পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২২৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


দিন গ’ল, মাহ গ’ল;
তেওঁকেই ভাবি প্ৰাণ জ্বলা-কলা হ’ল।
ধিয়াই তেওঁৰে নাম
সাজিছোঁ যোগিনী মই,
ভাবোতে তেওঁৰ নাম বহু কাল গ’ল
হৃদয়ৰ হেপাহ দাৰুণ
ইমানতে! তোৰ আশা
নহ’ল নহ’ল পূৰ
নুগুছিল চকু-পাণী দুচকুৰ পৰা?
হৃদয়ৰ জুই মোৰ
নুমাই নগল আৰু,
নুশুকাল শোক-নই শোক-দুখ-ভৰা?
ভৱলীলা সমাপণ হ’লে,
দেখিম, –স্বৰ্গৰ মাজে
পাওঁ কি নাপাওঁ তাত,
হব কি নহৱ পুৰ দেখিম, হেপাহ!—
চকুপানী দুচকুৰ
যায় কি নাযায় মাৰ,
গুছে কি নুগুছে মোৰ অনন্ত পিয়াহ?