পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গীৰ্জাসঙ্গীত আৰু ৰাতিৰ প্ৰহৰী


 শীতৰ সন্ধিয়া! শীতৰ এই সন্ধিয়াবোৰ চ’পিৰ কাৰণে বৰ বেদনাদায়ক। বিষন্ন মন এটা লৈ চ’পিয়ে মেডিচন স্কোৱাৰ পাৰ্কৰ বেঞ্চত বহি শীতৰ সন্ধিয়াৰ বিহ্বল মুহুৰ্ত্তবোৰ কটাই দিয়ে! বনৰীয়া হাঁহে এতিয়া হয়তো ডেউকা কোবাই আকাশত ছোঁ মাৰিবলৈ লৈছে। মাত্ৰ অকমান কাপোৰ বুকুত লৈ তিৰোতা মানুহে মৰমৰ উম বিচাৰি গিৰিয়েকৰ কাষ চাপি আহিছে আৰু চ’পিয়ে পাৰ্কৰ বেঞ্চত উদাস মনেৰে আগন্তুক দিনৰ বাস্তবৰ কঠোৰ মুহুৰ্ত্তবোৰৰ কথা কল্পনা কৰি সচকিত হৈ উঠিছে! তাৰ উপাৰ্জন নাই। নাই এটা সংস্থান! বাটৰ ধুলিৰ দৰে দেহাটোক এৰি দি আলি গলি ঘুৰি ফুৰাৰ বাহিৰে আন কাম কি হ’ব! কৰ্ম্মসংস্থান এটাৰ দিহা কৰাৰ বাবে তাৰ উপযুক্ত শিক্ষা দীক্ষাও নহ’ল। কিন্তু অলিগলি ঘুৰি ফুৰাৰ কাৰণে কাপোৰ খিনিৰতো অন্ততঃ যোগাৰ লাগে। গৰমৰ দিন কেইটা যায় যেনেতেনে! কিন্তু শীতৰ দিনকেইটা তাৰ কাৰণে ভয়াবহ। ক’ৰবাৰ পৰা শুকান গছৰ পাত এখিলা চ’পিৰ কোলাত পৰিলহি। এয়া বৰদিনৰ সম্ভাষণ নিশ্চয়। মেডিচন স্কোৱাৰত যি সকলৰ নিয়মীয়া পদাৰ্পন সেইসকললৈ মহৰ্ষি জেক ফ্ৰষ্টৰ বৰ মৰম আৰু বৰদিনৰ পৰ্বত গীৰ্জাবোৰত ধ্বনিত হোৱা গীতে তেখেতৰ শুভাশীষৰ আগলি বতৰা জনায়। চ’পিৰ জীৱনত উচ্চাভিলাষ নথকা নহয়, আছিল। কিন্তু সেই উচ্চাভিলাষ কাঞ্চনজঙ্ঘা সদৃশ সহজে ঢুকি নোপোৱা বিধৰ নাছিল। জাহাজত বহি চ’পিয়ে ভুমধ্য সাগৰৰ স্নিগ্ধ বতাহৰ আমেজ ল’ব খোজা নাছিল বা দক্ষিনৰ আকাশৰ ৰঙ চাই সপোন বিভোৰ হ’ব খোজা নাছিল নতুবা ৰিচুবিয়ান সাগৰৰ সোঁতত মগ্ন হৈ আপোন পাহৰা হ’ব খোজা নাছিল। তাৰ একমাত্ৰ হাবিয়াস আছিল তিনিটা মাহ এটা দ্বীপত সি গৰম বতাহ খাব। তাত তাক বিশেষ একো নেলাগে, খোৱাৰ বাবে দুবেলা দুসাজ, শুবলৈ বিচনা এখন আৰু কথা পতাৰ বাবে দুই চাৰিজন বন্ধু পালেই হ’ল। উত্তৰৰ হাড় কপোৱা ঠাণ্ডা বতাহ বা ঈশ্বৰৰ অদ্ভুত শক্তি প্ৰচাৰ কৰি ফুৰা নতুন যজমানে তাত আমনি নকৰিব। চ’পিৰ কাৰণে অসহ্য এই বক্তৃতা। ই খোৱা পিন্ধাৰ একো সম্ভেদ নিদিয়ে। এই ঠাণ্ডাৰ দিনকেইটাত চ’পিৰ কাপোৰ এখন ল’বলৈকে হাহাকাৰ। কেবাবছৰো ধৰি সি শীতৰ দিন কেইটা ব্লেকৱেল অতিথিশালাতেই কটাই দিছে।

 বেঞ্চৰ পৰা উঠি চ’পিয়ে এচফল্ট সাগৰৰ পাৰৰ ব্ৰডওৱে আৰু চিক্সথ, এভিনিউ য’ত লগ লাগিছে তাত অলপ সময় ৰ’ল। ব্ৰডওয়ে ৰাস্তাত উঠি চকু ঘুৰাই দেখে যে বিজুলী বাতিৰ চিকমিক পোহৰত ৰেষ্টুৰেণ্ট এখনও সন্ধিয়াৰ মোহনীয় পৰিৱেশ। তাত

গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী/৯