পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰা চু আৰু জঁচিয়েও সিহঁতৰ আৰ্টৰ দোকানৰ বাবে কোঠা এটা বাচি লৈছিল। চুৰ ঘৰ মেইনত। জঁচিৰ কালিফৰ্নিয়াত অ’ত ত’ত ঘুৰি ফুৰোতে কেনেবাকৈ দুয়ো ডেলম নিক’চ ষ্ট্ৰীটৰ ডিহ’ট ৰেষ্টুৰেণ্টৰ মেজত লগালগি হ’ল। আৰু বন্ধুত্বৰ স্বাক্ষৰ হিচাবে গঢ়ি উঠিল আৰ্টৰ দোকানখন।

 কবিতাৰ ছন্দৰ দৰে দিনবোৰ গৈ আছিল। কেইমাহমান পাচত চুবুৰীটোলৈ কৰবাৰ পৰা আচহুৱা মানুহ এজন আহিল। মানুহজন আদহীয়া বয়সৰ আৰু অদ্ভুত প্ৰকৃতিৰ চুবুৰীটোৰ সৰু সৰু বাট কেইটাতে ঘুৰা পকা কৰি থাকে আৰু সমুখত যাকে পায় তাকে চিকুট মাৰে! চুহঁতে বৰ বিৰক্তি পাইছিল এইজন মানুহৰ পৰা। ডাক্তৰে তেওঁক শ্ৰীযুক্ত নিউম’নিয়া বুলিয়েই মাতিছিল। তেওঁ গাত হাত দিলেই যেন কাৰোবাৰ অসুখ হ’ব।

 এদিন জঁচিয়ে অনুভৱ কৰিলে যে তাইৰ গাটো অসুখ অসুখ লাগিছে। এৰা নিউমনিয়াৰে হাত লাগিয়েই তাইৰ অসুখ হ’ল। অৱশ দেহাৰে ৰঙ লাগোৱা লোহাৰ বিচনাখনৰ এমূৰত ভেজা দি বহল খিৰিকিৰ আয়নাৰ মাজেৰে কাষৰ ইটাৰ ঘৰৰ সমুখৰ উকা ঠাই ডোখৰলৈ কাতৰ দৃষ্টি পেলাই তাই মূহুৰ্ত্তবোৰ পাৰ কৰি গ’ল।

 ডাক্তৰে চুক মতাই নিয়াইছিল। ক্লিনিকেল থাৰ্ম্মমিটাৰটো জোকাৰি থকা ডাক্তৰ চিন্তাম্বিত চকুহাল দেখি চু নিৰাশ হোৱা নাছিল। ডাক্তৰৰ কথাত আশ্বসৰ সুৰ আছে। জঁচি বাচি উঠাৰ সম্ভাৱনা সৰু সংখ্যা এটাৰ ভিতৰত এটা। ডাঙৰ সংখ্যাৰ ভিতৰত এটা হ’লেহে.... নাই চুৱে তেনেকৈ ভাবিব নোৱাৰে। কিন্তু জঁচি যে নিজেই নিৰাশ হৈ পৰিছে। তাইৰ এনেকুৱা এটা ধাৰণা হৈছে যে পৃথিৱীত এনে চিকিৎসা নাই, যাৰ যাদুকৰী সংগীতে তাইক ভাল কৰি তুলিব পাৰে। ডাক্তৰে অলপ অসুবিধা পাইছে! বেমাৰিয়ে মনোবল হেৰুৱালে কেনেকৈ হ’ব! কিন্তু জঁচিয়েযদি সাহস গোটাই লয়। ভাল হৈ উঠি যদি অহা শীতত নতুন ফেচনৰ কাপোৰ পিন্ধা কথা কয়, যদি কোনোবা ডেকাৰ সৈতে মধুৰ মূহুৰ্ত্ত কেইটামান কটোৱাৰ কথা ভাবে তেন্তে তাই বাচি উঠাৰ সম্ভাবনা আৰু শকত সংখ্যা এটাৰ ভিতৰত এটা হ’ব। তাই জীৱন ওভোটাই পোৱাটো আৰু খাটাং হ’ব। চুৱে ডাক্তবক কৈছিল — জঁচিৰ এই বোৰ চখ আছেনে নাই তাই নেজানে কিন্তু নেপলছ উপসাগৰ চিত্ৰৰ বাবে তুলিকা বোলোৱাৰ হাবিয়াস আছে।

 সুহুৰিয়াই সুহুৰিয়াই চুৰে জঁচিৰ চকুৰ আগত ড্ৰইংবোৰ্ডখন ডাঙি ধৰিছিল। নিঃসাৰ ভাবে জঁচি বিনা চাদৰ তলত পৰি আছিল! মুখখন খিৰিকীয়েদি সিটো খুব বেৰত বগাই উঠা আইভি লতাডালৰ পিনে!

 ড্ৰইংবোৰ্ডখন আওজাই লৈ চুৱে হাতত তুলিকা লৈ আলোচনীৰ গল্পৰ বাবে স্কেচ্ছ অঁকাত লাগি গৈছিল।

 চুহঁত নতুন শিল্পী৷ আলোচনীৰ চিত্ৰৰ মাজেৰেই প্ৰথম আত্মপ্ৰকাশ কৰিব লাগিব।

গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী/১৭