পৃষ্ঠা:গীৰ্জা সংগীত আৰু ৰাতিৰ প্ৰহৰী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 চিঠিখন লিখাৰ পিচৰ সোমবাৰৰ দিনাখনেই বেন প্ৰাইচ কিবা শুংসূত্ৰ লৈ এলিমোৰ চহৰ পালেহি। পাতপিতকৈ অনুসন্ধান কৰি বেন প্ৰাইচে গম পালে যে যাৰ পমখেদি তেওঁ ইমান দিনে ঘুৰি ফুৰিছে সেই মানুহটো এতিয়া জিম ভেলেন্টাইন হৈ থকা নাই, ৰালফ্ ডি ষ্পেনাচৰ নাম লৈ এই চহৰতে জোতাৰ দোকান খুলি বহি আছে। এখন ঔষধৰ দোকানৰ পৰা হঠাৎ ৰাস্তাৰ সিপাৰে থকা জোতাৰ দোকান এখনত বহি থকা স্পেনচাৰক বেন প্ৰাইচৰ চকুত পৰিল। তীক্ষ দৃষ্টি আৰু মুখত আবিষ্কাৰৰ বুদ্ধি দীপ্ত হাঁহি লৈ বেন প্ৰাইচে মনতে ভাবিলে, ‘বেঙ্কৰ মহাজনৰ জীয়েকক বিয়া কৰাবলৈ ওলাইছ, নহয়নে জিম? আৰু মই একো নজনাকৈ আছো বুলি ভাবিছ।

 পিচদিনা ৰাতিপুৱা জিমে আডামচ পৰিয়ালতেই চাহ জলপান খালে। সেইদিনা সি বিয়াৰ কাপোৰ যোৰ আৰু এনাবেলৰ বাবে সুন্দৰ বস্তু দুই এপদ কিনিবৰ বাবে লিটল ৰ’কলৈ যোৱা কথা। এলিমোৰৰ পৰা এইবাৰেই সি প্ৰথম বাহিৰলৈ যাব। ইতিমধ্যে সি পুৰাপুৰি ভদ্ৰলোক হৈ গৈছে। বাহিৰ ওলাবলৈ মনে সংকোচ নকৰে।

 চাহ জলপান খোৱাৰ পাছত আডামচ্ ডাঙৰীয়া, এনাবেল, জিম, এনাবেলৰ বিবাহিতা বায়েক আৰু তেখেতৰ পাচ আৰু ন বছৰীয়া ছোৱালী দুজনী মুঠতে গোটেই পৰিয়ালটো লিটল ৰ’কলৈ ৰাওনা হ’ল। জিম থকা হোটেলখনৰ কাৰত তেওঁলোক ৰ’ল আৰু জিমে তৎক্ষণাত তাৰ কোঠালৈ গৈ চুটকেচটো লৈ আহিল। ইয়াৰ পিচত তেওঁলোক বেঙ্কলৈ গ’ল। জিমিৰ ঘোৰা আৰু বাগীখন লৈ সিহঁতক ৰেলষ্টেচনলৈ লৈ যাবৰ কাৰণে ডলফ্ গিবান আগৰ পৰা বেঙ্কৰ সমুখত সাজু হৈ আছিল।

 ওক কাঠৰ ৰেলিঙৰ মাজেৰে আটাইবোৰ বেঙ্কৰ মুখ্য কোঠাটোলৈ সোমাই গ’ল। জিমৰো তালৈ প্ৰৱেশ ঘটিল। আডামচ্ ডাঙৰীয়াৰ ভাবী জোঁৱাইৰ এতিয়া সকলো ঠাইলৈ অবাধ গতি। বেঙ্কৰ কৰ্ম্মচাৰী কেইজনেও এনাবেল প্ৰনয় প্ৰাৰ্থীক বেচ সন্মান দেখুৱালে। জিমে চুটকেচটো নমালে। এনাবেলৰ মুখত এক যৌৱনোচিত দীপ্তি। তাইৰ মন ৰঙতে নাচি আছিল। তাই জিমৰ টুপীটো পিন্ধিলে আৰু চুটকেচটো ভাঙি লৈ ক’লে, “এইটোচোন ঢোল বজাবৰ বাবে বঢ়িয়া। আও এইটো ইমান গধুৰ। যেন সোণৰ চটাৰেহে ভৰি আছে!

 জিমৰ কাৰণে এইটো এটা সংকটপূৰ্ণ মূহুৰ্ত্ত। মনটো অলপ কোচখাই গৈছিল যদিও অভিজ্ঞ অভিনেতাৰ দৰে অলপো পলম নকৰি সি উত্তৰ দিলে, ’তাত জোতাত লগোৱা নিকেল প্লেটৰ ডাঙৰ গজাল ঠাহ খাই আছে। মই সেইবোৰ ওভোটাই দিবলৈ আনিছো। ভাবিলো পঠিয়াই দিয়া ডাকখৰচখিনি বচাম! মই, জানা আজিকালি আচৰিত ধৰণে মিতব্যয়ী হৈ পৰিছো। ’

 এলিমোৰ বেঙ্কত অলপতে এটা নতুন ধৰণৰ আলমাৰী আৰু লগতে এটা চন্দুক

গীৰ্জা সঙ্গীত আৰু ৰাতিৰ প্ৰহৰী/৫