পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/২২৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


(শান্তি)

   শান্তি ঐ!

প্ৰেমসাগৰৰ ঢউ-খলকত
নিৰ্জ্জীৱ নীৰৱ তই!
চিয়ঁৰি-বাখৰি কত মাতোঁ তোক,
বিচাৰি নাপাওঁ মই।
তপসীৰ হায়! নিৰ্জ্জন বহাত
প্ৰসন্নতা তোৰ পবিত্ৰতা স'তে
নীৰৱ নীৰলে ৰয়।
বিৰহিণী নাৰী কত মাতোঁ তোক
ওলাই নামাত তই!

বিষম কঠোৰ সংসাৰৰ মাজে
নাথাক অলপো ৰ’ই!
বিৰহ ঢউৰ গাজনীয়ে স’তে
যাৰ যে মিহলি হই।
(কিন্তু) কেচুৱা কালৰ ফিলিকা হাঁহিত
সদাই আছিলি ৰই!
ইমান দিনত জানিলো অ’ শান্তি -
মোক তিয়াগিলি তই।
যা অ’ বাৰু, শান্তি!—এৰি অভাগীক,
কিন্তু নেৰোঁ তোক মই!