পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নোৱাৰিব, তদুপৰি ভয়তে পেপুৱা লাগি তাই হাতভৰি আচাৰি ছটফটাই থাকিব। ”

 আগাথাৰ মাকে প্ৰায় বলীয়াৰ দৰে চন্দুকটো ভঙাৰ ব্যৱস্থা কৰিবলৈ ক’লে। এনাবেলে জিমৰ ফালে মুখ ঘুৰালে। তাইৰ চকুতো ভয়ৰ চিন স্পষ্ট, তাৱশ্যে সিমান হতাশ হোৱা নাছিল।

 “তুমি কিবা এটা কৰিব নোৱাৰানে ৰালফ, অকণমান চেষ্টা কৰি চোৱাচোন। ” নিজৰ প্ৰিয়জনে যেন সংসাৰত কৰিব নোৱাৰা কাম একো নাই এই ভাবেৰে তাই জিমক কলে। জিমৰ কাৰণে এতিয়া চৰম পৰীক্ষাৰ সময়। মনৰ এটা দিশত হাতিয়াৰ লৈ মৃত্যুমুখত চন্দুক ভাঙি ফুৰা কালিমা লগা জীৱনৰ পাহৰনি আৰু আনটো দিশত একেই জীৱন এটা বচোৱাৰ ক্ষীপ্ৰ অনুভূতি। মনৰ দোদুল্যমান অৱস্থা চেপি ৰাখি সি কলে “এনাবেল, তুমি বুকুত পিন্ধি থকা গোলাপ পাহ মোক দিয়াচোন। ”

 কথাষাৰ অৰ্থ এনাবেলে একো ধৰিব নোৱাৰিলে, তথাপিও তাই বুকুৰ কাপোৰৰ পৰা ফুলপাহ গুচাই তাৰ হাতত গুজি দিলে। জিমে ফুলপাহ প্ৰথমতে কোটৰ পকেটত সুমুৱালে আৰু তাৰ পাছত কোটটো সোলোকাই চোলাৰ তলৰ পটিটো টানি ললে। ষ্পেনচাৰৰ ঠাইত এতিয়া জিমি ভেলেন্টাইন মূৰ্ত্ত হৈ উঠিল।

 “আটাইবোৰ দুৱাৰৰ ওচৰৰ পৰা আতৰি আহা”, পলম নকৰাকৈ সি আদেশৰ সুৰত ক’লে।

 চুটকেচটো মেজৰ ওপৰত পেলাই লৈ সি মেলি ললে। সেই মূহুৰ্ত্তৰ পৰাই আন কাৰোবাৰ উপস্থিতি সি পাহৰি গ’ল। চুটকেছৰ পৰা সেই আচৰিত ধৰণৰ সৰঞ্জাম কেইপাত উলিয়ালে। যেন কাৰোবাৰ আদেশৰ বশবৰ্ত্তী হৈ আছে এই ভাবেৰে বাকীবোৰ মানুহ লৰচৰ আৰু সাৰসুৰ নকৰাকৈ থাকিল।

 এক মিনিটৰ ভিতৰতে জিমৰ হাতৰ ড্ৰিল পাতে চন্দুকৰ দুৱাৰখন ফুটা কৰাত লাগি গ’ল। নিজৰ চন্দুকভাঙা ৰেকৰ্ড ভঙ্গ কৰি দুই মিনিটৰ ভিতৰতে স্ক্ৰুবোৰ উভালি সি দুৱাৰখন খুলি পেলালে। আগাথাৰ মৰো মৰো অৱস্থা হৈছিল। অৱশ্যে শাৰীৰিক ভাবে তাই দুখ পোৱা নাছিল। চন্দুকৰ পৰা ওলাই একে জাপে তাই মাকৰ কোলা পালেগৈ।

 আগাথাৰ জীৱন ৰক্ষা পৰিল। কিন্তু জিমৰ কাৰণে সকলে শেষ হৈ গ’ল। তাৰ শুভকাঙ্খী সকল আৰু প্ৰণয়ীৰ আগত অতীতৰ কলঙ্কিত অধ্যায়ৰ ঢাকনি খোল খাই গ’ল।

 কোটটো পিন্ধি জিমে ৰেলিঙৰ মাজেৰে আগফাললৈ ওলাই আহিল। তাৰ অনুমান হ’ল নিচেই ওচৰৰ পৰা ‘ৰালফ্’ বুলি পৰিচিত বুলি এক আবেগ বিহ্বল ধ্বনিয়ে যেন তাক উভতি আহিবলৈ আহ্বান জনাইছে। সি কিন্তু অলপো ৰোৱাৰ প্ৰয়োজন অনুভৱ নকৰিলে।

গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী/৭