পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৰ সুবিধাজনক নহয়। আইন-প্ৰশাসন কিছুমান মানুহৰ সা-সুবিধাৰ কাৰণেহে, গোটেই সমাজৰ অধিকাৰ সাপেক্ষ নহয়, যি ভাবিলে। অৱশ্যে পৌৰ কৰ্ত্তৃপক্ষৰ যিবোৰ দাতব্য অনুষ্ঠান আছে তাত চ’পিয়ে তাৰ খোৱা পিন্ধাৰ মানদণ্ডৰ সৈতে খাপ খোৱাকৈ সুন্দৰ ভাবে থকা মেলাৰ ব্যৱস্থা কৰিব পাৰে। কিন্তু চ’পি আৰ্থিকভাবে দুখীয়া হলেও মনৰ দুখীয়া নাছিল। পৰিস্থিতিত পৰি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পৰা ক্ষমতা হেৰুৱালেও আনৰ অনুগ্ৰহত টকালি পাৰ খাই পুতৌৰ পাত্ৰ হ’বলৈ চপিয়ে ঘিন কৰিছিল। চ’পিৰ মতে অনুগৃহীত হৈ যিয়ে সামান্যভাবে হলেও আনৰ ওচৰত ঋনী বুলি বাবি পইচাৰে নহলেও কৃতজ্ঞতাৰে ঋণ পৰিশোধ কৰাৰ কথা নেভাৱে সি মানুহ নামৰ অযোগ্য। ই চ’পিৰ চৰিত্ৰৰ এক অদ্ভুত বৈশিষ্ট, এক ব্যক্তিত্ব আৰু গৌৰৱৰ বস্তু। সেই কাৰণে এটা দিশৰ পৰা চাৰকাৰী ব্যৱস্থাৰ আলহী হোৱাই ভাল। য’ত নিয়ম কানুন আছে কিন্তু ব্যক্তিগত ভাবে কাৰো অনুকম্পাৰ পাত্ৰ হোৱাৰ শঙ্কা নাই।

 দ্বীপলৈ যোৱাটো চ’পিৰ খাটাঙেই। এতিয়া কেবল সুবিধাটো পালেই হ’ল। বহুত উপায় আছে। তাৰ ভিতৰত আটাইতকৈ সুবিধাজনক হ’ল ৰেষ্টুৰেণ্ট এখনত ইচ্ছা মতে খাই লোৱা আৰু নিজকে দেউলীয়া বুলি প্ৰতিপন্ন কৰি পুলিচৰ হাতত ধৰা দিয়া। বিচাৰৰ বাবে ঘটনাটো হাতত লোৱা মেজিষ্ট্ৰেটজনে বাকীখিনি নিজেই কৰি পেলাব। নিৰ্বাসন দণ্ডেৰে দণ্ডিত হৈ সি মনে বিচৰামতে দ্বীপত কটাবলৈ পাব। আগৰ বাৰ যোৱাটো দূৰৈৰ কথা, সি হোটেলত সোমাবলৈকে নোৱাৰিলে।

 বেঞ্চৰ পৰা উঠি চ’পিয়ে চাৰিআলিৰ মাজেৰে খোজ পেলালে। চিক্সথ এভিনুৰ এটা চুকত বিজুলী বাতিৰ পোহৰত এখন দোকানৰ আয়না পৰিস্কাৰভাৱে জিলিকি উঠিল। চ’পিয়ে শিল এটা বুটলি লৈ দলি মাৰি দিলে আৰু দোকানৰ আয়না ভাঙি চুৰমাৰ হ’ল। এজাক মানুহ চাৰিওফালৰ পৰা দৌৰি আহি তাত জুম বান্ধিলে। মানুহ জাকৰ মাজত পুলিচ এজন স্পষ্টভাৱে দেখা গ’ল। কোটৰ জেপত হাত সুমুৱাই বুতাম কেইটাৰফালে চাই হাঁহি মাৰি লৰচৰ নকৰাকৈ চ’পি এনেভাবে থিয় হৈ থাকিল যেন ঘটনাটোৰ সি এজন নীৰৱ দৰ্শকহে।

 “কোনে বাৰু এইটো কৰিলে?” পুলিচ বিষয়াজনে আধাখিনি ব্যস্ততাৰে আৰু আৰু আধাখিনি খঙেৰে সুধিলে।

 চ’পিয়ে যেন সৌভাগ্যকহে আদৰি ল’ব। কৌশলেৰে বিষয়াজনলৈ উদ্দেশ্যে কৰি ক’লে – “আপুনি নেভাবেনে মই এই সংক্ৰান্তত কিবা জানিব পাৰো?”

 চ’পিয়ে ঘটনাৰ কিবা সম্ভেদ দিব পাৰে বুলি পুলিচ বিষয়াজনৰ বিশ্বাস নহ’ল। দোকানৰ আইনা ভঙাৰ নিচিনা দোষনীয় কাম কৰি কোনো তাত ৰৈ নাথাকে, পলাবলৈ চেষ্টা কৰিব। মানুহ এজনে টেক্সি এখন ধৰিবৰ কাৰণে দৌৰিছিল। পুলিচজনে অইন

গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী/১১