পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 উজ্বল পোহৰত জঁচিয়ে স্পষ্ট দেখিলে, আইভি পাতটো তেতিয়াও লাগি আছে।

 অলপ সময় জঁচিয়ে শেতেলীৰ পৰাই লতাডাললৈ একেথৰে চাই থাকিল আৰু তাৰ পাচত চুক মাতিলে। চুৱে স্তোভত মূৰ্গীৰ চুৰুহা বনাই আহিল।

 “মই সঁচাকৈয়ে বেয়া ছোৱালী চু! শেষ পাতটো সৰি নপৰিল। মই নিশ্চয় বাচি থাকিম। পাতটোৱে মোৰ মনত ইমান দিনে বাঁহ লোৱা ভয়ৰ ভুতটো দেখুৱাই যেন মোৰ লাজ দিছে। মৃত্যুক আহ্বান কৰা সঁচাকৈয়ে পাপ! তুমি মোক এতিয়া অলপ চুৰহা যাচিব পৰা, লগতে অলপ গাখীৰ আৰু .... অ’, নহয় মোৰ প্ৰথমতে হাতত ল’বলৈ এখন আৰ্চী আৰু তাৰ পাচত গাৰু কেইটামান কাষত দিয়া। মই উঠি বহিম আৰু তুমি ছবি আঁকা চাই থাকিম।

 এঘণ্টামান পাচত তাই আকৌ ক’লে - “চুে’ মোৰ দেখোন এতিয়া নেপলছ সাগৰৰ দৃশ্য অঁকাৰ কথা মনলৈ আহিছে।’’

 ভাটিবেলা ডাক্তৰে জঁচিক চাই গলহি আৰু বাহিৰত চুৱে ডাক্তৰক লগ ধৰিলে।

 আশংকাত কপি থকা চু’ৰ অকণমান হাতখনত ধৰি ডাক্তৰে আশ্বাস দিলে, ভালদৰে যত্ন ললে জঁচি বাচি উঠিব। মই এতিয়া তলৰ মহলাৰ এজন ৰোগী চাবলৈ যাওঁ। বেৰমেন তেখেতৰ নাম, এজন শিল্পী একেই নিউমনিয়াত ভুগিছে৷ বয়সীয়াল দুৰ্বল মানুহ। অসুখো একেবাৰে কম নহ’ব। আশা ক্ষীনেই আজি হস্পিটেললৈ যোৱা কথা।

 পিচদিনা ডাক্তৰে চুক আকৌ ক’লে, “জঁচিৰ আৰু বিপদ নাই তোমালোকৰ সকলো আশঙ্কা দূৰ হৈ গ’ল। পথ্য আৰু যত্নৰ ওপৰতে এতিয়া। ”

 ভাটিবেলা চু, আহি জঁচিৰ বিচনাত বহিল। কোলাৰ গাৰু এটাত এখন হাতৰ ভৰ দি ৰঙ মনেৰে পুৰণি অদৰ্কাৰী নীলা উলৰ স্কাৰ্ফ এখন সি আছিল।

 “তোমাক মোৰ অলপ ক’বলগীয়া আছে, উপদ্ৰৱৰ দেৱী”চুৱে ক’লে। বেৰমেন আৰু এই সংসাৰত নাই। নিউমনিয়াত ভুগি আজি হস্পিটেলত তেখেত ঢুকাইছে। মাত্ৰ দুদিনৰ অসুখতে ঢুকাই থাকিল। ঘৰ চোৱা-চিতা কৰা মানুহে প্ৰথম দিনা ৰাতিপুৱা তলৰ কোঠাত তেখেতক যন্ত্ৰনাত কেকাই থকা দেখিছিল। তেখেতৰ জোতা আৰু কাপোৰ তিতি আছিল আৰু বৰফ যেন ঠাণ্ডা হৈ আছিল। তেওঁলোকে ভাবি উলিয়াব পৰা নাছিল আগৰাতিৰ ভয়লগ মুহুৰ্ত্তবোত তেখেত ক’ত আছিল। তেওঁলোকে এটা লেম তেতিয়াও জ্বলি থকা অৱস্থাত, আগৰ ঠাইৰ পৰা গুচাই থোৱা এখন জখলা, সেউজীয়া আৰু হালধীয়া ৰঙ মিহলি হৈ লাগি থকা এখন থাল আৰু...... খিৰিকিৰে চোৱা মৰমী, বেৰৰ দাঁতিত থকা শেষ ৰাতিৰ পাতটোৰ পিনে এবাৰ চোৱা!! শেষ পাতটো সৰি পৰাৰ পাছত বেৰত তেখেতে তুমি এতিয়া দেখা পাতটো আঁকি দিছিল।

গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী/২০