পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 দুৱাৰমুখত এজন হৃষ্টপুষ্ট চেহেৰাৰ মানুহৰ সৈতে তাৰ মুখামুখি হ’ল। মানুহজন চিনি পাওঁতে তাৰ অলপো কষ্ট নহ’ল! মুখত উদাস হাঁহি লৈ সি ক’লে, “বেন ডাঙৰীয়া”। মাতত যেন দোষ স্বীকাৰ কৰাৰ গৌৰৱ, “অৱশেষত মোক বিচাৰি পালে, নহয় জানো? পলমকৈ হলেও মই ধৰা পৰিছো। আক্ষেপ নকৰিব!”

 কিন্তু জিমৰ পৰিবৰ্ত্তিত জীৱনে ইতিমধ্যে বেন প্ৰাইচক মুগ্ধ কৰিছিল। মানৱীয়তাৰ অনুভুতিৰে আপ্লুত হৈ ক্ষমাশীলতাৰ উদাৰ মনোভাবেৰে জিমৰ আগত তেওঁ নিজৰ চিনাকী লুকুৱাবলৈ চেষ্টা কৰিলে। “মই ভাবো আপুনি ভুল কৰিছে. স্পেনচাৰ ডাঙৰীয়া। আপোনাৰ সৈতে মোৰ কাহানিবা চিনাকী আছিল বুলি ভাবিবলৈ মই টান পাইছো। মোক আপোনাৰ পথৰ প্ৰতিবন্ধক বুলি নেভাবিব সৌ বাগীখন বাহিৰত আপোনাৰ কাৰণে ৰৈ আছে। ”

 অহা বাটেদি বেন প্ৰাইচ উভটি গ’ল।

গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী/৮