৪
ইয়াৰ অৰ্থ এই ।
অনেক দুৰ্জ্জন সন্তানতকৈ এটি উত্তম পুত্ৰ হোৱাই ভাল ।
⸻
৩। এজমী স্ত্ৰী আৰু হাঁহিনী ।
এজনী তিৰতাই এজনী হাঁহ পুহিছিলে; সেই হাঁহ জনীৰ দিনে দিনে এটা এটা ৰূপৰ কনি পাৰিছিল । পাছে সেই তিৰতা জনীএ মনতে ভাবিলে, ময় যদি হাঁহিনীক সৰহকৈ আহাৰ দিওঁ, তেতিয়া হলে নিতৌ দুটা দুটা ৰূপৰ কনি পাৰিব, এনেকৈ ভাবি তাই হাঁহ জনীক আগতকৈ সৰহ ধান পানী দিবলৈ ধৰিলে । পাছে সৰহ সৰহকৈ খোৱাৰ নিমিত্তে তেল ধৰাত হাঁহ জনী পেট ফাটি মৰি থাকিল ।
ইয়াৰ অৰ্থ এই ।
মানুহে অধিক লাভলৈ আশা কৰোঁতে আপোনাৰ আগৰ পাৱনিও গুছে ।
⸻
মঁহ আৰু ষাঁৰ গৰু ।
এটা মঁহে এটা ষাঁড় গৰুৰ শিঙ্গত পৰি মনতে ভাবিলে, ময় চাগৈ গধূৰ হৈ থাকিছোঁ । তাতে ষাঁৰক মাতি কলে, হেৰা ষাঁৰ, ময় পৰাতে যদি তোমাৰ ভাব হেন বোধ হৈছে, তেনে হলে কোৱা, ময় আন ঠাইলৈ উৰি যাওঁ । এই কথা শুনি ষাঁৰে বুলিলে, হেৰা মঁহ, তুমি কিহৰ ওপৰত পৰি আছ', ময় তাৰ উমানকেই পোৱা নাই, আৰু কাক বা দুঃখ দিছা, তাকো জনা নাই ।