পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আঙুৰৰ পৰা তৈয়াৰী বিভিধ সুস্বাদু পানীয়, পাটৰ কাপোৰ পৰিহিতা ৰূপহী আৰু তজবজীয়া যৌৱনৰ ডেকা ল’ৰাৰ অপূৰ্ব সমাৱেশ।

 চ’পিৰ আত্ম বিশ্বাস অসীম। এনেয়ে সি ডাঢ়ি গোফ খুৰাই পৰিস্কাৰ হৈ আছে। তাতে আজি পিন্ধা কোটটো সিমান পুৰণি আৰু মলিয়ন নহয়! লগত আকৌ আগৰ এটা ধন্যবাদ জ্ঞাপন দিৱসত খৃষ্টান মাহিলা মিছনাৰী এগৰাকীয়ে উপহাৰ দিয়া সুন্দৰকৈ ৰচী লগোৱা বাগীখন আছেই। ৰেষ্টুৰেণ্টলৈ সোমাই মেজ এখন অধিকাৰ কৰিব পাৰিলেই হয়। মেজৰ ওপৰত তাৰ শৰীৰ যি অংশ ওলাই থাকিব সি খোৱা বস্তুৰ যোগান দিয়া ল’ৰাটোৰ মনত একো সন্দেহৰ সৃষ্টি নকৰে। এবটল মদৰ সৈতে এটা ভজা শৰালি হাঁহ, অলপ চাটনি আৰু শেষত এটা চুৰট-সুন্দৰ হ’ব। চুৰটটো হয়তো বাহৰত কিনিব লগীয়া হ’ব পাৰে, তাৰ দাম বৰ বেচি এক ডলাৰ হ’ব। গোটেই খাদ্যৰ দাম এনে এটা সংখ্যাতে থাকিব যিটো দিব নোৱাৰিলেও কোনো কথা নাই বুলি হাঁহি মাৰি দোকানৰ মালিকে মানৱীয়তাৰ নিদৰ্শন নেদেখুৱালেও সাংঘাতিক শাস্তিৰ ব্যৱস্থা নকৰে। অন্ততঃ শৰালি হাঁহৰ মঙ্গহৰ তৃপ্তি লগত লৈ শীতৰ দিনৰ আনন্দ উপভোগ কৰিবলৈ যাত্ৰা কৰাৰ সুযোগ পাব।

 কিন্তু ৰেষ্টুৰেণ্টৰ দুৱাৰত ভৰি দিয়াৰ লগে লগে খোৱা বস্তুৰ যোগান দিয়া মুখ্য ল’ৰাটোৰ চকু চ’পিৰ সোতমোচ খোৱা পটলুং আৰু উৱলি যোৱা জোতা যোৰৰ ওপৰত পৰিল। সি বিশেষ হুলস্থূল নকৰি একেধাৰে চ’পিক ওলাই যোৱাৰ নিৰ্দ্দেশ দিলে আৰু হাতেৰে ঠেলি আনি বাহিৰো পোৱালে, আৰু নিশ্চিত মৃত্যুৰ পৰা শৰালি হাঁহটোক উদ্ধাৰ কৰিলে।

 চ’পি ব্ৰডওৱে ৰাস্তা এৰি অইনফালে ঘূৰিল। তাৰ অনুমান হ’ল তাৰ হেঁপাহৰ দ্বীপটোলৈ যোৱা পথ সুগন্ধি কুসুম ফুলা বিধৰ নহয়, জন কোলাহলৰ পৰা আঁতৰি নিৰ্জ্জন দ্বীপত আৱদ্ধতাৰ প্ৰশান্তি লাভ কৰাৰ হাবিয়াস অইন ধৰণে পুৰাব লাগিব। তাৰহে অৱস্থা এইটো, কিন্তু নিউৱৰ্কত থকা ভাগ্য দেবী প্ৰসন্নতা লাভ কৰা তাৰ বন্ধু কেইজনে আকৌ শীতৰ এই সময়ছোৱা ৰিভিৰিয়া আৰু পাম উপকূলত আৰামেৰে কটোৱাৰ দিহা কৰে। সিও দৃঢ় সংকল্প আৰামেৰে কটোৱাৰ দিহা কৰে। সিও দৃঢ় সংকল্প এইবাৰ এটা দ্বীপত কটাই শীতকালৰ আনন্দ উপভোগ কৰিব। ইতিমধ্যে যথেষ্ট পলমেই হৈছে আৰু পলম কৰি লাভ নাই। ঠাণ্ডা ভালদৰেই পৰিছে। যোৱাকালি ৰাতি পূৰণি চাৰিআলিৰ ফাউণ্টেইনটোৰ কাষৰ বেঞ্চ এখনত বোহতে বুকুৱে ককালে আঠুৱে মেৰিয়াই লোৱা তিনিখন বাতৰি কাগজেও জাৰৰ কোপৰ পৰা তাক ৰক্ষা কৰিব নোৱাৰিলে। এয়ে যেন দ্বীপলৈ বতাহ খাবলৈ যোৱাৰ সমযৰ সঙ্কেত, তাৰ হৃদয়ৰ .............. এইটোৱেই মূহুৰ্ত্ত। চহৰত যিবোৰ দাতব্য অনুষ্ঠান আৰু অতিথিশালা আছে তাৰ খোৱা থকাৰ ব্যৱস্থা

গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী/১০