পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কোনফালে ঢাল খায় তাকে চোৱা ভাল হ’ব। চুটকেছটো ডাঙি লৈ তেওঁ নিজৰ কোঠাত সোমাল। তেওঁৰ ভাগৰো লাগিছিল। বিচনাত হেলান দি পৰি তেওঁ এতিয়া যি ভাবত মগ্ন হ’ল, সেই ভাব আন একো নহয় মিচ এনাবেলৰ প্ৰতি উদ্ভৱ হোৱা তেওঁৰ প্ৰেমৰ অনুৰাগ। তেওঁ যেন এতিয়া পুনঃ পুনঃ ভাবে হঠাৎ অনুভূত হোৱা এক প্ৰেমৰ শিখাৰ জুইত পৰি নিঃশেষ হ’ব খোজা এটি ফিনিক্স পখী।

 আধাঘণ্টা পাচত জিম তললৈ নামিল আৰু দোকানৰ মাজেৰে ওলাই আহিল। তাৰ পোচাকযোৰ এতিয়া চকুত লগা আৰু হাতত আধা ধুলি লগা আধা পৰিস্কাৰ চুটকেচটো।

 “ক’লৈ যোৱানো?”, মাইকে অলপ আহ্লাদেৰে সুধিলে।

 “কি কথা সোধাহে?”, জিম অলপ আচৰিত হল, “হাত লকলকায়ে আছে, ৰ’ব মন নাই, এইবাৰ নিউচৰ্ট স্কপ বিস্কুটৰ দোকান আৰু ফ্ৰিজেল্ড ঘেহু কোম্পানীৰ এজেন্ট। এজেন্ট যেন লগা হৈছেনে বাৰু?”

 কথাষাৰে মাইকক এনে আনন্দ দিলে যে জিমে সেই মুহুৰ্ত্ততে মাইকে যচা চেলজাৰ আৰু গাখীৰ খাবলৈ পালে। তাৰ জিভাত এনে বস্তু আগেয়ে পৰা নাছিল।

 হাজোতৰ পৰা জিমক এৰি দিয়াৰ এসপ্তাহ পিচতেই ইণ্ডিয়ানাৰ ৰিচমণ্ডত কোনোবাই চন্দুক এটা ভাঙি আঠশ ডলাৰ লুটি লৈ গ’ল। ইয়াৰ দুসপ্তাহ পিচত ল’গান স্পোৰ্টত এটা উন্নত ধৰণৰ চোৰে সহজে লৰাব নোৱাৰা চন্দুক এটাৰ সঁচাৰ লগোৱা সাফৰখনো কোনোবাই দৈৰ চামনি গুচোৱাৰ দৰে ভাঙি পেলালে আৰু পোন্ধৰশ ডলাৰ উঠাই লৈ গ’ল। পুলিচ, চোৰাং চোৱাৰ কাৰণে ঘটনাটো অলপ চিন্তাৰ বিষয় হ’ল। ইয়াৰ কেইদিনমান পিচত আকৌ জেফাৰ্চন চহৰত চন্দুক এটাৰ দুৱাৰ খোল খাই গ’ল আৰু প্ৰায় পাচহেজাৰ ডলাৰৰ বেঙ্ক নোট নাইকিয়া হ’ল! এই আটাইবোৰ ঘটনা সংক্ৰান্তত চোৰ হোৱা ধনৰ পৰিমাণটো দলিয়াই পেলাব লগীয়া হৈ নাথাকিল আৰু স্বাভাবিকতে বেন্ প্ৰাইচেৰ নিচিনা সুদক্ষ চোৰাংচোৱাৰ অনুসন্ধানৰ বিষয় হৈ পৰিল। লুট হোৱা ঠাই বিলাক বেন্ প্ৰাইচে অনুসন্ধান কৰি গম পালে যে এইবিলাক চতুৰ জিম ভেলেন্টাইনৰ পাকৈত হাতৰ নমুনা। এঠাইত এটা আলমাৰীৰ তলা লগোৱা দুৱাৰখন মূলা উভালাদি উভালিছে! আন এঠাইত আকৌ আলমাৰীৰ আইনা কিছুমানত সৰু সৰুকৈ ফুটা কৰিছে। জিমৰ হাততেই সাধাৰণতে এইবোৰ কৰা হাতিয়াৰ থাকে।

 আৰু এট সিদ্ধান্তত বেন প্ৰাইচ উপনীত হ’ল যে জিম এতিয়া চুৰি হোৱা এলেকাত নাই। জিমৰ অভ্যাস বিলাক তেওঁৰ অবিদিত নহয়। সাধাৰণতে জিময়ে কাম সমাধা কৰি ততাতয়াকৈ উধাও হৈ ভাল মানুহৰ মাজত গা ঢাকি ফুৰে। এতিয়া নিশ্চয় সি

দূৰলৈ গুচি গৈছে। সচাকৈয়ে আৰ্কান প্ৰদেশৰ এলিমোৰ যে কিমান দূৰৈৰ ...

গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী/৩