পৃষ্ঠা:নীতি কথা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২১


 

প্ৰতিপাল কৰিবলৈ ধৰিলে ৷ আৰু হালোৱাৰ এটা লৰা আছিল, সি সদায় সাপে সৈতে একে ঠাইতে বাস কৰাত সাপক বিশ্বাসী মানিলে। সাপে এই ৰূপে হালোৱাৰ ঘৰতে বহু দিন নিয়াইছে, পাছে এদিন কিবা কাৰণত হালোৱাৰ পুতেকে সাপক বাৰি এডালেৰে কোবালে, তাতে সাপ ক্ৰুৰ জাতি হোৱা হেতুকে তাক দংশিলে, দংশা মাত্ৰকে হালোৱাৰ লৰাটো পৰিল । ইয়াৰ পাছে যেতিয়া হালোৱা আহি দেখিলে যে,সাপে খোৱাতে লৰাটী মৰি আছে, তেতিয়া সাপক অনেক ডাবি হুকি দি বুলিলে, হেৰ পাপিষ্ঠ, তোক মৰিব লগা অবস্থাৰ পৰা আনি জীয়াই ৰাখি প্ৰতিপাল কৰিলো,তাৰে কি এই ফল দিলি? ইয়াকে শুনি সাপে বুলিলে, আমি ক্ৰুৰ জাতি, একে আমাৰ স্বভাৱ ৰাখিলোঁ। তুমি আগেয়ে কৰিব নলগা কাম কৰি আছা, তাতে তোমাৰ উপকাৰৰ সলনি এতিয়া অপকাৰ কৰা হৈছে।

ইয়াৰ অৰ্থ এই।

 ক্ৰুৰ জাতি আৰু হিংসা কুৰিয়া জনক বিশ্বাস নকৰা মনুষ্যৰ উচিত হয়।

———

২৮। এটা কঁহাৰ আৰু দুই চোৰ।

 দুটা চোৰে কঁহাৰৰ বজাৰত কাঁহি বাটী কিনিবলৈ গৈ দেখিলে যে, কঁহাৰে আন আন বস্তু কিনিবলৈ অহা মানুহে সৈতে বেচা কিনা কৰোঁতেই তৎ নাইকিয়া হৈছে। এই ছল পায় কঁহাৰে নেদেখাকৈ এটা চোৰে ঘটী এটা চুৰ কৰি আপোন লগৰিয়া চোৰৰ হাতত দিলে ৷ সি আপোনাৰ গাত লোৱা কাপৰৰ মাজত লুকাই ৰাখিলে;