নীতি কথা

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[  ]
নীতি কথা (page 1 crop).jpg
FABLES IN ASSAMESE

———

নানা ৰূপ দৃষ্টান্তৰে শিক্ষা দিয়া

নীতি কথা।

SIBSAGOR, ASSAM
AMERICAN MISSION PRESS

2nd ed 10001 1875 I. E.W.Clark

মূল্য  ৴৹ অনা

[  ] [  ]

উপদেশ কথা


১। পহুৰে সিংহৰে কথা ।

 কোনো এদিনা এটা পহু ব্যাধৰ ভয়ত পলাই এটা গাঁতৰ ভিতৰত সোমালগৈ; তাতে এটা সিংহে সেই পলোৱা ঠাইতে ধৰি পহুক মাৰিলে । ইয়াতে পহু মৰণ কালত বুলিলে, হায় হায়! মোৰ কি নো দুৰ্গতি হল ! ময় মানুহৰ হাতৰ পৰা পলাই তাতোকৈ বলী আন এটাৰ হাততহে পৰিলোঁ ।

ইয়াৰ অৰ্থ এই ।

 মানুহে সাৱধান হৈ নচলিলে এই দৰে দুঃখ মিলে; আৰু এটা আপদৰ পৰা পলাই তাতোকৈ ডাঙ্গৰ আন আন আপদতহে পৰে ।

২। শহাৰে সিংহিনীৰে কথা ।

 এটা শহা পহুএ এজনী সিংহিনীৰ ওচৰলৈ গৈ বুলি-লে, হেৰা সিংহিনী, শুনা, বছৰি বছৰি মোৰ অনেক পোৱালি জীয়ালি হয়, কিন্তু তোমাৰ জন্মৰে পৰা মৰণ-লৈকে একেটি পোৱালিত বাঝে আৰু নজগে । এই কথা কোৱাতে সিংহিনীএ বুলিলে, মোৰ একেটি পোৱালি হয়, স্বৰূপ, কিন্তু সেই এটি পোৱালিএই সিংহ, আৰু তোমাৰ অনেক পোৱালিতকৈয়ো, অধিক । [  ]

ইয়াৰ অৰ্থ এই ।

অনেক দুৰ্জ্জন সন্তানতকৈ এটি উত্তম পুত্ৰ হোৱাই ভাল ।

৩। এজমী স্ত্ৰী আৰু হাঁহিনী ।

 এজনী তিৰতাই এজনী হাঁহ পুহিছিলে; সেই হাঁহ জনীৰ দিনে দিনে এটা এটা ৰূপৰ কনি পাৰিছিল । পাছে সেই তিৰতা জনীএ মনতে ভাবিলে, ময় যদি হাঁহিনীক সৰহকৈ আহাৰ দিওঁ, তেতিয়া হলে নিতৌ দুটা দুটা ৰূপৰ কনি পাৰিব, এনেকৈ ভাবি তাই হাঁহ জনীক আগতকৈ সৰহ ধান পানী দিবলৈ ধৰিলে । পাছে সৰহ সৰহকৈ খোৱাৰ নিমিত্তে তেল ধৰাত হাঁহ জনী পেট ফাটি মৰি থাকিল ।

ইয়াৰ অৰ্থ এই ।

 মানুহে অধিক লাভলৈ আশা কৰোঁতে আপোনাৰ আগৰ পাৱনিও গুছে ।

মঁহ আৰু ষাঁৰ গৰু ।

 এটা মঁহে এটা ষাঁড় গৰুৰ শিঙ্গত পৰি মনতে ভাবিলে, ময় চাগৈ গধূৰ হৈ থাকিছোঁ । তাতে ষাঁৰক মাতি কলে, হেৰা ষাঁৰ, ময় পৰাতে যদি তোমাৰ ভাব হেন বোধ হৈছে, তেনে হলে কোৱা, ময় আন ঠাইলৈ উৰি যাওঁ । এই কথা শুনি ষাঁৰে বুলিলে, হেৰা মঁহ, তুমি কিহৰ ওপৰত পৰি আছ', ময় তাৰ উমানকেই পোৱা নাই,

আৰু কাক বা দুঃখ দিছা, তাকো জনা নাই । [  ]

ইয়াৰ অৰ্থ এই ।

 যি মানুহে আপোনাৰ যশস্যা পৰাক্ৰমৰ গৰ্ব্ব কৰি লোকক সৰু পাতে, সেই মানুহ অৱশ্যে লঘু হয় ।

৫ । বুৰা মানুহ আৰু মৃত্যু ।

 এটা বুৰা মানুহে খৰিৰ ভাৰ লৈ যাওঁতে যাওঁতে তাৰে পীৰিলত মহা দুঃখ পায় ভাৰ পেলাই দি হে প্ৰভু, মোক মাৰি নিয়া ২ বুলি চিয়ঁৰিবলৈ ধৰিলে । এনে সময়তে মৃত্যু আহি বুৰাৰ আগত থিয় হৈ বুলি- লে, বুৰা তই মোক কি কাৰ্য্যে মাতিলি? ওলা, তোক লৈ যাওঁ। এই বোলা শুনি বুৰাটে কাবৌ কোকালি কৰি কলে, হে প্ৰভু, এই খৰি ভাৰ মোৰ কান্ধত তুলি দিয়া, ইয়াক তুলি দিবৰ কাৰণেহে তোমাক মাতিছোঁ ।

ইয়াৰ অৰ্থ এই ।

 পৃথিবীৰ ভিতৰত সকলোএ জীবলৈহে বাঞ্চা কৰে; চোৱা, অতি বুঢ়া নাইবা দৰিদ্ৰ হলেও প্ৰায় কাৰো মৰি বৰ ইচ্ছা নাই ।

৬। কাছৰে শহৰে কথা ।

 কোনো এক সময়ত এটা কাছ আৰু এটা শহা পহু এই দুয়োটাই কোনো এটা পৰ্ব্বতলৈ সীমা নিশ্চয় কৰি সিহঁত দুইৰো মাজত কোনে আগেয়ে পাব পাৰে, এই কথা বান্ধি গতি কৰিলে । পাছে শহা পহু ক্ষীণ, লঘু আৰু বেগাই যায়, এই কাৰণে শ্ৰমে পীৰাত আশক্ত হৈ পথৰ মাজতে শুলে । কিন্তু কাছৰ গা ডাঙ্গৰ আৰু লাহে লাহে যায়, সেই নিমিত্তে নেভাগৰিল, আৰু যাওঁতে বাট [  ] তো নিজিৰালে, এই কাৰণে কাছই আগেয়ে পৰ্ব্বত পায় জিকিল । পাছে শহা পহুএ সাৰ পায় দেখিলে যে, কাছ তাতকৈ আগ হৈ গ'ল, তাতে সি বৰ লাজ পালে; কিন্তু তেতিয়াৰ সেই লাজ বৃথা ।

ইয়াৰ অৰ্থ এই ।

 বলী নিৰ্ব্বলীৰ যুদ্ধ হলে বলী জনে হেমাহি কৰি থকা উচিত নহয়; কিয়নো এনেকুৱা হব পাৰে যে, বলীৰ অৱহেলাতে নিৰ্ব্বলী জনো জিকে; এই ৰূপে বলী জনে লাজ পায়, কিন্তু সি লাজৰ একো ফল নাই ।

৭। কণ্টক বৃক্ষ।

 এজোপা কাইট থকা বৃক্ষই এজন মলিয়াক বুলিলে, যদি কোনোৱে মোক যতন কৰি বাৰীৰ মাজত ৰোএ, আৰু দিনে দিনে মোৰ গুৰিত পানী দিএ, তেনে হলে ৰজাবি-লাকেও মোৰ ফুল আৰু ফল চাবলৈ পুৰুষাৰ্থ কৰিব । এই কথা শুনি বিশ্বাস কৰি মলিয়াই তাক আনি বাৰীৰ মাজতে এক ভাল ঠাইত ৰুলে, আৰু নিতে দুবাৰ দুবাৰ পানী দিবলৈ ধৰিলে। এই ৰূপ কৰাতে কাঁইট গছ জোপা বাঢ়ি ডাঙ্গৰ হল, আৰু যিবিলাক গছ তাৰ চৰিও ফালে আছিলে, সেই গছবিলাকৰ ওপৰলৈকে ডাল পাত বাঢ়ি আটাইবোৰক হেচি ধৰি মাৰিলে। কালক্ৰমে তাৰ শিহ-ৰিও বাঢ়ি গোটাই খান বাৰী যুৰিলে, আৰু কাঁইটৰ নিমিত্তে তাৰ ওচৰলৈ কোনো যাব নোৱৰা হল ।

ইয়াৰ অৰ্থ এই ।

 দুষ্ট মানুহক ঠাই দি তাক যিমান আদৰ কৰা যায়, [  ] তাৰ সিমান দুষ্ট স্বভাও আৰু দুৰ্ম্মতি বাঢ়ে; আৰু তাক যিমান উপকাৰ কৰা হয়, সি তিমান অপকাৰ সাধে ।

৮ । কলা বৰণীয়া মানুহৰ কথা ।

 এটা কলা মানুহে কাপৰ থৈ চাউল বটাৰে গা ঘঁহিছিল‌ । এনেতে কোনো এজন মানুহে তাক সুধিলে, বোলে, হেৰা, তুমি কি কাৰণে গাত চাউল বটা সানিছা ? ইয়াকে শুনি সি উত্তৰ দি কলে, মোৰ গা বগা হবলৈ ঘঁহিছোঁ। তেনেতে এজন পণ্ডিতে আহি তাক কলে, হেৰা কলা মানুহটো, তুমি আপোন শৰীৰক দুঃখ নিদিবা; কিয়-নো তোমাৰ শৰীৰে চাউল বটাকে কলা কৰিব পাৰে, কিন্তু চাউল বটাই তোমাৰ কলা বৰণ গুছাব নোৱাৰে ।

ইয়াৰ অৰ্থ এই ।

 বেয়া মানুহে ভাল লোকক বেয়া কৰিব পাৰে, কিন্তু । বেয়া লোকক ভাল কৰা দুসাধ্য ।

৯ । সিংহ আৰু দুই বলধ ।

 এদিনা এটা সিংহে দুটা বলধ গৰুক মাৰিবলৈ দুই- ৰো সম্মুখে খেদি গল । তাতে সেই দুটা বলধে গোট খায় সিংহকে শিঙ্গেৰে খুচিব ধৰিলে; এই দৰে আপো-নাৰ মাজলৈ সিংহক আহিব নিদিলে । পাছে সিংহে

সেই দুই বলধক ছল কৰিবৰ নিমিত্তে আঁতৰলৈ গৈ বুলিলে, হে বলধ, তোমোলাক দুয়ো পৃথক পৃথক হোৱা, তেতিয়া হলে ময় কাকো একো নকৰোঁ । এই বোলাতে একো নকৰে হেন জানি যেতিয়া দুয়ো বলধ বেলেগ বেলেগ হল, তেতিয়া সিংহে দুইকো বধিলে । [  ]

ইয়াৰ অৰ্থ এই ।

 মানুহবিলাকে যত কল একত্ৰত হৈ থাকে, তত কাল সিবিলাকৰ ওপৰত শত্ৰুতা কৰি কোনোএ জিনিব নোৱাৰে; কিন্তু অমিল হলে সকলোএ তাক নাশ কৰিব পাৰে ।

১০। এটা দীঘল শিঙ্গিয়া পহু ।

 কোনো এদিনা এটা দীঘল শিঙ্গিয়া হৰিণা পহু পিয়াহেৰে আতুৰ হৈ এখান বিললৈ গৈ পানী খালে; পাছে জলতে ছাঁয়াত আপোনাৰ ঠেঙ্গ ভৰি সৰু দেখি অসন্তোষ কৰিলে, কিন্তু শিঙ্গ ডাঙ্গৰ হোৱাত আনন্দে আছিল । ইতি মধ্যে পহু মৰিয়াবিলাক আহি সেই ঠাইত থিতি হওঁতেই হৰিণা পলাই আঁতৰি গল, তাতে পহুমৰিয়া সকলে তাক বধ কৰিব নোৱাৰিলে । পাছে যেতিয়া সি পৰ্বতলৈ গৈ ডাঠ হাবিৰ মাজত সোল, তেতিয়া গছৰ ঠাল আৰু লতাত দীঘল শিঙ্গ লাগি বন্দী হোৱাত পহু মৰিয়াহঁতে সেই ঠাইলৈ গৈ তাক তাতে মাৰিলে। তেতিয়া হৰিণই মৰণ কালত অপমান কৰি বুলিলে, হায় হায় ! ময় যি ঠেঙ্গ ভৰিকে অপমান কৰিছিলোঁ সেয়ে মোক ৰাখিলে, কিন্তু যি শিঙ্গক ভাৰসা কৰি আছিলোঁ, সিএ মোক বধ কৰালে ।

ইয়াৰ অৰ্থ এই ।

 বস্তুৰ সৌন্দৰ্য্যতা নেচাই তাৰ গুণলৈ চায় মূল্যৰ বিচাৰ কৰা উচিত ।

১১। এটা নৰিয়া হৰিণা ।

 কোনো এক কালত এটা হৰিণা পহু নৰিয়া পৰাত [  ]
 

তাৰ আপোনাৰ জ্ঞাতি পৰিয়াল পহুবিলাকে তাক চাবলৈ আহি হৰিণা যি ঠাইত থাকে, তাৰ চাৰিও ফালে যতই শুকান বা কেচা বন পাত আছিলে, তাক সকলোএ খায় পেলালে। পাছে তাৰ ৰোগ ভাল হলত সি কিছু খাবলৈ ইচ্ছা কৰি একোকে খাবলৈ নেপালে, কেৱল মাত্ৰ ভোকতে তাৰ প্ৰাণ মৰি গল।

ইয়াৰ অৰ্থ এই।

 বিবেচনা হীন বন্ধু বান্ধৱতকৈ বন্ধু নথকাই ভাল।

————

১২। সিংহ আৰু বলধ।

 এদিনা এটা সিংহে বলধ গৰু এটাক ধৰিবলৈ মন কৰিলে, কিন্তু বলধৰ বল বঢ়া হেতুকে ওচৰলৈ যাব নোৱাৰিলে। পাছে এক ছলেৰে তাৰ ওচৰলৈ গৈ বুলিলে,হেৰা বলধ, ময় এটা ডাঙ্গৰ ছাগলি মাৰিছোঁ, এতেকে মোৰ ইচ্ছা এই, আজি নিশা তুমি যেন আমাৰ ঘৰত থাকি, ভোজন কৰা; তাতে বলধে কলে, বাৰু। পাছে বলধে সিংহৰ ঘৰলৈ গৈ দেখিলে যে, সিংহে বিস্তৰ কাঠ আৰু বৰ বৰ চৰু গোটাই ৰাখিছে; তাকে দেখি বলধ উভতি গল। পাছে সিংহে বুলিলে, হে বলধ, তুমি ইয়ালৈ আহিএই কিয় উলটি যোৱা? তেতিয়া বলধে উত্তৰ দিলে, ময় তোমাৰ মন বুঝিলোঁ; মেৰ ছাগৰ আশাৰে তুমি এইবিলাক গোটোৱা নাই, কিন্তু তাতোকৈ ডাঙ্গৰ আন কোনো এজনৰ নিমিত্তেহে আয়োজন কৰিছা।

ইয়াৰ অৰ্থ এই।

 হিংসা কুৰিয়াৰ কথা স্বৰূপ মনা, আৰু তাৰে সৈতে মিত্ৰতা কৰা জ্ঞানী লোকৰ উচিত নহয়। [ ১০ ]

১৩। সিংহ আৰু শিয়াল।

 এটা সিংহে বুৰা অৱস্থাত পৰি একো জীয়া জন্তু ধৰি খাব নোৱাৰি আপোনাৰ ভোজনৰ অৰ্থে ছল কৰি পহু মাৰিবলৈ নৰিয়াৰ ভাও ধৰি গাঁতৰ ভিতৰত পৰি থাকিছিল। কিয়নো সিংহৰ এনে ভাব আছিল, যি কোনো জন্তুএ মোক চাবলৈ আহে তাক এই গাঁতৰ ভিতৰতে ধৰি খাম। পাছে এক শিয়ালে আহি সিংহৰ গাঁতৰ মুখত থিয় হৈ সেৱা কৰি কলে, হে পহু ৰাজ, তুমি কি ৰূপে আছা? এনে বোলাতে সিংহে বুলিলে, তুমি ইয়াৰ ভিতৰলৈ কিয় নাহা? এই কথা শুনি শিয়ালে কলে, হে দেউতা, ময় ইয়ালৈ আহি অনেক জন্তু ভিতৰলৈ সোমাই যোৱাৰ চিন দেখিলোঁ, কিন্তু ওলাই অহাৰ একো চিন নেপালোঁ, এই কাৰণে ময় সোমাই যাব নোৱাৰোঁ।

ইয়াৰ অৰ্থ এই ।

 বিবেচনা নকৰি কোনো কাৰ্য্য আৰম্ভণ কৰা মানুহৰ উচিত নহয়।

—————

১৪। সিংহ আৰু মনুষ্য।

 এদিনা বাটৰ মাজতে এটা সিংহেৰে সৈতে এজন মানুহৰ ভেঁটা ভেঁটি হলত, বল পৰাক্ৰমৰ কথাত দুইৰো বিবাদ লাগিল; সিংহে আপোনাৰ বল পৰাক্ৰম সৰহ হেতুকে আনন্দ মনে আছিল। তাতে মানুহটোএ এটা সিংহৰ গাল টিপি ধৰি থকা কোনো এজন মানুহৰ পুতলা লিখি সেই সিংহক দেখুৱালে; আৰু তাকে চাই মানুহটে হাঁহিব ধৰিলে। তেতিয়া সিংহে বুলিলে, যদি সিংহে মানুহৰ দৰে লিখিব পাৰিলেহেঁতেন, তেন্তে মানু[ ১১ ]
 
হক সিংহৰ গলত টিপিবলৈ নিদি সিংহইহে মানুহৰ গল টিপা লিখিলেহেঁতেন।

ইয়াৰ অৰ্থ এই।

 উপৰোধ কৰা সাক্ষীয়েৰে কোনেও সিন্ধি নেপায়।

————

১৫। মকৰা আৰু মৌ মাখী।

কোনো এদিনা এটা মকৰাই মৌ মাখী এটাক বুলিলে, যদি তুমি মোক তোমাৰ লগত ৰাখা, তেতিয়া ময়ো তোমাৰ দৰেই মৌ সাঁচিব পাৰিম; এই কথা ঘনে ঘনে কৈ থকাতে মৌ মাখীএ তাক লগত ললে। পাছে যেতিয়া, মকৰাই তাৰ সঙ্গী হৈ মৌ আনিব নোৱাৰিলে, তেতিয়া মৌ মাখীএ মকৰাক হুলেৰে বিন্ধি মাৰিলে। তাতে মকৰাই মৰণ কালত আপুনি আপোনাকে ধিকাৰ কৰি কলে, হায়, হায়! যিহতে মোৰ প্ৰাণ গল, এনে কাম ময় কিহলৈ আচৰিলোঁ! মৌ ৰস আনিবলৈ মোৰ শক্তি নাই; তথাপি মৌ সাঁচিবলৈ কিয় লগ খুজিলোঁ।

ইয়াৰ অৰ্থ এই।

 যাৰ যি কৰ্ম্ম কৰিবৰ সমৰ্থ নাই, সি যদি আপোনাক অতি জনা হেন বুঝাই সেই কামত প্ৰবৰ্ত্তে, তেতিয়া তাৰ কথা মিছা হয়, আৰু একো নেজানে বুলি সকলোএ জানে, আৰু তাৰ উচিত ফলো পায়।

———

১৬। লৰাৰ কথা।

 এক সময়ত এটা লৰাই সাঁতৰিব নেজানি আপুনি পানীত পৰি পানীত তল যায় তল যায় হেন হল। এনে কালতে বাটেদি এটা মানুহ গৈছিল, প্ৰাণৰ ৰক্ষাৰ [ ১২ ] নিমিত্তে সেই লৰাই এটাহ পাৰি তাকে মাতিলে। তাতে সি ওচৰলৈ গৈ পানীত নমাৰ অৰ্থে লৰাটক ডাবি দিবলৈ ধৰিলে, তেনেতে লৰাই বুলিলে, হেৰা বাটৰুৱা, আগেয়ে মোক ধৰি তোলা পাছেও গৰিহণ কৰা।

ইয়াৰ অৰ্থ এই।

 কোনো মানুহ আপদত পৰিলে তাক আগেয়ে আপদৰ পৰা ৰাখি পাছত গৰিহণা কৰাহে ভাল।

———

১৭। কুকুৰ আৰু শিয়াল।

 এদিনা এটা কুকুৰে এঠাইত বাঘৰ ছাল এখান দেখি সি ওচৰলৈ গৈ দাঁতেৰে কচি কচি ছাল ছিঙ্গিবলৈ ধৰিলে। ভেনেতে এটা শিয়ালে দেখি কুকুৰক বুলিলে, এই বাঘ জীয়াই থকা হলে, তেতিয়া তোমাৰ নিচিনাৰ দাঁঁততকৈয়ো তাৰ ভৰিৰ নখটীকে ডাঙ্গৰ দেখিলাহেঁতেন।

ইয়াৰ অৰ্থ এই।

 বৰ লোক কাল ক্ৰমে দুখিয়া হলেও সামান্য লোকে অবমান কৰিব নেপায়; দুঃখৰ কালত বৰ লোকক পীড়া কৰিলে লোকৰ গৰিহণা পায়।

———

১৮। উদৰ আৰু অঙ্গ।

 পেট আৰু হাত, ভৰি, অঙ্গ, এই কেইটাই কোৱাকুই কৰাত, অঙ্গে বুলিলে, আমি আপোন শক্তিৰে দেহক ভাৰ বৈছোঁ; তাতে পেটে বুলিলে, যদি ময় কিছু ভোজন নকৰোঁ, তেন্তে তোমোলাকে যাব আৰু ভাৰ ববও নোৱাৰিব। [ ১৩ ]
 

ইয়াৰ অৰ্থ এই।

 বস্তু কি সৰু কোনোএ কাকো ইতিকিঙ্গ নকৰিবা; কিয়নো আটাইবিলাকেই ই সিৰ উপকাৰী।

————

১৯। সূৰ্য্য আৰু বায়ু।

সূৰ্য আৰু বায়ুৰ এই কথাত বিবাদ হ'ল, বোলে,দেখোছোন, আমি দুইৰো মাজত কোনে মানুহক কাপৰ এৰুয়াব পাৰে। এই বুলি বায়ুএ প্ৰচণ্ড বেগ ধৰি বলালে, তাতে মানুহে সেই প্ৰচণ্ড বতাহৰ কোব মৰিবলৈ আপোনাৰ কাপৰ গাতে বৰকৈ ছপাই ললে। পাছে যেতিয়া মেঘবিলাক গলত সূৰ্য্যৰ তাপ অধিক হল, তেতিয়া অতিশয় পোৰণি ধৰাত মানুহে কাপৰকে বোঝা যেন মানি গাৰ পৰা খহাই পেলালে।

ইয়াৰ অৰ্থ এই।

 সজ নীতিৰে প্ৰবৰ্ত্তন কৰা লোকে একো কটু কথা নকৈ মৰমিয়াল কথাৰে ভাল পথে মানুহক প্ৰবৰ্ত্তোৱাহে উচিত।

————

২০। দুটা কুকুৰা।

 দুটা কুকুৰাই এটা বস্তুৰ পবা যুঝ কৰি এটা যুদ্ধত জিকিল, তাতে পৰাজয় হোৱাটো আন ঠাইলৈ পলাই গল। পাছে যিটে জিনিলে সেইটে এটা ডাঙ্গৰ উঁইছিলাৰ ওপৰত বহি আনন্দ মনে পাখী কটালি গল্প কৰি ডেউকা কোবাই ডাক দিবলৈ ধৰিলে; ইতিমধ্যে এটা কুকুৰে তাক দেখি চোঁ মাৰি ধৰি নি খায় থলে।

[ ১৪ ]

ইয়াৰ অৰ্থ এই।

 আপোনাৰ পৰাক্ৰমৰ আপুনি গৰ্ব্ব কৰা মানুহৰ উচিত নহয়।

———

২১। গোটাদিএক কুকুৰনেচিয়া বাঘ।

 কেইটামান কুকুৰ নেচিয়া বাঘে এটা পুখুৰীত গৰু ছাল দেখি খাবলৈ মনস্থ কৰিলে; কিন্তু পুখুৰী জলেৰে ভৰপূৰ হৈ আছিল, আৰু গৰু ছালো সোঁতত নাছিল। তাতে বাঘবোৰে গোট খাই এই আলচ কৰিলে, বোলে, আহাঁ, আমি সকলোএ আগৈএ আটাইবিলাক জল খায়ডোবা শুকুৱাই, পাছে গৰু ছাল খামহঁক। এই কথা কৈ পাছে পেট ভৰাই পানী খালে; কিন্তু বিহু পানী খোৱাতে আটাইবিলাক বাঘ পেট ফাটি মৰিল। গৰু ছাল আৰু খাব নোৱাৰিলে।

ইয়াৰ অৰ্থ এই।

 অলপ বুদ্ধিৰে মানুহে যি কাৰ্যটো কৰিবলৈ যোগ্য নহয় আৰু বেয়া, তাকেইহে কৰে।

———

২২। শিয়ালী আৰু শামুক ভঙ্গা।

 শিয়ালীৰ এনেই সদায় ৰঙ্গত মন আৰু চতুৰালীত ৰতি, তাতে আৰু এদিনা এই মন কৰিলে, ময় মোৰ লগত থকা শামুক ভঙ্গাৰে সৈতে ধেমালি কৰিম; ইয়াকে ভাবি এদিন দুপৰিয়া শামূক ভঙ্গাক খাবলৈ মাতিলে। মতাৰ নিমিত্তে শামুক ভঙ্গা ভোজনৰ ঠাইলৈ গৈ দেখিলে যে, অনেক বিধ ঝোল বস্তু কেতবোৰ কাঁহি আৰু পাতত থৈ ৰখি আছে। অৰ্থাৎ যি পাতত শামুক ভঙ্গাই আপোন ঠোঁটৰ [ ১৫ ] আগ মাত্ৰ তল নিয়াব পাৰে, কিন্তু খায় যেন ভোক গুছাব নোৱাৰে, এনে ভাব কৰি বস্তুবিলাক ৰাখিছিলে। তাতে শিয়ালীএ জিবাৰে খাব পাৰে গুণে অতি খৰ কৰি চেলেকি ২ খাবলৈ ধৰিলে, আৰু নেখাওঁ, নেখাওঁ, এই ৰাও কাঢ়ি আপুনি মাতি অনা শামুক ভঙ্গাক সুধিবলৈ ধৰিলে, বালে, মোৰ এই সকল খোৱা বেহানি তোমাৰ কেনে লাগিছে? মোৰ ইচ্ছাৰে এইবিলাক বেহানিৰ সোৱাদ লৈ খৰকৈ খোৱা, কিন্তু তুমি যে ৰৈ ৰৈ খাইছা, ইয়াকে দেখি ময় বৰ অসন্তোষ পাইছোঁ। এই বোলাত শামুক ভঙ্গাই বুঝিলে, শিয়ালীএ মোক হাঁহিছে, এতেকে তাৰ কথালৈ কিছু মন নকৰিলে; কিন্তু তাৰ আশয় বুঝি কলে, তোমাৰ সকলো খোৱা বেহানি আমাৰ বৰ ভাল লাগিল; আৰু ঘৰলৈ আহিবৰ বেলা শামুক ভঙ্গায়ো শিয়ালীক আপোন ঘৰলৈ মাতিলে। তাৰ ঘৰলৈ যাবলৈ শিয়ালীৰ বৰ মন হলত, একো মতে নোযোৱাকৈ ৰব নোৱাৰিলে, পাছে সি আহিব দিয়া দিনত শিআলী তাৰ ঘৰলৈ গৈ যেতিয়া খোৱা বেহানি অনা দেখিলে, তেতিয়া সি আপোনাক লঘু হোৱা যেন জানিলে, কাৰণ মুখ ঠেক ডিঙ্গি দীঘল এনেকুৱা কলহত মঙ্গহবোৰ কুটি কুটি ভৰাই থৈছে। সেই কলহত মুখ সুমাব নোৱাৰাত খোৱা বেহানিৰ সোৱাদ লবলৈ তাৰ শক্তি নহল, তাতে খাবব ইচ্ছা হৈ কেবল মনৰ হাবিয়াহ মনতে ৰল। কিন্তু শামুক ভঙ্গাই আপোনাৰ দীঘল ঠোট কলহৰ মুখত সুমাই পেট ভৰপূৰ কৰি খালে; পাছে এখন হেঁতাৰ ভিতৰে বাহিৰে যি কিছু মান ঝোল লাগি আছিলে, শিয়ালীএ তাকে বৰ পৃহা কৰি চে[ ১৬ ]
 
লেকিবলৈ ধৰিলে। সেই বেলা শামুক ভঙ্গাই তাৰ ফাললৈ ঘুৰি চাই মুচুকাই হাঁহি ২ কলে, তোমাৰ বৰ ভোক আছে, ইয়াতে আমি বৰ অসন্তোষ পাইছোঁ। তুমি মতাত সেই দিনা ময় যেনেকৈ খাইছিলোঁ, তুমিও তেনে দৰে তুষ্ট হৈ খোৱা, এই মোৰ ইচ্ছা; এই বোলাতে শিয়ালীএ তললৈ মুখ কৰিলে, তাতে বৰ বেঝাৰ পোৱা দেখা গল। তেতিয়া শামুক ভঙ্গাই বুলিলে, নহয়, নহয়, এই কথাত খঙ্গ নকৰিবা; কিয়নো যি সকলে উপহাস সহিব নোৱাৰে, সিবিলাকৰ কোনোএ সৈতেও ধেমালি কৰা উচিত নহয়।

ইয়াৰ অৰ্থ এই।

 কাৰোবাৰ সৈতে ধেমালি কৰিবলৈ গলে সি পুনৰায় উপহাস কৰিলে, তাক সহিব পাৰিম কি নোৱাৰিম,ইয়াকে আগৈএ আপোনাৰ মনত বিচাৰ কৰা আৱশ্যক।

————

২৩। বালক আৰু বেঙ্গ।

 এখান ডাঙ্গৰ বিলত বহু ভেকুলীৰ বাস আছিল; কেতবিলাক লৰাই অকস্মাত তাৰ পাৰত শিল দলিয়া দলি কৰিবলৈ ধৰিলে, আৰু বিলৰ পানীতে নেৰাকৈ দলি মাৰিলে; ইয়াতে সৰু সৰু ভয়াতুৰ ভেকুলীবিলাকৰ মহা দুঃখ হল। পাছে সকলোবোৰ ভেকুলীৎকৈ সাহসিক এটা ভেকুলীএ পানীৰ পৰা ওপৰলৈ মুখ উলিয়াই কলে, হে প্ৰিয় লৰাটীহঁত, তোমোলাকে ইমান সৰু কালতেই আপোন জাতৰ নিৰ্দ্দয়া স্বভাৱ কিয় শিকিছা? তোমালোকে মন কৰি দেখাছোন, এয়ে তোমোলাকৰ ধেমালি হয়, কিন্তু সেয়ে আমাৰ মৰণ ঘটাইছে। [ ১৭ ]
 

ইয়াৰ অৰ্থ এই।

 আনৰ কুশল আৰু সুখ শান্তি গুছাই নিজৰ আনন্দ জন্মোৱা, ই অতি অযুগুত অৰু নিৰ্দ্দয়া কৰ্ম্ম।

———

২৪। গৰখিয়া আৰু কৃষিয়ক।

 কোনো এখান পথাৰৰ মাজত এটা গৰখিয়াই গৰু চৰাই থকাত কেতিয়াবা কেতিয়াবা উপহাস কৰি মিছাই এটাহ পাৰি কয়, হেৰা খেতিয়ক সকল, আমাৰ গৰুৰ মাজতে এটা বাঘ সোমাইছেহি, তোমোলাকে আহি তাক মাৰি আমাক ৰক্ষা কৰা। এনেকৈ বোলাত কৃষিয়ক লোকে গৰখিয়াৰ এই কথা শুনি টাঙ্গোন যাঠী লৈ বাঘ মাৰিবলৈ গৈ দেখিলে যে, বাঘ নাইকিয়া গৰখিয়াই ভাণ্ডনাহে কৰিছে; এই ৰূপে গৰখিয়াৰ উপহাসত খেতিয়ক লোকে লাজ পায় উভতি গল। পাছে এদিনা স্বৰূপকৈ বাঘ এটা গৰুৰ ঝাকৰ মাজতে সোমালহি, ইয়াতে গৰখিয়াই আগৰ দৰে এটাহ পাৰি পথৰুয়া লোকক মাতিবলৈ ধৰিলে; তাতে খেতিয়কবিলাকে মনত গমি চাই বুলিলে, আমি সকলোকে গৰখিয়াই ভাওনাহে কৰিছে, এই বুলি কোনোএ তাক ৰাখিবৰ অৰ্থে ওচৰলৈ নোযোৱাত বাঘে অনেক গৰু মাৰি শেষে গৰখিয়াকো মাৰিলে।

মৰণ কালত গৰখিয়াই অসন্তোষ কৰি মনত ভাবিলে, বোলে, হায়, হায়! আগেয়ে পথৰুয়া লোকেৰে সৈতে মিছা ভাওনা কৰি কিয় উপহাস্য কৰিলোঁ ! যেতিয়া মিছাই পথৰুয়া লোকক মাতিছিলোঁ, তেতিয়া সিবিলাক অহিছিল, কিন্তু এতিয়া সঁচাকৈয়ে বাঘে; আমাক বধ কৰিলে তথাপি কোনোএ আহি আমাক নেৰাখিলে। [ ১৮ ]

ইয়াৰ অৰ্থ এই।

 সঁচা বিনে মিছা কোৱা মানুহৰ উচিত নহয়, কিয়নো এবাৰ মিছা কথা কোৱাৰ প্ৰমাণ পালে, সি সঁচা কথা কলেও তাক কেৱে নপতিয়াই।

—————

২৫| বক আৰু শামুক ভঙ্গা।
 কোনো এখন বিলৰ ওচৰত এটা বক আৰু এটা শামুক ভঙ্গা থাকে, আৰু দুয়ো চৰায়ে বিলৰ মাছ আৰু শামুক আদি খায়, পাছে দৈবাত এবছৰি বৰখুণ নাইকিয়া হলত, সেই বিলৰ এটাই পানী শুকাই অকল বোকা মাত্ৰ ৰল। বকৰ পানীৰ পৰা মাছ ধৰি খোৱা অভ্যাস, বোকাত যাব নোৱৰাতে খাওনৰ কম হৈ বৰ দুঃখ পায় বক মৰিব লগা হল। কিন্তু শামুক ভঙ্গাৰ বোকাৰ পৰা মাছ ধৰি খোৱা অভ্যাস আছে, এতেকে মনৰ ইচ্ছাৰে মাছ খায় নিতৌ মহা আনন্দে নাচবাগ কৰি থাকে। কিন্তু বক অতি টেগৰ, সি ইয়াৰ আন একো উপায় নেদেখি শামুক ভঙ্গা চৰাইক বুলিলে,হেৰা ভাগ্যৱন্ত, তুমি আৰু ময় বহু দিনৰে পৰা এই ঠাইতে আছোঁ, তেও তোমাৰে মোৰে কথা বাত্ৰা খোৱা দোৱা আদি আলাপ হোৱা নাই, এইটো ভাল কথা নহয়, এতেকে তোমাৰে সৈতে মিত্ৰ কৰিবলৈ মোৰ মন আছে৷ তাতে শামুক ভঙ্গা চৰায়ে বগলিৰ ধূৰ্ত্তালী বুঝিব নোৱাৰি মান্তি হল, আৰু দুয়ো মিত্ৰ কৰিলে। কিছু দিনৰ পাছত বগলিএ বুলিলে, হেৰা মিত্ৰ, বিলৰ পানী শুকুয়াত মাছ ধৰিব নোৱাৰি লঘোনে থকাত মই অতি দুঃখ পাইছোঁ, এনে কালত তুমি যদি মোক কিছুমান খাবলৈ দিয়া তেহে [ ১৯ ]
 
ৰক্ষা পাওঁ; আৰু তোমাৰ লগৰিয়া হৈ থাকিম,আৰু তোমাৰ আপদ কালত ময়ো উপকাৰ কৰিম। কিন্তু এতিয়া তোমাৰ উপকাৰ কৰিব পৰা সমৰ্থ আছে, সদায় পৰৰ উপকাৰ কৰা তোমাৰ উচিত হয়, যি হেতুক পৰক উপকাৰ কৰাৰ পৰা অনেক পুণ্য অৰ্জা যায়, আৰু আতুৰ প্ৰাণীৰ উপকাৰ অবশ্যই কৰিব লগা। যেনেকৈ ৰোগ নাইকিয়াক ঔষধ দি উপকাৰ কৰা অনৰ্থক হয়, কিন্তু ৰোগী লোকক ঔষধ দিয়াহে সাৰ্থক হয়। এতিয়া ময় অনাহাৰত বৰ কষ্ট পাইছোঁ, খাবলৈ দি মোৰ দুঃখ গুছুৱা। শামুক ভঙ্গা চৰাই ভাতি দয়ালু, বগলিৰ এই ৰূপ প্ৰবঞ্চনা কথাত একো দোষ বিচাৰ নকৰি আশ্ৰয় লোৱা যেন জানি, বকক প্ৰতিপাল কৰিবলৈ ধৰিলে। কিছু দিনৰ পাছত বৰ বৰষুণ হোৱাত পানীৰে বিল ভৰপুৰ হল, তাতে বকে জলৰ পৰা মাছ ধৰি খায় প্ৰবৰ্ত্তিলে। কিন্তু শামুক ভঙ্গাই সৰহ পানীৰ নিমিত্তে মাছ খাব নোৱাৰি চিত্ততে ভাবিলে, ময় যি বগলিৰ উপকাৰ কৰি থৈছোঁ, সি এতিয়া আমাৰ উপকাৰ অৱশ্যে কৰিব। বকে উপকাৰ কৰা দূৰে থাকোক, সি সদায় শামূক ভঙ্গাৰ কিমান দোষ তাকেহে চাবলৈ ধৰিলে; পাছে কেনো দোষ নেপায় বুলিলে, হেৰা শামুক ভঙ্গা, তুমি অকাৰণে নাচি থকা আমাৰ সহনীয় নহয়। এতেকে তোমাৰ নিমিত্তে ময় এই ঠাই এৰিলোঁ, ইয়াকে বুলি বকে আন বিললৈ উৰি গল; তাতে শামূক ভঙ্গা খাবলৈ নেপায়ে মৰিল।

ইয়াৰ অৰ্থ এই।

 ফালেঙ্গি দুৰ্জ্জন লোকে নিজৰ দুঃখৰ কালত আনৰ [ ২০ ]
 
ওচৰত নানা প্ৰকাৰ প্ৰিয় বাক্য কৈ সাধু ভাও দেখাই আপোন কাৰ্য্য সিদ্ধি কৰাৰ অৰ্থে কপট ভাৰে মিত্ৰ কৰে; কিন্তু পাছে কাৰ্য্য সিদ্ধি পালে, প্ৰত্যুপকাৰ কৰিব লাগে বুলি কোনো দোষ দেখাই নিজে মিত্ৰতা এৰি পেলাই।

————

২৬। কুকৰ আৰু ষাঁৰ।

 এটা কুকুৰে এবোঝা ঘাঁহৰ ওপৰত শুই আছিলে, পাছে এটা ষাঁৰ গৰুৰ ভোক লাগিলত সেই ঘাঁহকে খাবলৈ আহিল; তাতে কুকুৰে ষাঁৰক দেখি অতি বৰকৈ বোল মাত কৰি বেজাই দিলে। ইয়াতে ষাঁৰ গৰুএ কুকুৰৰ ভয়ত ঘাঁহ খাব নোৱাৰি বুলিলে, হেৰা হিংসা কুৰিয়া, তুমি এই ঘাঁহ আপুনিও নোখোৱা আৰু আনকো খাবলৈ নিদিয়া; বাৰু, এই হিংসাতেহে তোমাৰ মৰণ হব। এই কথা কৈ ষাঁৰ গুছি গল, পাছে সেই কুকুৰে ঘাঁহ ৰাখি থাকি লঘোনতে মৰিল।

ইয়াৰ অৰ্থ এই।

 খিয়াল, হিংসা, ক্ৰোধ জুইৰ নিচিনা হয়। এই হেতুকে যাতে উপজে আগেয়ে তাকেই নাশ কৰে; আৰু ক্ৰোধে যাক ধৰে তাৰ ওপৰতে থিতি হয়। এতেকে এই তিনটা বস্তুত সাৱধান হোৱা মানুহৰ উচিত।

————

২৭। এটা কৃষক, আৰু সাপ।

 এটা হালোৱা মানুহে জাৰ কালত ৰাতিপুৱাই এক নৈৰ পাৰলৈ যাওঁতে দেখিলে যে, এটা সাপ বোকাৰে লেটিপেটি হৈ মৰাৰ দৰে হিমত পৰি আছে। তাতে হালোৱাৰ দয়া লগাত সাপক ঘৰলৈ আনি জুইৰ সেও দি জীয়ালে আৰু নিতৌ গাখীৰ, কল, আদি খুৱাই [ ২১ ]

 
প্ৰতিপাল কৰিবলৈ ধৰিলে ৷ আৰু হালোৱাৰ এটা লৰা আছিল, সি সদায় সাপে সৈতে একে ঠাইতে বাস কৰাত সাপক বিশ্বাসী মানিলে। সাপে এই ৰূপে হালোৱাৰ ঘৰতে বহু দিন নিয়াইছে, পাছে এদিন কিবা কাৰণত হালোৱাৰ পুতেকে সাপক বাৰি এডালেৰে কোবালে, তাতে সাপ ক্ৰুৰ জাতি হোৱা হেতুকে তাক দংশিলে, দংশা মাত্ৰকে হালোৱাৰ লৰাটো পৰিল । ইয়াৰ পাছে যেতিয়া হালোৱা আহি দেখিলে যে,সাপে খোৱাতে লৰাটী মৰি আছে, তেতিয়া সাপক অনেক ডাবি হুকি দি বুলিলে, হেৰ পাপিষ্ঠ, তোক মৰিব লগা অবস্থাৰ পৰা আনি জীয়াই ৰাখি প্ৰতিপাল কৰিলো,তাৰে কি এই ফল দিলি? ইয়াকে শুনি সাপে বুলিলে, আমি ক্ৰুৰ জাতি, একে আমাৰ স্বভাৱ ৰাখিলোঁ। তুমি আগেয়ে কৰিব নলগা কাম কৰি আছা, তাতে তোমাৰ উপকাৰৰ সলনি এতিয়া অপকাৰ কৰা হৈছে।

ইয়াৰ অৰ্থ এই।

 ক্ৰুৰ জাতি আৰু হিংসা কুৰিয়া জনক বিশ্বাস নকৰা মনুষ্যৰ উচিত হয়।

———

২৮। এটা কঁহাৰ আৰু দুই চোৰ।

 দুটা চোৰে কঁহাৰৰ বজাৰত কাঁহি বাটী কিনিবলৈ গৈ দেখিলে যে, কঁহাৰে আন আন বস্তু কিনিবলৈ অহা মানুহে সৈতে বেচা কিনা কৰোঁতেই তৎ নাইকিয়া হৈছে। এই ছল পায় কঁহাৰে নেদেখাকৈ এটা চোৰে ঘটী এটা চুৰ কৰি আপোন লগৰিয়া চোৰৰ হাতত দিলে ৷ সি আপোনাৰ গাত লোৱা কাপৰৰ মাজত লুকাই ৰাখিলে; [ ২২ ]
 
পাছে আন আন বস্তু কিনা মানুহ গলত কঁহাৰে দেখিলে যে এটা ঘটী নাই। তেতিয়াই সেই দুই মানুহকে চোৰ বুলি ধৰিলে, তাতে সেই দুয়োটা চোৰে শপত শাতি খায় সৈ নেকাঢ়িলে। যিটে চুৰ কৰিছিলে সি কলে, ঘটী মোৰ লগত নাই, আৰু যিটে লুকাই ৰাখিছিল, সিও বুলিলে ময় অনা নাই। ইয়াতে কঁহাৰে চোৰৰ ঠিকনা কৰিব নোৱাৰি কলে, বাৰু, তোমোলাকে চুৰ কৰা গাত নললা, তেও নিশ্চয়ে তোমোলাকৰ মাজতে এজনে চুৰ কৰিছা। এয়ে যি কি নহওক, মোৰ আগত তোমোলাকে লুকুৱালা, কিন্তু যি পৰম ঈশ্বৰৰ শপত কৰিলা, তেওঁৰ আগত কেতিয়াও লুকাব নোৱাৰিবা। কিয়নো

তেওঁ সকলোকে জানে,আটাইকে দেখে, এই কৰমো জানিছে; এই হেতুকে চুৰ কৰি মিছা শপত কৰাৰ উচিত শাস্তি তেওঁ অবশ্যে দিব।

ইয়াৰ অৰ্থ এই।

 পৰৰ বস্তু চুৰ কৰিলে, নাইবা আন কোনো মহা পাতক কৰিলে প্ৰায় সকলোএই ধৰা পৰে। এতেকে মানুহে চুৰ কৰা কেতিয়াও উচিত নহয়, আৰু ঈশ্বৰক সদায় সৰ্ব্বত্ৰতে জাগি থকা দেখা উচিত; কিয়নো ঈশ্বৰে দেখি থকা ছেন জানিলে চুৰ কৰিবলৈ মন নেযাব।

————

২৯। শিকাৰী আৰু শিয়াল।

 এটা শিকাৰীএ এখন হাবিত পহু মাৰিবলৈ গৈ, এটা বৰ বৰা আৰু এটা হৰিণা পহু মাৰি দুইটাক ভাৰ বান্ধি লৈ আহোঁতে বাটত গধূলী হল; শিকাৰীএ লোভত বৰা আৰু পহুকো এৰি আহিব নোৱাৰি এজোপা আম [ ২৩ ]
 
গছৰ তলতে থাকিল। সেই ঠাইতে এটা কাল সৰ্প আছিলে, তাতে সেই আম গছত যি যি আম পকে সেই আটাইটি আম সি খায়। এই নিমিত্তে শিকাৰীক দেখি সাপে মনতে গমিলে, ৰাতিপুৱা হলেই এই মানুহে সকলো আম লৈ যাব, তাতে ময় খাবলৈ নেপাম। এতেকে সি যেন আম নিব নোৱাৰে, এনেকুৱা চেষ্টা কৰা মোৰ উচিত, ইয়াকে ভাবি সাপে শিকাৰীক দংশিলে। পাছে বিষৰ জালত পীড়া পায় খঙ্গ উঠাত শিকাৰীএ শৰ মাৰি সৰ্পক তেতিক্ষণে বধ কৰি পাছে আপুনিও প্ৰাণ এৰিলে। আৰু এটা শিয়াল সেই আম গছৰ ওচৰতে আছিল; সেই ঠাইলৈ শিকাৰী অহাতে শিয়ালে মনত বিবেচনা কৰিলে, আজি ৰাতি এই ঠাইতে শিকাৰীএ মাংস ৰান্ধি খাব, তাতে মোকো অবশ্যে কিছুমান দিব। যদি আটাই খিনি মাংস খায় তথাপি হাৰবিলাককে পেলাই দিবহে, তাকেই পাম। পাছে সাপে খোৱাতে শিকাৰী মৰিল, আৰু শিকাৰীৰ শৰতে সাপো মৰিল। ইয়াকে দেখি তেতিয়াই শিয়াল আম তললৈ আহি শ্ৰম নকৰাকৈ খাবৰ নিমিত্তে মাংস পায়, অতি হৰ্ষ চিত্ত হৈ এই দৰে ভাবিবলৈ ধৰিলে; শ্ৰম নাইকিয়াকৈ বহি থাকি এই মানুহটোকে এমাহ খাম, পহু আৰু বৰা গাহৰি এই দুটাই মোক দুমাহ আঁটিব, আৰু সৰ্পটেও মোৰ এদিন ভাল মতে ভোজন হব; কিন্তু আজি ৰাতিটো কোনো এক ৰূপে নিয়াব পাৰিলে কালিৰ পৰা এইবিলাকৰে অলপ অলপ খাম। ইয়াকে ভাবোঁতে ভাবোঁতেই শিকাৰীৰ ধনুখন দেখি মনতে বুলিলে, ধনুৰ জোঁৰ ডাল গৰু ছালৰ বৰটিৰে সজা ইয়া[ ২৪ ]
 
কৈ খালেই এই ৰাতিটো যাব। এনে ভাব কৰি ধনু গুন কামোৰ মৰা মাত্ৰকে জোঁৰ ডাল ছিগি ধনুৰ আগ ডিঙ্গিয়েদি সোমোৱাত শিয়ালৰ মৰণ হল।

ইয়াৰ অৰ্থ এই।

 মানুহবিলাকৰ যত আপদ প্ৰায় সকলো লোভৰ নিমিত্তে হয়, আৰু বিস্তৰ ধন সাঁচিলে বহু হানি পায়, প্ৰাণো মৰে; তাকে অতি লোভ কৰা আৰু অধিক ধন সঁচাও অনুচিত।

————

৩০। কপৌ আৰু মৌ মাখী।

 এটা মৌ মাখী অতি পিয়াহেৰে তৎ নাইকিয়া হৈ এখন নৈৰ পানী খাবলৈ গৈ পানীৰ মাজত পৰি সেই নৈৰ সোঁততে উটি গল। এনেতে এটা কপৌ চৰায়ে মৌ মাখীক আপদত পৰা দেখি, নৈৰ কোষৰতে এজোপা গছ আছিলে, তাৰে ডাল এটা পানীলৈ দোৱাই দিলে; সেই ডাল গতি লাগাতে মৌ মাখী ডাললৈ উঠি সেই কপৌ চৰাইৰ দ্বাৰায়ে প্ৰাণ ৰক্ষা পালে। কিছুমান দিনৰ পাছতে কপৌ চৰায়ো এটা ব্যাধৰ জালত পৰিল, আৰু ব্যাধে জালৰ জৰী টানিছে, এনে কালতে মৌ মাখীএ দেখিলে যে, তাক ৰখা কপৌ আপদত পৰিছে। তেতিক্ষণে আহি ব্যাধৰ হাতত হুলেৰে বিন্ধিলে; তাতে হুলে ফুটাতে ব্যাধে বিষত বৰ পীড়া পায় জালৰ জৰী এৰি দিলত কপৌএ ৰক্ষা পালে।

ইয়াৰ অৰ্থ এই।

 পৰক উপকাৰ কৰাৎ নিজৰ কুশল সঁচা হয়; এতেকে সৰু বৰ সবাৰে যাৰ যি কৰ্ম্মত হিত হয়, সেই মতে উপকাৰ কৰা মনুষ্য জাতিৰ উচিত। ইতি।।


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )