কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/বিৰহিণী বিলাপ কাব্য/চতুৰ্থ সৰ্গ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/বিৰহিণী বিলাপ কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ২১৭ ]
চতুৰ্থ সৰ্গ।
⸺·×·⸺
(বসন্ত)

কিয় সাজ পাৰ পিন্ধি
আহিলি বসন্ত! তই?
কালাকাল তোৰ একো নাইনে বিচাৰ?
মিচিকীয়া হাহি মাৰি
জ্বলালি হৃদয় মোৰ!—
নিচিন নিৰ্ব্বোধ। —তই সময় হহাঁৰ?

স্বামী নাই ঘৰে মোৰ

ভুঞ্জিছোঁ কেলেশ ঘোৰ,
বিৰহৰ সাগৰত ওপঙ্গি ফুৰিছো।
জান কি বসন্ত! তই কিমান কান্দিছোঁ?

বিৰহৰ সাগৰত

কেলেশ বিৰাজে য’ত
মই অভাগিণী ফুৰিছোঁ ভাহি;.
কিন্তু, হে ৰসন্ত! তই
মোৰ ঘথে সুখী হই
মিচিকীয়া আজি হাঁহিছ হাঁহি!

[ ২১৮ ]

জানিলো, বুজিলো মই,
বসন্ত! নিৰ্দ্দয় তই!
বিৰহিনী গাভৰুক জ্বলা-কলা কৰ।
কি সময়, অসময়, একো নিবিচাৰ॥

গুছি যা। বসন্ত! তোৰ বৰ পক্ষপাত;

কাকো দিয় মহাসুখ, জুই কাৰো গাত!

কোনো হাঁহে কোনো কান্দে,

কাৰো বা হৃদয় ভাগে,
কাৰো ভাগ্যে হয় মাথোঁ অশেষ ক্ৰন্দন।
জানিলো বসন্ত! তোৰ পক্ষপাতী মন!

মউ লই মউ লই

আহিলি বসন্ত! তই,
ফুল লই ফুল লই আহিলি ভৰাই
নানিলি মোলই কিয় স্বোৱামীক চাই?

দিলিহি গছক পাত

(কোমল লাৱণ্য পাত)
পিন্ধালি নতুন সাজ প্ৰকৃতি দেবীক।
নিদিলিহি কিয় আনি মোৰ স্বোৱামীক?

[ ২১৯ ]
জানিলো বসন্ত! তই

অতিশয় নিৰদয়,
পক্ষ-পাতে ভৰা তোৰ কঠিন হৃদয়!
নাক বসন্ত আৰু; আঁতৰি যা তই॥

১০
গুছি যা, বসন্ত। তই,

এই অসময়,
এতিয়া নাহিবি তই, আহিবি পাছত।
আনিবি যেতিয়া মোৰ
পৰাণৰ প্ৰাণ,

হৃদয় বজ্যৰ ৰজা স্বামীক লগত॥
⸺·×·⸺
(মলয়া)
ৰিব্ ৰিব্ ৰিব্ কৰি,

লাহে লাহে ল'ৰি ল'ৰি,
কিয়নো, মলয়া। তই আহিলি এনেই।
সেই দিন নাই মোৰ
যি দিন আদৰ তোৰ,
গুছি যা উলটি তই আহিলি যেনেই॥

নাই আজি সেই দিন, ফুলনী মাজত

স্বামীয়ে সইতে বহি আনন্দ মনত

[ ২২০ ]

যি দিনা আদৰ বহু কৰিছিলো তোক,
শীতল প্ৰাণেৰে ভূঞ্জি সমীৰণ সুখ॥

নাই আজি সেই দিন,

গুছি যা, মলয়া!
আদৰ নাপাৱ আজি মোৰ ফুলনীত।
গুছি যা তালই তই
বিৰাজিছে য’ত
প্ৰেমিক-প্ৰেমিকা গাই প্ৰণয়ৰ গীত

সৌভাগ্য উদয় যদি

কেতিয়াবা হয়,
সুখৰ বেলিটি যদি হাঁহে আকাশত;
বিৰহ সাগৰ সিঁচি,
যদি কেতিয়াবা
স্বোৱামীক লই বহোঁ ফুলনী মাজত;

আহিবি তেতিয়া তই,

সাদৰী মলয়া।
ৰঙ্গে আদৰিম।
নহলে, জানিবি এই
“শেষ দেখা-দেখি”
আৰু নেদেখিম!

⸺·×·⸺
[ ২২১ ]

(মন)
কিয়নো হইছ, মন!
ইমান কাতৰ ঐ?
তেওঁৰ লগতে তই আছতো সদাই?
চকুৱে যে দিন ৰাতি
টুকিছে চকুলো ধাৰি,
তাৰো যে কাৰণ আছে, দেখিব নাপাই।
পৰিছে চকুলো
কান্দিছে দুচকু,
নাপাই দেখিব তেওঁৰ মুখ।
কিন্তু, কিয় মন! কান্দিছনো তই?
কিয়নো মিছাতে কৰিছ শোক?
দেহা যে ইমান ক্ষীণ
দিনে দিনে হইছে,
তাৰো যে কাৰণ আছে, হ’ল বহু দিন
নাই পোৱা আলিঙ্গন
তেওঁৰ দেহাৰ, মন!
সি শোকতে হয় দেহা দিনে দিনে ক্ষীণ।
কান যে উদ্বিগ্ন সদা,
নোৱাৰি দুষিব তাকো

[ ২২২ ]

শুনা নাই বহু দিন তেওঁৰ সুস্বৰ।
কিন্তু, মন! কি কাৰণে হইছ কাতৰ।
মুখ যে ইমান মোৰ
ক’লা ম'লা পৰিছে,
খোৱা নাই মউ চুমা তেওঁৰ মুখত।
তেওঁৰ লগতে, মন।
আছতো সদাই তই?
কাতৰ হইছ কিয়? কিহৰ শোকত?
কিন্তু, মন! কান্দ তই
কিনো দুখ পাই?
(চকু)
চকু ঐ!
কিয়নোসদাই চকুলো টোক?
কান্দি কান্দি তই
জীৱন কটালি,
তথাপি নহ’ল কামনা পূৰ?
অক কত দিন
কান্দিবিনো তই
নেদেখি প্ৰাণৰ স্বোৱামী মোৰ?

[ ২২৩ ]

মোৰ দুখ দেখি,
হাঁহে জোন বেলী,
মিচিকীয়া আজি হাঁহিছে তৰা,
মোৰ দুখে দুখী
তয়েহে, ঐ চকু!
তয়েহে সদাই চকুলো-ভৰা॥
জানো তোৰ চকু!
কোমল অন্তৰ
পৰৰ দুখত কান্দিছ তই।
দুখিত মনেৰে
ব্যাকুল প্ৰাণেৰে,
পৰৰ দুখত বলীয়া হই।
জানিবি, ঐ চকু!
পূৰ্ব্ব জনমত
কিবা পাপ কৰি আহিলো মই!
সি পাপে সদাই
নিতে কন্দা মোৰ,
কিন্তু কিনো পাপ কৰিলি তই?
তোৰ যে অন্তৰ
সদাই পবিত্ৰ,

[ ২২৪ ]

কাকো যে নিহিংস কোনো (ও) কালে;
কিয়নো, ঐ চকু
কান্দি থাক তই
কি পাপত তোক বিষাদে পালে।
যি নামে পানীত
সেয়ে নিজে তিতে
মোৰ পাপে পাপী কিয়নো তই।
নাকান্দিবি চকু!
কি হ’ব কান্দিলে
পৰৰ দুখত ব্যাকুল হই॥
(হেপাহ)
হৃদয়ৰ দাৰুণ হেপাহ!
একোতে নহ’লি পূৰ,
বাঢিলি জানক -জানে,
কৰিলি দিনক-দিনে পৰাণ উদাস।
বলীয়া কৰিলি মোক,
পগলা হেপাহ! তই,
অনন্ত কৰিলি মোৰ অন্তৰৰ আশ।
তেওঁ নে কি এনুৱা অমিয়া?
অমৃত নইৰ পৰা

[ ২২৫ ]

আনি অমৃতৰ টোপা
নিৰ্জ্জনে বিধাতা বহি কৰিলে সৃজন?
সি কাৰণে কি , হেপাহ
তুলিব নোৱাৰ তই?
তেওঁতে পৰাণ মন কৰিলি অৰ্পন।
যেই দিনা তেওঁ এৰি গল,
দুচকু নীৰল হল ,
চকুৰ টোপনী গ’ল,
নাইকিয়া হ’ল মন থাকিব ঘৰত!
বিয়াকূল হল মন,
হিষ চৰি ফাটি গ’ল!
তথাপি, হেপাহ! সুখ ন’হল মনত।
তেওঁতেই সপিলো জীবন
কুলত কলঙ্ক দিলো
এৰিলো সুখৰ আশা!
হেৰুৱালো আপোনাক অপোন দোষত!
তথাপি, হেপাহ! তই
একোতে ন’হলি পুৰ।
বাঢ়িলি দিনক-দিনে মোৰ অন্তৰত!
তেওঁকেই ভাবো দিন ৰাতি।
তেওঁকেই আশা কৰি

[ ২২৬ ]

দিন গ’ল, মাহ গ’ল;
তেওঁকেই ভাবি প্ৰাণ জ্বলা-কলা হ’ল।
ধিয়াই তেওঁৰে নাম
সাজিছোঁ যোগিনী মই,
ভাবোতে তেওঁৰ নাম বহু কাল গ’ল
হৃদয়ৰ হেপাহ দাৰুণ
ইমানতে! তোৰ আশা
নহ’ল নহ’ল পূৰ
নুগুছিল চকু-পাণী দুচকুৰ পৰা?
হৃদয়ৰ জুই মোৰ
নুমাই নগল আৰু,
নুশুকাল শোক-নই শোক-দুখ-ভৰা?
ভৱলীলা সমাপণ হ’লে,
দেখিম, –স্বৰ্গৰ মাজে
পাওঁ কি নাপাওঁ তাত,
হব কি নহৱ পুৰ দেখিম, হেপাহ!—
চকুপানী দুচকুৰ
যায় কি নাযায় মাৰ,
গুছে কি নুগুছে মোৰ অনন্ত পিয়াহ?

[ ২২৭ ]
(শান্তি)

   শান্তি ঐ!

প্ৰেমসাগৰৰ ঢউ-খলকত
নিৰ্জ্জীৱ নীৰৱ তই!
চিয়ঁৰি-বাখৰি কত মাতোঁ তোক,
বিচাৰি নাপাওঁ মই।
তপসীৰ হায়! নিৰ্জ্জন বহাত
প্ৰসন্নতা তোৰ পবিত্ৰতা স'তে
নীৰৱ নীৰলে ৰয়।
বিৰহিণী নাৰী কত মাতোঁ তোক
ওলাই নামাত তই!

বিষম কঠোৰ সংসাৰৰ মাজে
নাথাক অলপো ৰ’ই!
বিৰহ ঢউৰ গাজনীয়ে স’তে
যাৰ যে মিহলি হই।
(কিন্তু) কেচুৱা কালৰ ফিলিকা হাঁহিত
সদাই আছিলি ৰই!
ইমান দিনত জানিলো অ’ শান্তি -
মোক তিয়াগিলি তই।
যা অ’ বাৰু, শান্তি!—এৰি অভাগীক,
কিন্তু নেৰোঁ তোক মই!

[ ২২৮ ]

এই সংসাৰত পলাই থাকিবি,
পাম যে স্বৰ্গত গই?
আছ যে, অ’ শান্তি!—এনুৱা এঠাই
পলাব নোৱাৰ য’ত!
আছেযে সৰগ অনন্ত শান্তিৰ
তয়োতো থাকবি ত’ত।
ত্ৰিলোকৰ পতি বিৰাজিছে তাত,
দাস যে তেওঁৰ তই।
সি ঠাইত, শান্তি কিৰূপে পলাবি?
পামতো তেতিয়া মই?

(বতাহ)

বতাহ ঐ।
বিৰহিণী নাৰী বিৰহ জুইত
পুৰি-দেই হই ছাই,
দুখে হুমুনীয়া পেলাব খুজিলে
সিকালতো তোক পায়।
হুমুনীয়া স'তে থাক তই সদা
আৰু থাক তই ত’ত

[ ২২৯ ]

ফুলনী বাৰীত প্ৰেমিক-প্ৰেমিকা
একে লগে বহে য’ত॥


প্ৰেমি-প্ৰেমিকাৰ মিহলি নিশ্বাস
অতি হেপাহৰ তোৰ;
তাকে পালে তয় নাযাৱ কলৈকো
সদাই তাতেই ভোৰ।


(কিন্তু) তই যে বতাহ! সৰ্ব্ব-ঠাই-গামী,
সকলো ঠাইতে যাৱ।
ফুৰোতে ফুৰোতে জানো! কৰবাত
মোৰো স্বোৱামীক পাৱ?


বা অ’যা, বতাহ! যাছোন বেগাই,
তেওঁক ই কথা কবি,
বুলি, অভাগিনী আছে এতিয়াও
নম’ৰি, তেওঁকে জপি॥

কমতাপুৰ ধ্বংস কাব্য (page 229 crop)