পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 আহি আহি চ’পি একেবাৰে পুবৰ ফালৰ ৰাস্তা এটাত উপস্থিত হ’ল। ঠাই টুকুৰা অলপ নিৰ্জ্জন। ইয়াত আৰু কোনো দোকানৰ উজ্বলতা আৰু লগতে চ’পিৰ প্ৰত্যাশিত গণ্ডগলৰ সম্ভাৱনা নাই। ইয়াৰ পৰা চ’পিয়ে মেডিচন স্কোৱাৰৰ পিনে অলপ আশ্ৰয় কাতৰ ভাবে চালে। ইতিমধ্যে চ’পিৰ মন ঘৰমুখী হৈছিল যদিও পাৰ্কৰ বেঞ্চেই তাৰ এক প্ৰকাৰ ঘৰ।

 কিন্তু ৰাস্তাৰ আন এটাফালে নিৰ্জ্জন পৰিৱেশত ভাগি ছিগি প্ৰায় উৱলি যাব খোজা পুৰণি গীৰ্জাটোৰ পৰা ভাহি অহা মধুৰ গীতৰ ধ্বনিয়ে চ’পিৰ মনৰ দোদুল্যমান অৱস্থা পাহৰাই পেলালে। চৌহদৰ লোহাৰ জোংবোৰৰ ভাজত আওজি চ’পি নিশ্চুপ হৈ ৰ’ল। হয়তো কোনো যাজকে ভিতৰত বৰদিনৰ বাবে গীৰ্জ্জাসঙ্গীতৰ আখৰা দিছে।

 আকাশত জোনে শান্ত পোহৰ বিলাইছে। বাটত গাড়ী ঘোৰা জনপ্ৰাণী কমি আহিছে। ঘৰৰ চালত শালিকাই টোপনিতে হয়তো কুৰুলিয়াইছে। পৰিৱেশটো চ’পিৰ জয়াল জয়াল লাগিল। ভাঁহি অহা সঙ্গীতৰ ধ্বনিয়ে চ’পিক অলপ সময়ৰ বাবে এৰি অহা দিনলৈ লৈ গ’ল - শৈশৱৰ ৰঙীণ কল্পনাৰ দিনলৈ, আইৰ বুকুৰ মৰম পোৱা নিৰ্ভেজাল মুহুৰ্তবোৰলৈ।

 চ’পিৰ সমগ্ৰ সত্তা জিকাৰ খাই উঠিল। জীৱনৰ বাটত লুটি খাই পৰাৰ কৰুণ ছবি, কৰ্ম্মহীনতাৰ নিষ্ফল মুহুৰ্ত্তবোৰ কোনোদিনে পূৰন হ’ব নোৱাৰা আকাঙ্খ্যাবোৰ, মনতে মাৰ নিয়াবলগীয়া হোৱা হেঁপাহবোৰ আৰু অক্ষমতাৰ অবুজ বেদনাবোৰ সুঁৱৰি চ’পি ত্ৰস্ত হৈ উঠিল। কিহবাই যেন চ’পিক হেঁচা মাৰি ধৰিছে কিন্তু পিছ মুহুৰ্ত্ততে চ’পিয়ে মন আকৌ ডাঠ কৰি ললে। দুৰ্ভাগ্যই ক্ষত বিক্ষত কৰা জীৱনটো গ্ৰাস কৰিবলৈ ওলোৱা ভূতক সি পৰাভুত কৰিব! এতিয়াও সময় আছে। তাৰ বয়স পাৰ হৈ যোৱা নাই। গম্ভীৰ মধুৰ সঙ্গীত ধ্বনিয়ে তাৰ চেতনাত এক বিপ্লৱৰ সৃষ্টি কৰিছে। কাইলৈ দূৰণিৰ কৰ্ম্মব্যস্ত চহৰ এখনলৈ কাম বিচাৰি সি গুচি যাব। নোমৰ বস্তু ব্যৱসায়ী এজনে তাক এবাৰ গাড়ী চালকৰ চাকৰি এটাৰ সন্ধান দিছিল। কাইলৈয়ে সি তেওঁক বিচাৰি উলিয়াব আৰু চাকৰিটোৰ বিষয়ে খবৰ ল’ব। পৃথিৱীৰ যুঁজাৰু মানুহৰ ভিতৰত সিও ঠাই ল’ব। সিও দুৰ্জ্জেয় পাহাৰ ভাঙি.....

 চ’পিয়ে বাহুত কাৰোবাৰ হাতৰ পৰশ পালে। ঘুৰি চাই দেখে যে পূৰঠমুখৰ পুলিচ এজনে তাক সন্দেহজনক ঠাইত আৱিস্কাৰ কৰা ভঙ্গীৰে থিয়হৈ আছে।

 “কি কৰিছ তই ইয়াত?”

 “নাই একো কৰা নাই এনেয়ে আছো। ” চ’পিয়ে উত্তৰ দিলে। “আহ মোৰ লগত’’ বুলি পুলিচজনে তাক লৈ গ’ল। পিছদিনা বিচাৰৰ বাবে ঘটনাটো হাতত লোৱা মেজিষ্ট্ৰেটজনে তিনি মাহৰ বাবে তাক দ্বীপলৈ নিৰ্বাসনৰ দণ্ডেৰে দণ্ডিত কৰিলে।

গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী/১৫