১১
হক সিংহৰ গলত টিপিবলৈ নিদি সিংহইহে মানুহৰ গল টিপা লিখিলেহেঁতেন।
ইয়াৰ অৰ্থ এই।
উপৰোধ কৰা সাক্ষীয়েৰে কোনেও সিন্ধি নেপায়।
————
১৫। মকৰা আৰু মৌ মাখী।
কোনো এদিনা এটা মকৰাই মৌ মাখী এটাক বুলিলে, যদি তুমি মোক তোমাৰ লগত ৰাখা, তেতিয়া ময়ো তোমাৰ দৰেই মৌ সাঁচিব পাৰিম; এই কথা ঘনে ঘনে কৈ থকাতে মৌ মাখীএ তাক লগত ললে। পাছে যেতিয়া, মকৰাই তাৰ সঙ্গী হৈ মৌ আনিব নোৱাৰিলে, তেতিয়া মৌ মাখীএ মকৰাক হুলেৰে বিন্ধি মাৰিলে। তাতে মকৰাই মৰণ কালত আপুনি আপোনাকে ধিকাৰ কৰি কলে, হায়, হায়! যিহতে মোৰ প্ৰাণ গল, এনে কাম ময় কিহলৈ আচৰিলোঁ! মৌ ৰস আনিবলৈ মোৰ শক্তি নাই; তথাপি মৌ সাঁচিবলৈ কিয় লগ খুজিলোঁ।
ইয়াৰ অৰ্থ এই।
যাৰ যি কৰ্ম্ম কৰিবৰ সমৰ্থ নাই, সি যদি আপোনাক অতি জনা হেন বুঝাই সেই কামত প্ৰবৰ্ত্তে, তেতিয়া তাৰ কথা মিছা হয়, আৰু একো নেজানে বুলি সকলোএ জানে, আৰু তাৰ উচিত ফলো পায়।
———
১৬। লৰাৰ কথা।
এক সময়ত এটা লৰাই সাঁতৰিব নেজানি আপুনি পানীত পৰি পানীত তল যায় তল যায় হেন হল। এনে কালতে বাটেদি এটা মানুহ গৈছিল, প্ৰাণৰ ৰক্ষাৰ