পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


জানিলো, বুজিলো মই,
বসন্ত! নিৰ্দ্দয় তই!
বিৰহিনী গাভৰুক জ্বলা-কলা কৰ।
কি সময়, অসময়, একো নিবিচাৰ॥

গুছি যা। বসন্ত! তোৰ বৰ পক্ষপাত;

কাকো দিয় মহাসুখ, জুই কাৰো গাত!

কোনো হাঁহে কোনো কান্দে,

কাৰো বা হৃদয় ভাগে,
কাৰো ভাগ্যে হয় মাথোঁ অশেষ ক্ৰন্দন।
জানিলো বসন্ত! তোৰ পক্ষপাতী মন!

মউ লই মউ লই

আহিলি বসন্ত! তই,
ফুল লই ফুল লই আহিলি ভৰাই
নানিলি মোলই কিয় স্বোৱামীক চাই?

দিলিহি গছক পাত

(কোমল লাৱণ্য পাত)
পিন্ধালি নতুন সাজ প্ৰকৃতি দেবীক।
নিদিলিহি কিয় আনি মোৰ স্বোৱামীক?