পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

থকা সৰু খোটালী এটাৰ পৰা চুটকেচ এটা উলিয়ালে। চুটকেচটো খুলি তাৰ ভিতৰত থকা চন্দুক ভঙা সা-সৰঞ্জামবোৰ উলিয়ালে। এইবোৰ প্ৰাচ্য দেশৰ নতুন আমদানী আৰু বিভিন্ন ধৰণৰ ধাতুৰে বনোৱা। নতুন ডিজাইনৰ এই চেটটোৰ দামো বুজন সংখ্যাৰেই হ’ব।

 ৰাস্তাৰ এটা মেৰত তাৰ গাৰ কাষেদি এজনী ধুনীয়া ছোৱালী পাৰ হৈ গ’ল। আৰু এলিমোৰ বেঙ্ক বুলি লিখা এখন চাইনবোৰ্ডৰ তলৰ দুৱাৰত ভৰি দিলে। জিম তাইৰ কাষ চাপি আহিল। তাৰ বুকুত অলপ লহৰ খেলি গ’ল। তাইও জিমৰ পিনে কেৰাহীকৈ চালে। এক মাদকতা অনুভৱ কৰিলে সি। এলিমোৰ চহৰত জিমৰ চেহেৰা আৰু চালচলনৰ ডেকা নাই বুলিলেই হয়।

 নিজৰ যেন এই বেঙ্কত অংশহে আছে এই ভঙ্গীৰে জিমে চিৰিয়েদি উঠি যাব খোজা ল’ৰা এটাক ৰখালে আৰু মাজে মাজে দুটা এটা খুচুৰা পইচা যাচি এলিমোৰ বেঙ্কটোৰ বিষয়ে পুংখানুপুখৰূপে সুধি গ’ল। ইতিমধ্যে ছোৱালীজনী ওলাই আহিল। এনে ভঙ্গী দেখুৱালে যেন তাই জিমৰ উপস্থিতি গমেই পোৱা নাছিল। মনৰ দুৰ্ব্বলতা প্ৰকাশ নকৰা নাৰী চৰিত্ৰৰ এক অদ্ভুত দিশ। তাই ওলাই ৰাস্তা পালেগৈ।

 “এইজনী মিচ, পলি চিম্পচন নহয়নে?” ছোৱালীজনী কোন জানিবৰ কাৰণে জিমে লৰাটোক সুধিলে।

 “নহয়,” লৰাটোৱে উত্তৰ দিলে, “তেখেত মিচ্ এনাবেল আডামচ। তেখেতৰ দেউতাকেই এই বেঙ্কৰ মালিক। আপুনিনো এলমোৰলৈ কি কৰিবলৈ আহিল? বোধকৰো ঘড়ীৰ কাৰণে সোনৰ চেইন কিনিব। অ’ মই এটা ভাল জাতৰ কুকুৰ কিনিব খুজিছো। খুচুৰা পইচা আছে যদি দি থৈ য’ক চোন আৰু কেইটামান”।

 বেঙ্ক এৰি জিম্ প্লেন্টাৰ্চ হোটেল নামৰ হোটেল এখনলৈ গ’ল আৰু নিজকে ৱালফ ডি স্পেনচাৰ বুলি নাম ভৰ্ত্তি কৰি কোঠালী এটা বন্দোৱস্ত কৰিলে। হোটেলৰ কেৰানীজনক এলমোৰলৈ অহাৰ উদ্দেশ্য ক’লে যে ব্যৱসায়ৰ কাৰণে ইয়াত ভাল ঠাই এটুকুৰা বিচাৰিছে। ইতিমধ্যে জোতাৰ ব্যৱসায়ৰ কথা ভাবিছেই, কেৱল সুবিধা এটা পালেই হ’ল। জিমৰ পোছাক পিন্ধা ধৰণ আৰু কথাবতৰা কোৱা ভঙ্গীয়ে কেৰানীজনক বেচ আকৃষ্ট কৰিছিল। তেৱোঁ কেনেকৈ চকুত লগা ডেকা এজন হ’ব পাৰে মনতে পাঙি আছিল। জিমক তেওঁ প্ৰয়োজনীয় খবৰ উজাৰি জনালে। এই চহৰত কোনো এখন অকল জোতাৰ দোকান নাই। ষ্টেচনাৰী আৰু অন্য সামগ্ৰী বিক্ৰী কৰা দোকানবোৰেই জোতাৰ যোগান ধৰে। গতিকে জোতাৰ ব্যৱসায়েই ইয়াত ভাল চলিব। ইয়াৰ মানুহখিনিৰ ব্যৱহাৰ পাতিও ভাল, তেওঁলোকৰ লগত মিলামিছা কৰাতো একো

অসুবিধা নহয়। স্পেনচাৰ ডাঙৰীয়াই ভাবিলে তেওঁ কিছুদিন চহৰখনত থাকি পৰিস্থিতি

গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী/২