পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনা হৈছিল। অদামচ ডাঙৰীয়াৰ কাৰণে এইটো এটা গৌৰৱৰে বস্তু হৈছিল আৰু মানুহ পালেই আনি দেখুৱাইছিল। চন্দুকটো সৰু আছিল যদিও তাৰ দুৱাৰখন বন্ধ কৰাৰ কৌশল নতুন ধৰণৰ আছিল। তিনিটা ষ্টিলৰ স্ক্ৰু লগাইহে দুৱাৰখন বন্ধ কৰিব পাৰি আৰু চন্দুকটোৰ এটা সময় চালিত সঁচাৰ আছিল। আডামচ্ ডাঙীয়াই চন্দুকটো কেনেকৈ ব্যৱহাৰ কৰা হয় ষ্পেনচাৰক বুজাই আছিল স্পেনচাৰে কথাবোৰ শান্তভাৱে শুনি গৈছিল! কিন্তু বিশেষ আগ্ৰহৰ ভাৱ দেখুৱা নাছিল। মে’ আৰু আগাথা নামৰ সৰু ছোৱালীদুজনীয়ে জিলিকি থকা নতুন চন্দুকটো সময়চালিত সঁচাৰ আৰু সঁচাৰ লগোৱা সাফৰখন দেখি বৰ ৰং পাইছিল।

 তেওঁলোক ভিতৰত ব্যস্ত হৈ থাকোতে বেন প্ৰাইচ কৰবাৰ পৰা সোমাই আহি আৰু কান্ধত ভেজা দি বেৰত আওজি থিয় হৈ থাকিল আৰু মাজে মাজে ৰেলিঙৰ মাজেৰে ভিতৰৰ কোঠালৈ ভুমুকি মাৰিবলৈ ধৰিলে। বেঙ্কৰ কোনোবা এজনে কিবা লাগে নেকি সোধাত তেওঁ কলে যে তেওঁক একো নেলাগে, তেওঁৰ এজন চিনাকী মানুহৰ কাৰণেহে তাত ৰৈ আছে। মুঠতে এক নাটকীয় পৰিৱেশ। তিৰোতা মানুহখিনিৰ মাজত হঠাৎ চিঞৰ বাখৰ হ’ল আৰু খন্তেকতে হুৱাদুৱা লাগি পৰিল। ডাঙৰ কেইগৰাকীয়ে মন কৰা নাছিল। মে’ নামৰ ন বছৰীয়া ছোৱালীজনীয়ে খেলাৰ উৎসাহতে হঠাৎ আগাথা নামৰ ছোৱালীজনীক চন্দুকটোৰ ভিতৰত সুমুৱাই দি বাহিৰৰ পৰা দুৱাৰখন বন্ধ কৰি দিলে আৰু স্ক্ৰুবোৰ লগাই দিলে। তাই যেন আডামচ্ ডাঙৰীয়াই চন্দুকটো কেনেকৈ বন্ধ কৰে আগৰ পৰা জানিহে থৈছিল। সময়চালিত সঁচাৰটো ইতিমধো লাগি গ’ল।

 বয়সীয়া মহাজনে জাপমাৰি উঠি চন্দুকটোত হাত লগাবলৈ গ’ল আৰু এক মুহূৰ্ত্তৰ বাবে টনা আজোৰা কৰি থাকিল! দুৱৰখন খুলিব নোৱাৰি তেওঁ কিংকৰ্ত্তব্য বিমুঢ়হৈ ভোৰভোৰোলে,” ঘড়ীটো আৰু জোৰ কৰি ঘূৰাব নোৱাৰি নিৰ্দ্ধাৰিত সময়ৰ আগতেহে ই খোল খাব। আগাথাৰ মাক প্ৰায় মুচকচ গ’ল আৰু চিঞৰিবলৈ ধৰিলে। 'একমুহূৰ্ত্তৰ কাৰণে সকলোৱে মনে মনে থাকাচোন’, কপা হাতখন ডাঙি আদামচ ডাঙৰীয়াই নিৰ্দ্দেশ দিলে আৰু যিমান পাৰে ডাঙৰকৈ মাতিলে, “আগাথা’’! পিচৰ নীৰৱ মুহূৰ্ত্তটোত সকলোৱে অন্ধকাৰ চন্দুকটোৰ ভিতৰত ভয়ত পেপুৱা লগা ছোৱালীজনীৰ দুৰ্ব্বল মাতৰ কৰুণ আৰ্ত্তনাদ শুনিবলৈ পালে! “মোৰ ছোৱালীজনী,” ছোৱালীজনীৰ মাকে হাৱৈ বিয়ৈ কৰি উঠিল, “তাই ভয়তে মৰিব এতিয়া; অস, দুৱাৰখন খোলা কোনোবাই। ভাঙি হলেও খোলা। কোনেও একো কৰিব নোৱাৰানে?”

 “লিটল ৰ’কৰ বাহিৰে ওচৰত এই দুৱাৰখন খুলিব পৰা মানুহ নাই” কপা কপা মাতেৰে আডামচ ডাঙৰীয়াই কলে, “হে ভগবান! স্পেনচাৰ আমি এতিয়া কি কৰো বাৰু? ছোৱালীজনী বেচি সময় তাত তিষ্টিব নোৱাৰিব। তাই বতাহ, নেপাই উশাহ লব

গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী/৬