কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/বিৰহিণী বিলাপ কাব্য/তৃতীয় সৰ্গ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/বিৰহিণী বিলাপ কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ২০৪ ]
তৃতীয় সৰ্গ।
⸺·×·⸺
(কলি)

কিয় পখি! কি কাৰণে
“কুউ কুউ কৰি ঘনে
বিৰহিনী তিৰুতাৰ দহিছ অন্তৰ
কোনেনো শিকালে তোক
এনে বিষময় মাত?
অভাগিনী ৰমণীক কৰিলি জৰ্জ্জৰ
মই অতি অভাগিনী,
বহু কাল বিৰহিনী,
পৰাণৰ স্বামী, মোৰ নাই যে ঘৰত
কিয় কুউ কুউ কৰি
জুলালি পৰাণ মোৰ?
দয়া মায়া তোৰ, কুলি নাইনে মনত?
লগত মলয়া সখী
পালেহি বসন্ত পখি
দেখি মোৰ ঘনে ঘনে জ্বলিছে পৰাণ
তয়ো তাতে ‘কু’ কৰি

[ ২০৫ ]

উগাৰিছ বিহ কুলি
ধিক্ তোক শত ধিক্ নাই তোৰ জ্ঞান॥

কালাকাল নাই জ্ঞান,
সদাই জ্বলাৱ প্ৰাণ,
কুট বুদ্ধি তৰা তোৰ কলীয়া হৃদয়।
বাহিৰে কলীয়া যেনে,
ভিতৰেও তেনে তোৰ,
সময়ত মিত্ৰ, শক্ৰ অসময়ে তই॥

কালাকাল নাই জ্ঞান
পৰৰ জ্বলাৱ প্ৰাণ,
জুড়াইছ নিজ প্ৰাণ কোকিলীক লই।
বিষময় বসস্তুত
বিৰহনো কেনেকুৱা,
কেনুৱা বিচ্ছেদ-দুখ নাই পোৱা তই॥

কোকিলীক লগে লই
ভুঞ্জিছ প্ৰণয় তই,—
গুছাম সি সুখ তোৰ বুজিবি তেতিয়া—
উঘালি মূৰৰ চুলি,
গছতলে যুটি পাতি
ধৰিম প্ৰিয়াক তোৰ ৰাখিম যেতিয়া,—

[ ২০৬ ]

বুজিবি তেতিয়া তই
বিৰহ কেনুৱা ঐ,
বুজিব পাৰিবি,— মই কত পাওঁ দুখ।
নাথাকে ততিয়া আৰু
আনন্দ মনত তোৰ
নাথাকিব “কুউ মাত’ হাহি মুৱা মুখ॥

কুউ কুউ গীত সুৰ

ভাল নালাগিব তোৰ
বিৰহে পুৰিব দেহা প্ৰাণ আদৰৰ;—
মলয়াৰ ৰিৱ ৰিৱ
নস’ব পৰাণে তোৰ
পকা আম হব বিহ, বসন্ত দুখৰ॥

* * * *

গছৰ দালত পৰি
নাগা অীক কুউ গান।
বিৰহে দহিছে মোৰ
ঘনে ঘনে মন প্ৰাণ॥

১০
যদি চাৱ নিজ হিত

নাথাকিবি এইখিত,
মিনতি কৰিছোঁ, পখি আঁতৰি যা তই।

[ ২০৭ ]

শুনি তোৰ কুউ মাত
অন্তৰ জ্বলিছে মোৰ

কোকিলীৰ সুখ দেখি দুখ পাওঁ মই
⸺·×·⸺
(সখীয়তী)
বাঁহ গছে গছে পৰি

“সখি উ! সখি উ!!’ কৰি
মাতা তুমি কোন সখী হেৰা সখীয়তী?
চোৱাঁ কাক চাৰুফালে উলটি পালটি?

হেৰুৱালা কোন সখী

কোৱাঁছোন হেৰা পখি!
নেদেখি কেনুৱা সখী বিচাৰি ফুৰিছা?
কাৰ বিৰহত তুমি জগত ভ্ৰমিছা?

যি সখীৰ বিচ্ছেদত

প্ৰাণ সদা ছট্ ফট্ ‘সখী উ! সখী উ!!’ কৰি কৰিছা ক্ৰন্দন,—
তেওঁ কি তোমাৰ সঁচা বান্ধৱ ৰতন?

তেওঁ কি তোমাৰ, পখী

অতি চেনেহৰ সখী?
মোহিলে তেওঁ কি পখি তোমাৰ হৃদয়?
ভাবি কি তেওঁকে মন বিয়াকুল হয়?

[ ২০৮ ]
তেও কি তোমাক সেইদৰে ভাল পায়,

যেনেকই ভাল পোৱা তুমি?
যদি পায় তেনে পখি বৰ বেয়া হ’ল,—
হেৰুৱালা প্ৰণয়ৰ তুমি॥

কিন্তু পখি হেৰুৱালা, নাকান্দিবা তুমি;

কান্দিলে নোপোৱা আৰু সখী।
হেৰালে পোৱাটো টান বান্ধৱ ৰতন,
তুমি শোক এৰি দিয়াঁ পখি॥

মোৰো যে আছিল পখি পৰাণৰ পতি।

গাঁথিছিলো দুয়ো প্ৰাণে প্ৰাণে।
পাইছিলে বৰ ভাল মোৰ এই মন
মোহিছিল সুমধুৰ তানে॥

কালৰ বতাহে কিন্তু নিলে উৰুৱাই,

পেলালে দূৰত মোৰ পতি;
কি ৰাতি কি দিন মই চিয়ঁৰোঁ তেওঁক,
নামাতে কোনেও কিন্তু পখি॥

কোনেনো মতিব মোক স্বামী বিদেশত।

মোক এৰি আছে অকলই;

[ ২০৯ ]

কান্দিছোঁ মাথোন পখি ফুৰিছোঁ চিয়ঁৰি,
কিন্তু হায়! মিছাতে এনেই॥

১০
কওঁ সি কাৰণে, পখি থাকাঁ মনে মনে;

সখী উ! নকৰা সখীয়তি!
তোমাৰ অমিয়া তানে সবে সুখ পায়,
কিন্তু মোক দিয়ে দুৰগতি॥

১১
সখী উ! বুলিলে তুমি স্বামীক মনত পৰে,

কঁপি কঁপি উঠে হিয়া
হওঁ জ্ঞান নাইকিয়া,
স্বামীৰ ভাবনা ভাবি বিয়াকুল হওঁ!
মনে মনে থাকা, পখি ভৰি চুই কওঁ॥

১২
যেতিয়া ওলাব পখি! ভাগ্য অকাশৰ বেলি,

নীলিম গগন ভেদি
বিৰহ এন্ধাৰ খেদি,
তোমাৰ নিজৰ সখী পাবা তুমি পখি!

ময়ো পাম তেতিয়াহে পৰাণৰ পতি॥
⸺·×·⸺
(কেতেকী)
ইগছ সি গছ কৰি

দলে দালে পৰি পৰি

[ ২১০ ]

খোজ কাঢ়ি যাম মই, যাবা উৰি উৰি,

বিচাৰিবা “স্বামী” তুমি, বিচাৰিম “পতি
⸺·×·⸺
(শালিকী)
চুটীয়া শালিকী! –কত সুখে আছ

সুন্দৰ সজাটী লই।
ৰূপৰ বাতিত খাইছ গাখীৰ,
কিয় কান্দি থাক তই?

নিতে নিতে আনি, দিছে তোক পখি!

নতুন নতুন ফল!
দেৱৰো-বাঞ্চিত খাইছ পায়স,
সোন্দা, চেনিচম্পা কল॥

আপোন হাতেৰে চক্ৰবৰ্ত্তি ৰজা

কৰিছে আদৰ তোক;
ইমান সুখতে তথাপি, শালিকী।
কিয় কৰি থাক শোক?

ফুটুকা-ফুটুকী নানাবৰণীয়া,

ওপৰে “চাদোৱা” তৰি,
তাৰ তলে দিনি সুন্দৰ সজাত
তোক যে থইছে আৰি॥

[ ২১১ ]
কি ৰাতি কি দিন গাইছ সদাই

“কৃষ্ণ-নাম” সুধাময়!
“ৰাধা-কৃষ্ণ” বুলি নিতে চিয়ৰিছ,
হেপাহ পুৰাই লই॥

এনুৱা সুখতো কিয় কান্দ পখি!

কিয়নো বিমন তই?
কিনো যে ভাবিছ, কিনে, যে গুনিছ!
একো বুজা নাই মই॥

বধ লাগে—পখি! কছোঁ তই মোক

কি দুখত থাক কান্দি?
অৰণ্য-মাজত পৰাণৰ প্ৰাণ
এৰি কি আহিলি স্বামী?

বহুত কবিয়ে নানা কথা কয়

দুখৰ বিষয়ে তোৰ!
সঁছাকৈয়ে, পখি! এটীটো যে তাৰ
বিশ্বাস নহয় মোৰ॥

কয় কোনো কবি, হেৰুৱালি তই

“স্বাধীনতা” মহাধন।

[ ২১২ ]

সি দুখতে তই কান্দি থাক নিতে,
সদা বিয়াকুল মন॥

১০
এই কথা পখি! যিটো কবি কয়,

একোকে নাজানে তেঁও!
সংসাৰ-ক্ষেত্ৰৰ পলখত পৰি
নাই লোৱা তেঁও লেও॥

১১
যি দিনা অবধি আসাম মাতৃয়ে

হেৰালে স্বাধীন ধন।
সি দিনা অৱধি আসাম-বাসীৰ
পৰৰ অধীন মন॥

১২
সি দিনা অৱধি অসমীয়া জাতি

আনৰ গোলাম হ’ল!
খোৱা, পিন্ধা, লোৱা, উঠা, বহা, শোৱা,
লোকৰ হাতত গ’ল!!

১৩
তথাপিও পখি! এটাৰো মুখত

নাই বিষাদৰ চিন।
তইতো, শালিকী!—-আসামৰে পখী?
তয়ো হ’বি পৰাধীন॥

১৪
স্বাধীনতা গ'ল, সেই বুলি তোৰ,

জানিছোঁ,—নাকান্দে মন।

[ ২১৩ ]

নীলা পৰ্ব্বতৰ কাঠনী-মাজত
এৰিলি স্বোৱামী ধন!!

১৫
চেঙ্গেৰা কালৰ স্বামীক এৰিলি,

কান্দিছে সঘনে প্ৰাণ!
চকুৰ চকুলো ওলায় দুধাৰে,
কলা ভাবনাত কান!!

১৬
 * * * * *

 * * * * *
জুৰুলী -পুৰুলী কিয় হ’লি তই?
গাখীৰ নাখাৱ কিয়?
নাখাই-নবই স্বামীৰ শোকত
মাৰিব খুজিছ জীব?

১৭
সঁছাকৈয়ে যদি এৰিলি স্বোৱামী।

যদি সঁছাকৈয়ে হয়!
তোৰে-মোৰে দেখো একেই দুৰ্দ্দশ
স্বামী-বিৰহিণী মই!

১৮
নিষ্ঠুৰ মানৱ! নাই দয়া মায়া;

স্বামীৰ লগৰ পৰা
বান্ধিলি সজাত অজলী শালিকী
হিয়া দুখে শোকে ভৰা॥

[ ২১৪ ]

নিৰ্দ্দয় বিধাতা! হৃদয়ৰ পৰা
লুকালি অমূল্য ধন।
কিয়নো নিদিয় পুনু দেখুৱাই,

এনে নিদাৰুণ মন?
⸺·×·⸺
(কাউৰী)
উৰি যোৱা কোৱা!

কথা শুনি যোৱা,
পাৰা যদি কোৱা বতৰা মোক,
কেতিয়া আহিব
মোৰ প্ৰাণপতি?
কেতিয়ানো যাব বিৰহ দুখ?

ঘৰে ঘৰে তই

শুনিছোঁ, কাউৰি!—
কই ফুৰ সদা ‘অহা বতৰা”;
কছোন কাউৰি।
মোকো আজি তই,
আহিবনে মোৰ জীৱন-তৰা?

আহিবনে মোৰ

পৰাণৰ প্ৰাণ?


*কোৱা=কাউৰী

[ ২১৫ ]

জীৱন জুড়োৱা বুকুৰ ধন?
পামনে আকউ
পামনে পিন্ধিব’
হেম-হাৰ মোৰ স্বামী ৰতম?

“কেলেলে-কেলেলে”

কৰি তই, কোৱা!—
ঘৰৰ কাষৰ গছত পৰি
কই ফুৰ সদা
‘‘আলহি আহিব”
—লোকৰ আগত থমক ধৰি॥

নকৱ কিয়নো,

কলীয়া কাউৰি!
মোৰো ওছৰত গছত পৰি
“নাকান্দা আইতি!—
আহিব তোমাৰ
স্বোৱামী ৰতন এতিয়া লৰি”?
 * * * * *
 * * * * *

কইযা কাউৰি!

মোৰে মূৰ খাৱ!
পাৰ যদি তই যাত্ৰা তেওঁৰ।

[ ২১৬ ]

কেতিয়া আহিব?
কেতিয়া দেখিম
সেই হাঁহি মুখ চকুৰে মোৰ?

যদিহে নক’বি

বাতৰি কাউৰি!—
জানিবি, অভাগী মৰিব আজি!-
বিৰহ জুইৰে
দেহা খৰি-দিব-
প্ৰণয় খৰিৰে চিতাটী সাজি॥

কমতাপুৰ ধ্বংস কাব্য (page 216 crop)