পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধন্যবাদজ্ঞাপন দিৱসৰ দিনা

 আমাৰ বাবে এটাই দিন। অতিকৈ হেপাহৰ। আমি আমেৰিকাবাসী। পইচাৰ অভাৱত বােপাইৰ ঘৰলৈ লৰ মাৰিব নােৱাৰা। আমাৰ আটাইকেইজনে আজি পুৰণি পেট্রল পাম্পৰ ওচৰৰ ৰভাথলীত জুতিলগা পিঠা খাবলৈ মাটি তলওপৰ কৰাে। হে দিন, তােমাক অভিন্দন। ৰাষ্ট্রপতি ৰুছভেল্টৰেই অৱদান এই দিনটো। আজি অনুভৱ নকৰি নােৱাৰাে যে পৃথিৱীৰ বুকুত ওপঙি থকা এইখিনি আমাৰ দেশৰেই মাটি। তাত আমাৰ দেশৰেই বতাহ বলিছে, ফুলৰ গােন্ধ উৰিছে। শতিকাৰ পাছত শতিকা ধৰি দেহৰ ঘাম বােৱাই আমি আমাৰ সাংস্কৃতিক গঢ় দিছাে। আজি পেট্রল পাম্পটোৰ ওচৰৰ ৰভাতলীয়ে বহন কৰিছে আমাৰ ঐতিহ্যৰ স্বাক্ষৰ। ৰভতলীয়ে পৃথিৱীৰ সকলাে দেশৰ মানুহক জনাই দিছে যে আজি আমেৰিকাবাসীৰ অইন কথা চিন্তা কৰিবলৈ সময় নাই। তেওঁলােক ধন্যবাদজ্ঞাপন দিৱসৰ আনন্দত মতলীয়া।

 পিউৰিটান সকলে আমাৰ বিপক্ষে উঠিপৰি লাগিছে। প্লাইমাউথ আকাশীযানৰ শব্দ অনাবৰত শুনিবই ধৰিছে। টুর্কীবিলাকৰ কূটনীতিবিদ বিলাকেও আমাৰ পিছত লাগিয়েই আছে। কিন্তু শত্ৰুৰ অপচেষ্টাই আমাক ধন্যবাদ জ্ঞাপন দিবসৰ আনন্দৰ পৰা বঞ্চিত কৰিব পৰা নাই।

 ষ্টাফী পিটৰ বয়স তিনিকুৰিৰ ওচৰা-উচৰি। তেওঁৰ চুলিত ভালদৰেই পক ধৰিছে। কোনাে বৃদ্ধ দর্জীয়ে সি দিয়া কোটচোলাটো তেওঁৰ গাত কোনােমতেহে লাগি ধৰিছে। কোটচোলাৰ বুটাম কেইটা উৱলি নকৈ ফুল যেন হৈছে। কিন্তু তেওঁৰ মূৰৰ ওপৰৰ হেট্‌টোৱে আৰু ৰঙচুৱা গােফ কোছাই তেওঁৰ বয়সটো যেন অলপ পিচুৱাই দিছে। আজি ধন্যবাদজ্ঞাপন দিৱসৰ আনন্দই তেওঁৰ মুখত যি বয়সৰ চাপ পাৰিছিল তাকো মােহাৰি নাইকিয়া কৰিছে। চফল ডেকাটো যেন হৈ আজি তেওঁ ৰভাথলীলৈ আহিছে। ই ধন্যবাদজ্ঞাপন দিৱসৰেই অৱদান।

 ৰভাথলীত ডেকা ল'ৰা সকলােৱে ষ্টাফী পিটক চকী এখনত বহিবলৈ দি বেঢ়ি ধৰিেল। ষ্টাফীৰ ওফোন্দা পেটটো দেখি কাৰাে বুজিবলৈ বাকী নৰ'ল যে তেওঁ অলপ আগেয়ে কৰবাত ভালদৰেই এসাজ খাই আহিছে নানান গল্প গুজৱ চলিল। কথাৰ মাজতে কেইজনমানে ক'ত খাই আহিছে ষ্টাফীক সুধিলে। ষ্টাফীয়ে ক'লে, তেওঁৰ বন্ধু এজনৰ ঘৰত। ডেকাকেইজনমানে বন্ধুজনৰ বিষয়ে জানিবলৈ ইচ্ছা কৰাত ষ্টাফীয়ে

গীৰ্জাসঙ্গীত আৰু ৰাতিৰ প্ৰহৰী/২১