়া ধৰনী উদ্ভাসিত হ’ল জঁচিয়ে দোদুল্যমান মনৰ নিৰ্দ্দেশ শুনিবলৈ পালে — “খিৰিকিখন কাৰোবাক খুলি দিবলৈ কোৱা!” পাতটো নিশ্চয় আৰু লতাডালত নাই! [ ২০ ]  উজ্বল পোহৰত জঁচিয়ে স্পষ্ট দেখিলে, আইভি পাতটো তেতিয়াও লাগি আছে।

 অলপ সময় জঁচিয়ে শেতেলীৰ পৰাই লতাডাললৈ একেথৰে চাই থাকিল আৰু তাৰ পাচত চুক মাতিলে। চুৱে স্তোভত মূৰ্গীৰ চুৰুহা বনাই আহিল।

 “মই সঁচাকৈয়ে বেয়া ছোৱালী চু! শেষ পাতটো সৰি নপৰিল। মই নিশ্চয় বাচি থাকিম। পাতটোৱে মোৰ মনত ইমান দিনে বাঁহ লোৱা ভয়ৰ ভুতটো দেখুৱাই যেন মোৰ লাজ দিছে। মৃত্যুক আহ্বান কৰা সঁচাকৈয়ে পাপ! তুমি মোক এতিয়া অলপ চুৰহা যাচিব পৰা, লগতে অলপ গাখীৰ আৰু .... অ’, নহয় মোৰ প্ৰথমতে হাতত ল’বলৈ এখন আৰ্চী আৰু তাৰ পাচত গাৰু কেইটামান কাষত দিয়া। মই উঠি বহিম আৰু তুমি ছবি আঁকা চাই থাকিম।

 এঘণ্টামান পাচত তাই আকৌ ক’লে - “চুে’ মোৰ দেখোন এতিয়া নেপলছ সাগৰৰ দৃশ্য অঁকাৰ কথা মনলৈ আহিছে।’’

 ভাটিবেলা ডাক্তৰে জঁচিক চাই গলহি আৰু বাহিৰত চুৱে ডাক্তৰক লগ ধৰিলে।

 আশংকাত কপি থকা চু’ৰ অকণমান হাতখনত ধৰি ডাক্তৰে আশ্বাস দিলে, ভালদৰে যত্ন ললে জঁচি বাচি উঠিব। মই এতিয়া তলৰ মহলাৰ এজন ৰোগী চাবলৈ যাওঁ। বেৰমেন তেখেতৰ নাম, এজন শিল্পী একেই নিউমনিয়াত ভুগিছে৷ বয়সীয়াল দুৰ্বল মানুহ। অসুখো একেবাৰে কম নহ’ব। আশা ক্ষীনেই আজি হস্পিটেললৈ যোৱা কথা।

 পিচদিনা ডাক্তৰে চুক আকৌ ক’লে, “জঁচিৰ আৰু বিপদ নাই তোমালোকৰ সকলো আশঙ্কা দূৰ হৈ গ’ল। পথ্য আৰু যত্নৰ ওপৰতে এতিয়া। ”

 ভাটিবেলা চু, আহি জঁচিৰ বিচনাত বহিল। কোলাৰ গাৰু এটাত এখন হাতৰ ভৰ দি ৰঙ মনেৰে পুৰণি অদৰ্কাৰী নীলা উলৰ স্কাৰ্ফ এখন সি আছিল।

 “তোমাক মোৰ অলপ ক’বলগীয়া আছে, উপদ্ৰৱৰ দেৱী”চুৱে ক’লে। বেৰমেন আৰু এই সংসাৰত নাই। নিউমনিয়াত ভুগি আজি হস্পিটেলত তেখেত ঢুকাইছে। মাত্ৰ দুদিনৰ অসুখতে ঢুকাই থাকিল। ঘৰ চোৱা-চিতা কৰা মানুহে প্ৰথম দিনা ৰাতিপুৱা তলৰ কোঠাত তেখেতক যন্ত্ৰনাত কেকাই থকা দেখিছিল। তেখেতৰ জোতা আৰু কাপোৰ তিতি আছিল আৰু বৰফ যেন ঠাণ্ডা হৈ আছিল। তেওঁলোকে ভাবি উলিয়াব পৰা নাছিল আগৰাতিৰ ভয়লগ মুহুৰ্ত্তবোত তেখেত ক’ত আছিল। তেওঁলোকে এটা লেম তেতিয়াও জ্বলি থকা অৱস্থাত, আগৰ ঠাইৰ পৰা গুচাই থোৱা এখন জখলা, সেউজীয়া আৰু হালধীয়া ৰঙ মিহলি হৈ লাগি থকা এখন থাল আৰু...... খিৰিকিৰে চোৱা মৰমী, বেৰৰ দাঁতিত থকা শেষ ৰাতিৰ পাতটোৰ পিনে এবাৰ চোৱা!! শেষ পাতটো সৰি পৰাৰ পাছত বেৰত তেখেতে তুমি এতিয়া দেখা পাতটো আঁকি দিছিল। [ ২১ ]

ধন্যবাদজ্ঞাপন দিৱসৰ দিনা

 আমাৰ বাবে এটাই দিন। অতিকৈ হেপাহৰ। আমি আমেৰিকাবাসী। পইচাৰ অভাৱত বােপাইৰ ঘৰলৈ লৰ মাৰিব নােৱাৰা। আমাৰ আটাইকেইজনে আজি পুৰণি পেট্রল পাম্পৰ ওচৰৰ ৰভাথলীত জুতিলগা পিঠা খাবলৈ মাটি তলওপৰ কৰাে। হে দিন, তােমাক অভিন্দন। ৰাষ্ট্রপতি ৰুছভেল্টৰেই অৱদান এই দিনটো। আজি অনুভৱ নকৰি নােৱাৰাে যে পৃথিৱীৰ বুকুত ওপঙি থকা এইখিনি আমাৰ দেশৰেই মাটি। তাত আমাৰ দেশৰেই বতাহ বলিছে, ফুলৰ গােন্ধ উৰিছে। শতিকাৰ পাছত শতিকা ধৰি দেহৰ ঘাম বােৱাই আমি আমাৰ সাংস্কৃতিক গঢ় দিছাে। আজি পেট্রল পাম্পটোৰ ওচৰৰ ৰভাতলীয়ে বহন কৰিছে আমাৰ ঐতিহ্যৰ স্বাক্ষৰ। ৰভতলীয়ে পৃথিৱীৰ সকলাে দেশৰ মানুহক জনাই দিছে যে আজি আমেৰিকাবাসীৰ অইন কথা চিন্তা কৰিবলৈ সময় নাই। তেওঁলােক ধন্যবাদজ্ঞাপন দিৱসৰ আনন্দত মতলীয়া।

 পিউৰিটান সকলে আমাৰ বিপক্ষে উঠিপৰি লাগিছে। প্লাইমাউথ আকাশীযানৰ শব্দ অনাবৰত শুনিবই ধৰিছে। টুর্কীবিলাকৰ কূটনীতিবিদ বিলাকেও আমাৰ পিছত লাগিয়েই আছে। কিন্তু শত্ৰুৰ অপচেষ্টাই আমাক ধন্যবাদ জ্ঞাপন দিবসৰ আনন্দৰ পৰা বঞ্চিত কৰিব পৰা নাই।

 ষ্টাফী পিটৰ বয়স তিনিকুৰিৰ ওচৰা-উচৰি। তেওঁৰ চুলিত ভালদৰেই পক ধৰিছে। কোনাে বৃদ্ধ দর্জীয়ে সি দিয়া কোটচোলাটো তেওঁৰ গাত কোনােমতেহে লাগি ধৰিছে। কোটচোলাৰ বুটাম কেইটা উৱলি নকৈ ফুল যেন হৈছে। কিন্তু তেওঁৰ মূৰৰ ওপৰৰ হেট্‌টোৱে আৰু ৰঙচুৱা গােফ কোছাই তেওঁৰ বয়সটো যেন অলপ পিচুৱাই দিছে। আজি ধন্যবাদজ্ঞাপন দিৱসৰ আনন্দই তেওঁৰ মুখত যি বয়সৰ চাপ পাৰিছিল তাকো মােহাৰি নাইকিয়া কৰিছে। চফল ডেকাটো যেন হৈ আজি তেওঁ ৰভাথলীলৈ আহিছে। ই ধন্যবাদজ্ঞাপন দিৱসৰেই অৱদান।

 ৰভাথলীত ডেকা ল'ৰা সকলােৱে ষ্টাফী পিটক চকী এখনত বহিবলৈ দি বেঢ়ি ধৰিেল। ষ্টাফীৰ ওফোন্দা পেটটো দেখি কাৰাে বুজিবলৈ বাকী নৰ'ল যে তেওঁ অলপ আগেয়ে কৰবাত ভালদৰেই এসাজ খাই আহিছে নানান গল্প গুজৱ চলিল। কথাৰ মাজতে কেইজনমানে ক'ত খাই আহিছে ষ্টাফীক সুধিলে। ষ্টাফীয়ে ক'লে, তেওঁৰ বন্ধু এজনৰ ঘৰত। ডেকাকেইজনমানে বন্ধুজনৰ বিষয়ে জানিবলৈ ইচ্ছা কৰাত ষ্টাফীয়ে [ ২২ ] আকৌ ক’লে যে বন্ধুজন তেওঁৰ বয়সৰে। তেওঁৰ অৱস্থা বেয়া। কিন্তু প্ৰতিবাৰ ধন্যবাদ জ্ঞাপন দিৱসৰ দিনা তেওঁ ষ্টাফীক ঘৰলৈ মাতি লৈ গৈ এসাজ খুৱায়। আজিও তাৰ ব্যতিক্ৰম ঘটা নাই।

 কিন্তু হঠাৎ যেন কি হ’ল? ষ্টাফী পিট তেওঁ বহা চকীখনত ঢলি পৰিল। লগে লগে কেইজনমানে মূৰত পানী ঢালিলে। এজনে বিচিবলৈ ধৰিলে। ষ্টাফীয়ে ফোপাবলৈ ধৰিলে। কেইজনমানে লৰালৰিকৈ চিকিৎসালয়লৈ গৈ এম্বুলেঞ্চ এখন লৈ আহিল। এম্বুলেঞ্চৰ কোমল গাদীত ওফন্দি উঠা পেট এটা শুৱাই দিয়া হ’ল আৰু ষ্টাফী পিট নিস্প্ৰাণ শিলৰ দৰে এম্বুলেঞ্চৰে চিকিৎসালয়লৈ স্থানান্তৰিত হ’ল।

 চিকিৎসালয়ৰ চিকিৎসক সকলে লগে লগেই ষ্টাফীৰ বেমাৰটোনো কি ধৰিব নোৱাৰিলে। কিন্তু ওফন্দি উঠা পেটটো হেচুকি হেচুকি কিছু সময় পাচত এটা সিদ্ধান্তত উপনীত হ’ল— এপেণ্ডিচাইটিচ্। কোমল বয়সীয়া নাৰ্চ এজনী উধাতু খাই ডেকা চিকিৎসক এজনৰ কাষ পালেহি আৰু ক’লে, “চাৰ কি কৰা যায়?”

 “সোজনী,ৰবৰ সময় নাই। Clear case of appendicitis ষ্ট্ৰেচাৰ ৰেডি কৰা আৰু তেওঁক অপাৰেচন কোঠালৈ লৈ ব’লা!”

 নীৰব আৰু উৎকণ্ঠাজনক পৰিবেশত ষ্টাকী পিটৰ পেটৰ ওপৰত অপাৰেচন চলিল। এই অপাৰেচনৰ কৃতকাৰ্য্যতাৰ ওপৰতেই যেন নিৰ্ভৰ কৰিছে ডেকা চিকিৎসক আৰু নাৰ্চ গৰাকীৰ মিলন।

 থিক এইখিনি সময়তেই আন এখন এম্বুলেঞ্চ আন এজন আদহীয়া মানুহক চিকিৎসালয় লৈ লৈ আহিল। তেওঁৰো মাতবোল নাই। মানুহজন কোন চিকিৎসক সকলে চিনি নাপালে। কিন্তু আমি পাইছো। তেওঁ ষ্টাফী পিটৰ বন্ধুজন। তেওঁৰ বেমাৰটোও চিকিৎসকসকলে ধৰিব নোৱাৰিলে কিন্তু আমি ধৰিব পাৰিছো অনাহাৰ। [ ২৩ ]

বৰদিনৰ উপহাৰ


 সাঁচতীয়া পইচা কেইটা তিনিবাৰ গণিও ডেলাই সংখ্যাটোৰ একো ভুল উলিয়াব নোৱাৰিলে। ঠিক এক ডলাৰ আৰু সাতাশী চেন্ট। তাইৰ মনটো এঙাই গ’ল। ইমান দিনে তৰকাৰী আৰু মাছৰ বেপাৰীৰ সৈতে যুঁজ দি তাই এই কেইটা পইচা সাঁচিছিল। তাইৰ মৰমৰ গিৰিয়েক জিমক বৰদিনৰ দিনা এপদ বস্তু উপহাৰ দিয়াৰ মনেৰে। কিন্তু এক ডলাৰ আৰু সাতাশী চেন্টেৰে যে........। আকৌ পিচদিনাই পৰিছে বৰদিন।

 কি কৰিব একো ঠিৰাং কৰিব নোৱাৰি ডেলাই বিচনাতে বাগৰ দিলে। ইতিমধ্যে তাইৰ মনটো বাৰুকৈয়ে সেমেকি গৈছিল। জীৱনত আনন্দ আছে, বেদন আছে, কিন্তু বেদনাৰ ধাৰ চোকা ডেলাই অনুভৱ কৰিলে। তাৰ পাচত আৰু তাই পলম নকৰিলে। নতুন কাপোৰ এযোৰ উলিয়াই পিন্ধিলে আৰু চুলিকোছা লিৰিকি বিদাৰি আয়নাখনলৈ একেথৰে চাবলৈ ধৰিলে। আন একো নিদিলেও ঈশ্বৰে ডেলাক এক অপূৰ্ব্ব বস্তুৰ অধিকাৰীনী কৰিছিল। সেয়া তাইৰ চুলিকোছা। গোটেই চহৰখন চলাথ কৰিলেও এনে একোছা চুলি নোলাব। ই আছিল ডেলাৰ জীৱনৰ গোপন সম্পদ, কঢ়িয়াই আনিছিল, গৌৰৱ আৰু আত্মতুষ্টি। এই চুলিকোছা আজি তাই বেচি পেলাব আৰু জিমৰ বাবে বৰদিনৰ উপহাৰ কিনি আনিব। ডেলাৰ চকুৱেদি দুধাৰি লোতক বৈ আহিল। কিন্তু চকুপানী টুকি থাকিলেতো কাম নহয়। ডেলা বজাৰলৈ ওলাই গ’ল। ছাই ৰঙৰ মেকুৰী এটা দেখি ডেলাই অলপ থ’ত ম’ত খাইছিল, কিন্তু পিচে সুহুৰিৰে মন ডাঠ কৰি ললে।

 চাউথ এভিনিউৰ আটাইতকৈ দামী চেলুন এখনত সোমাই চুলিকোছা লিৰিকি বিদাৰি ডেলাই মালিকজনক সুধিলে, “কিমান দিবা?”

 “চাৰে চাৰি ডলাৰ৷’’

 বৈ পৰা ডেলাৰ সোণালী চুলিকোছা চেলুনৰ ল’ৰা এটাই কোচ কচকৈ কাটি পেলালে। ডেলা দেখিবলৈ স্কুলীয়া ল’ৰাটো যেন হ’ল। প্ৰায় লৰ মৰাৰ নিচিনাকৈ ডেলা চেলুনৰ পৰা ওলাই আহিল।

 পইচা কেইটা যোগাৰ হ’ল। কিন্তু জিমৰ বাবে বাৰু সুন্দৰ উপহাৰ কি হ’ব, ডেলাই চিন্তা কৰিবলৈ ধৰিলে। জিমৰ দামী হাতঘড়ীটোত বহুদিনৰ পৰা ডেলাই উজ্জল চেইন এডাল দেখা নাই। এৰা, এডাল সোণৰ চেইন, জিমৰ হাতঘড়ীটোত লগাবলৈ, বৰদিনৰ দিনা গিৰিয়েকৰ বাবে সেয়েই উপযুক্ত উপহাৰ হ’ব। [ ২৪ ]  সাত ডলাৰেৰে ডেলাই গহণাৰ দোকানৰ পৰা এডাল হাতঘড়ীত লগোৱা সোণৰ চেইন কিনিলে আৰু দিগ্বিজয়ী বীৰাঙ্গণাৰ দৰে ঘৰলৈ উভতিল।

 জিম তেতিয়াও ঘৰ পোৱাহি নাই। ডেলাই কাপোৰ সলালে আৰু ঘৰৰ বয়বস্তুবোৰ পৰিপাটী কৰিবলৈ ধৰিলে। লাহে লাহে সাজ নামিল। ডেলাই লাইট জ্বলালে আৰু অধীৰ ভাৱে জিমলৈ বাট চাবলৈ ধৰিলে।

 বাহিৰত জিমৰ জোতাৰ শব্দ হ’ল। লগে লগে অপৰাধিনীৰ দৰে ডেলা ভিতৰলৈ সোমাই গ’ল। জিমে জোতা খুলিলে আৰু কিছুসময় বিচনাত বাগৰ দিলে। তাৰ যথেষ্ট ভাগৰ লাগিছিল। ইতিমধ্যে ডেলাই চাহ আনি খোৱা মেজত থৈছিল। চাহ খাই ভাগৰ জুৰোৱাৰ পাচত জিমে ডেলাৰ পিনে অপলক দৃষ্টিৰে চাবলৈ ধৰিলে।

 “এয়া তুমি কি কৰিলা সোণ? তোমাৰ চুলিকোছা? দেখি জিম উচপ খাই উঠিল। ভয়ত ডেলাৰ মুখ বিবৰ্ণ হ’ল। তাই জিমৰ কাষ চাপি আহিল আৰু জিমৰ কান্ধত হাত থৈ সেহাই সেহাই ক’লে, “মোৰ চুলি সতকাই গজে জিম। কাইলৈ বৰদিন। তোমাক উপহাৰ দিবলৈ আজি মোৰ একো সম্বল নাই। মোৰ চুলি কোছা বেচিয়েই তোমাৰ হাতঘড়ীটোৰ বাবে এদাল সোণৰ চেইন কিনি আনিছো।

 “সৰ্ব্বনাশ কৰিলা সোণ! তোমাৰ দৰে মোৰো বৰদিনৰ দিনা তোমাক উপহাৰ দিবলৈ একো সম্বল নাই সোণ! মোৰ হাতঘড়ীটো বেচি তোমাৰ চুলিকোছা আচুৰিবলৈ এখন দামী কাকৈ লৈ আহিলে। গোটেই চহৰখনত ইয়াতকৈ দামী কাকৈ আৰু নাই। ”

 নিশাৰ নীৰৱতা ভেদি ডেলাৰ উচুপনি ভাহি আহিলা।

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।