পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 প্ৰৌঢ় বেৰমেন চিত্ৰকৰ। তেওঁ চুহঁত থকা ঘৰটোৰ তলৰ মহলাতে আছিল গম্ভীৰ প্ৰকৃতিৰ মানুহ বেৰমেন। বয়স ষাঠিৰ কম নহ’ব। দীঘল মোচ কোছাত এজন গুৰু গম্ভীৰ সন্ন্যাসীৰ ভাৱমূৰ্ত্ত! জীৱনৰ চল্লিচটা বছৰ হাতত তুলিকা লৈ কটাই দিছে। অৱশ্যে ব্যৱসায় প্ৰতিষ্ঠানৰ বিজ্ঞাপনৰ বাহিৰে অইনত সিমান সুনাম অৰ্জ্জন কৰিব পৰা নাই। শিকাৰু শিল্পীৰ হাত ধৰি দুপইচা আহে। অপৰিমিত ভাবে জিন পিয়া তেওঁৰ অভ্যাস আৰু কথাৰ মাজতে তেওঁৰ জীৱনৰ আটাইতকৈ সুন্দৰ ছবিখন অকাৰ কল্পনা ব্যক্ত কৰে। চুবুৰীটোৰ মানুহৰ মনত এনে এটা ভাব যে বেৰমেন ওচৰত আছে বাবেই চুহঁতৰ আৰ্টৰ দোকানখন বাচি আছে।

 বেৰমেনৰ কোঠাত সোমাই চুৱে দেখিলে যে এন্ধাৰ মিশ্ৰিত পোহৰত তেওঁ জুৰিপাৰ ফুলৰ গোন্ধ লৈ আছে। এচুকত এটা ফ্ৰমত উকা কেনভাচ কাপোৰ এখন বেৰমেনৰ জীৱনৰ শ্ৰেষ্ঠ কীৰ্ত্তিৰ প্ৰথম পৰশ পাবলৈ কপকপীয়াকৈ লাগি আছে। চু’ৱে বেৰমেনক জঁচিৰ উদ্ভট চিন্তাৰ কথা বিবৰি ক’লে, আইভি লতাৰ পাত সৰি পৰা দেখি তাই কেনেকৈ দুৰ্বল হৈ আহিছে। নিজকে পাতৰ দৰে নিঠৰুৱা বুলি ভাবি জীয়াই থকাৰ সকলো আশা এৰি দিছে।

 প্ৰৌঢ় বেৰমেনৰ ৰঙা চকুত খঙ আৰু বিৰক্তি দুয়োটাই প্ৰকাশ পলে, পৃথিৱীত এনেকুৱা অবোধ মানুহ থাকেনে যিয়ে শুকান লতাৰ পাত সৰি পৰা দেখি নিজৰ জীৱটোও শেষ হৈ আহিছে বুলি ভাবিব পাৰে? এনেকুৱা অদ্ভুত কথা মই জীৱনত শুনা নাই। তোমালোকক লৈ এটা বিৰক্তি। নাই, তোমালোকক আৰু মই ছবি অকাত সহায় নকৰো। অদ্ভুত ভ্ৰান্তিমূলক কথা কিছুমান কিয় বাৰু জঁচিৰ মূৰত সোমাবলৈ দিছা?

 “অসুখত ভুগি তাই বৰ দুৰ্বল হৈ পৰিছে’’ চু’ৱে ক’লে “আৰু দুৰ্বলতাৰ বাবেই মনতো অদ্ভুত চিন্তাই বাহ লৈছে। আপুনি কিবা এটা কৰিব পাৰিব বুলি মোৰ বিশ্বাস। আমিতো আপোনাৰ পৰ নহয়!’’ পৰ বুলি তোমাক কোনে ক’লে? কিবা এটা কৰাৰ চেষ্টা নিশ্চয় কৰিম। কিমান দিননো ইয়াত আছো। মোৰ ছবিখন অকা হ’লেই হঠাৎ মই ইয়াৰ পৰা হয়তো গুচি যাব পাৰো।

 দুয়ো ওপৰ মহলা পালে জঁচিৰ টোপনি আহিছিল। খিৰিকিৰ পৰ্দ্দাখন চুৱে পেলাই দি ঠাৰেৰে বেৰমেনক সিটো কোঠালৈ যাবলে ইঙ্গিত দিলে! উত্তৰৰ বতাহ ব’বলৈ আৰম্ভ কৰিলে। আকাশ ডাৱৰীয়া হ’ল, খিৰিকিত বৰষুণৰ চিটিকনি তীব্ৰ হৈ আহিল, ডাচ ষ্টাইলৰ ঘৰৰ মুধচৰ পৰা ঝৰঝৰকৈ পানী পৰিবলৈ ধৰিলে।

 ৰাতিপুৱা সূৰুযৰ প্ৰথম পোহৰত যেতিয়া ধৰনী উদ্ভাসিত হ’ল জঁচিয়ে দোদুল্যমান মনৰ নিৰ্দ্দেশ শুনিবলৈ পালে — “খিৰিকিখন কাৰোবাক খুলি দিবলৈ কোৱা!” পাতটো নিশ্চয় আৰু লতাডালত নাই!

গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী/১৯