পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
চতুৰ্থ সৰ্গ।
⸺·×·⸺
(বসন্ত)

কিয় সাজ পাৰ পিন্ধি
আহিলি বসন্ত! তই?
কালাকাল তোৰ একো নাইনে বিচাৰ?
মিচিকীয়া হাহি মাৰি
জ্বলালি হৃদয় মোৰ!—
নিচিন নিৰ্ব্বোধ। —তই সময় হহাঁৰ?

স্বামী নাই ঘৰে মোৰ

ভুঞ্জিছোঁ কেলেশ ঘোৰ,
বিৰহৰ সাগৰত ওপঙ্গি ফুৰিছো।
জান কি বসন্ত! তই কিমান কান্দিছোঁ?

বিৰহৰ সাগৰত

কেলেশ বিৰাজে য’ত
মই অভাগিণী ফুৰিছোঁ ভাহি;.
কিন্তু, হে ৰসন্ত! তই
মোৰ ঘথে সুখী হই
মিচিকীয়া আজি হাঁহিছ হাঁহি!