পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কথা ক’লে। বাচন চিকচিকিয়া হোৱা দৃষ্যটো চাই ছোৱালীজনীয়ে এনে আমোদ পাইছিল যে চ’পি কাষ চাপি অহাৰ উমান পাইও তাই উচপিচ লগোৱা নাছিল মাত্ৰ অলপ আতৰি দিছিল আৰু চকু বাচনতেই ৰাখিছিল।

 চ’পিয়ে লক্ষ্য কৰিলে সম্পূৰ্ণ দৃষ্টি নেপেলালেও পুলিচজনে তাৰ কাৰ্য্যকালাপ মন কৰিছে। বুকুত সাহস গোটাই সি ছোৱালীজনৰ কাষ চাপি আহিল আৰু টুপিটো ডাঙি মাত উলিয়ালে, “হেৰা সোণজনী, তুমি আমাৰ ঘৰৰ ফালে মাজে মাজে পাক মাৰিব পাৰা চোন। আমাৰ দোকানত খেলাৰো সুবিধা আছে। ”

 পুলিচজনে তেতিয়াও দৃষ্টি এৰি দিয়া নাছিল। অসভ্যালিৰ আতিশষ্যত বিতুষ্ট হৈ তাই হয়তো যিকোনো মুহুৰ্ত্ততে হাত ডাঙি চ’পিৰ পিনে আগুৱাই আহিব আৰু চ’পিৰ কল্পনাই বাস্তৱ ৰূপ ল’ব। পুলিচ থানাৰ কৰ্ম্ম তৎপৰ আৰু ব্যস্ত পৰিৱেশ এটা আৰু তাৰ ভিতৰত চ’পি কাৰায়ত্ব হৈ থকা দৃশ্য এটা তাৰ চকুত ভাহি উঠিল। কিন্তু তাৰ আচৰণত ছোৱালীজনীৰ যিটো প্ৰতিক্ৰিয়া হ’ল তাক চ’পিয়ে ভুলতো ভবা নাছিল। তাই চ’পিৰ কাষ চাপি আহি চ’পিৰ কোটটোত লয়লাস ভঙ্গীৰে আজুৰি ধৰিলে আৰু ক’লে, “তোমাৰ তালৈ খেলিবলৈ যোৱাটো হ’ব বাৰু। কিন্তু সোণ, তাৰ আগতে তুমি মোক নদীলৈ লৈ ব’লা। গা ধুবলৈ ইচ্ছা গৈছে। এটা কথা কিন্তু, সেই পুলিচটোৱে আমাক চাই আছে, অলপ সাৱধান।

 সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল। তায়ো যেন চ’পিৰ সতে চুপতি মাৰিবলৈহে তাত ৰৈ আছিল। এই চেষ্টাতো বিফল হৈ চ’পি আকৌ নিৰাশ হ'ল। পুলিচজনৰ গাৰ কাষেদি সি গুচি আহিল। তাৰ ধাৰণা হ’ল পুলিচৰ কৱলত পৰিবলৈ তাৰ ভাগ্যত লিখা নাই, মুক্তিৰ বাবেই তাৰ জীৱন।

 বাটটোৰ পৰা ঘূৰি বাটৰ লগৰীক চ’পিয়ে বিদায় দিলে আৰু সেই অঞ্চলটো এৰি অলপ আতৰলৈ যোৱাৰ মনেৰে বাগী চলাই দিলে। এটা বেলেগ চুবুৰী পাই দেখে যে বিজুলী বাতিৰ চিকমিক পোহৰত বাটবোৰ কথা বতৰা আৰু গীতৰ মুৰ্চ্চনাৰে কোলাহল মুখৰ হৈ পৰিছে। তিৰোতাবোৰে নোমৰ জেকেট আৰু মতামানুহে হলৌ কোট পিন্ধি আন্ধাৰেৰে শীতৰ সিৰসিৰীয়া বতাহত ঘুৰি ফুৰিছে। চ’পিয়ে অন্তত এক বিভীষিকাময় সঙ্গীত ধ্বনিৰ প্ৰৱাহ অনুভৱ কৰিলে, যি প্ৰৱাহে পুলিচৰ কৱলত সোমোৱাৰ বাটত এক বিৰাট প্ৰতিবন্ধকৰ সৃষ্টি কৰিছে। অজান আশঙ্কাই চ’পিক ম্ৰিয়মান কৰি তুলিলে। কিন্তু পিচমুহুৰ্ততে এটা দৃশ্য আবিস্কাৰ কৰি চ’পিয়ে মনৰ এই ভয়াৰ্ত্ত অৱস্থাক আসৈ নিদি তীক্ষ্ন দৃষ্টিৰ চিকাৰীৰ দৰে আগুৱাই আহিল। স্বচ্ছ আয়নাৰ বেৰৰ এটা নাটঘৰৰ সমুখত এজন পুলিচ বৰ আয়াসেৰে টহলি আছিল। বিলম্ব নকৰি তেওঁ দেখাকৈ চ’পিয়ে উদ্ভণ্ডালি আৰম্ভ কৰিলে। মদ খোৱা মানুহৰ দৰে বিকৃত মাতেৰে ডাঙৰ ডাঙৰকৈ চিঞৰিলে

গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী/১৩