পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


যি দিনা আদৰ বহু কৰিছিলো তোক,
শীতল প্ৰাণেৰে ভূঞ্জি সমীৰণ সুখ॥

নাই আজি সেই দিন,

গুছি যা, মলয়া!
আদৰ নাপাৱ আজি মোৰ ফুলনীত।
গুছি যা তালই তই
বিৰাজিছে য’ত
প্ৰেমিক-প্ৰেমিকা গাই প্ৰণয়ৰ গীত

সৌভাগ্য উদয় যদি

কেতিয়াবা হয়,
সুখৰ বেলিটি যদি হাঁহে আকাশত;
বিৰহ সাগৰ সিঁচি,
যদি কেতিয়াবা
স্বোৱামীক লই বহোঁ ফুলনী মাজত;

আহিবি তেতিয়া তই,

সাদৰী মলয়া।
ৰঙ্গে আদৰিম।
নহলে, জানিবি এই
“শেষ দেখা-দেখি”
আৰু নেদেখিম!

⸺·×·⸺