পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হাউলি পৰাৰ নিচিনা কৰিলে, বলীয়াৰ দৰে মুখত যিহকে আহে তিহকে বলকিলে। মুঠতে গোটেই পৰিৱেশটো অস্বস্তিকৰ কৰি তুলিলে।

 কিন্তু একো লাভ নহ’ল। চ’পিৰ এই ক্ৰিয়াকলাপ যেন নিতান্তই স্বাভাৱিক এই ভাবেৰে পুলিচজনে হাতৰ লাঠিদাল ঘুৰাই চ’পিৰ পিনে পিঠি দিলে আৰু বাটৰ মানুহ এজনক ক’লে — একো নাই, এইজন ‘য়েল’ গোষ্টীৰ ল’ৰা আজি তেওঁলোকে কিবা উৎসৱ পাতিছে। হাৰ্টফোৰ্ড কলেজৰ ল’ৰা-ছোৱালীবোৰকো আজি তেওঁলোকে কণী বিলাব হেনো। অলপ হুলস্থুল হৈছে আৰু কিন্তু ভয়নাই, দিগদাৰী নিদিয়ে। তেওঁলোকৰ তামাচাত আমি কান নিদিবলৈকেহে হুকুম আছে। ”

 সান্তনাৰ আৰু ভাষা নাই। এক মুহূৰ্ত্তৰ কাৰণে চ’পিয়ে পুলিচৰ হাতত পৰা চেষ্টা এৰি দিয়াৰ কথা ভাবিলে। কিয় বাৰু সি কৃতকাৰ্য্য হ’ব নোৱাৰিলে? কিয় বাৰু কোনো পুলিচে তাক ধৰি নিয়াৰ কথা নাভাবিলে? আক্ষেপত তাৰ মন ভাগি পৰিল। তাৰ হেঁপাহৰ দ্বীপ অলঙ্ঘ্য পৰ্বতৰ চূঢ়া সদৃশ হ’ল। ঠৰঙা বতাহে চ’পিকো অলপ কষ্ট দিছিল। কোটৰ বুতাম কেইটা মাৰি লৈ সি আকৌ খোজ পেলালে।

 চুৰটৰ দোকান এখনত শুৱনি পোছাক পিন্ধা মানুহ এজনে দুলি থকা জুইৰ স্ফুলিংগৰ পৰা চুৰট জ্বলাইছিল। তেওঁৰ ছাতিটো দুৱাৰ মুখত আউজি পৰি আছি। চ’পি দোকানখনলৈ সোমাই গ’ল আৰু ছাতিটো ডাঙি লৈ গুচি আহিল। মানুহজনে অলপ হুলস্থূল লগালে, “হেৰি, মোৰ ছাতিটো কলৈ নিয়ে? “আপোনাৰ ছাতি?” চ’পি গুজৰি উঠিল, “হেৰি, আপোনাৰ ছাতি যদি মই নিছো পুলিচ এজন মাতি আনি ব্যৱস্থা নলয় কিয়? সেই চুকত দেখোন এজন থিয় হৈ আছেই। ”

 চ’পিৰ চাতুৰী নাখাটিল। মানুহজন যিটো গতিৰে আগুৱাই আহিছিল ঠিক সেই গতিৰেই পিচুৱাই গ’ল। চ’পিৰ মনত আকৌ অকৃতকাৰ্য্যতাৰ আশঙ্কাই দেখা দিলে। ঘটনাটো দেখি পুলিচজনৰ অলপ কৌতুহল হৈছিল যদিও কথাটো আচলতে কি ধৰিব পৰা নাছিল। মানুহজনে সেহাই সেহাই ক’লে, “হ’ব পাৰে, হ’ব পাৰে, ছাতিটো আপোনাৰ হ’ব পাৰে। এনেকুৱা ছাতি এটা মই আজি লৈ ফুৰিছিলো। আশা কৰো আপুনি মোক ক্ষমা কৰিব মানুহৰ ভুল হয়েই আৰু বেয়া নাপাব বুলি আশা...’’

 ছাতিৰ আগৰ গৰাকীজন দোকানৰ পৰা উভটিল। কোনো নাচৰ অনুষ্ঠানলৈ যাবলৈ ওলোৱা যেন লগা দীঘলকৈ ধুনীয়া ছোৱালী এজনী গাড়ীৰ আগত পৰিবলৈ ওলাইছিল। পুলিচজনে তাইক বিপদমুক্ত কৰিবলৈ আগুৱাই গ’ল।

 ঘটনাৰ গতিয়ে চ’পিক নিৰাশাৰ একেবাৰে তলৰ বিন্দুত উপনীত কৰিলে। মাটিৰ খাদ এটালৈ ছাতিটো সি দলিয়াই দিলে। ৰঙাটুপী পিন্ধি হাতত লাঠি লৈ ফুৰা ছাতিটোৰ প্ৰতি তাৰ বিক্ষোভ হ’ল। ধৰি নিয়াৰ পৰিৱৰ্ত্তে ইহঁতে দোখোন তাক ৰজাৰ সন্মানহে যাচিবলৈ ধৰিছে। ৰজাৰ একো ভুল হ’ব নোৱাৰে।

গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী/১৪