৮
ইয়াৰ অৰ্থ এই ।
মানুহবিলাকে যত কল একত্ৰত হৈ থাকে, তত কাল সিবিলাকৰ ওপৰত শত্ৰুতা কৰি কোনোএ জিনিব নোৱাৰে; কিন্তু অমিল হলে সকলোএ তাক নাশ কৰিব পাৰে ।
⸻
১০। এটা দীঘল শিঙ্গিয়া পহু ।
কোনো এদিনা এটা দীঘল শিঙ্গিয়া হৰিণা পহু পিয়াহেৰে আতুৰ হৈ এখান বিললৈ গৈ পানী খালে; পাছে জলতে ছাঁয়াত আপোনাৰ ঠেঙ্গ ভৰি সৰু দেখি অসন্তোষ কৰিলে, কিন্তু শিঙ্গ ডাঙ্গৰ হোৱাত আনন্দে আছিল । ইতি মধ্যে পহু মৰিয়াবিলাক আহি সেই ঠাইত থিতি হওঁতেই হৰিণা পলাই আঁতৰি গল, তাতে পহুমৰিয়া সকলে তাক বধ কৰিব নোৱাৰিলে । পাছে যেতিয়া সি পৰ্বতলৈ গৈ ডাঠ হাবিৰ মাজত সোল, তেতিয়া গছৰ ঠাল আৰু লতাত দীঘল শিঙ্গ লাগি বন্দী হোৱাত পহু মৰিয়াহঁতে সেই ঠাইলৈ গৈ তাক তাতে মাৰিলে। তেতিয়া হৰিণই মৰণ কালত অপমান কৰি বুলিলে, হায় হায় ! ময় যি ঠেঙ্গ ভৰিকে অপমান কৰিছিলোঁ সেয়ে মোক ৰাখিলে, কিন্তু যি শিঙ্গক ভাৰসা কৰি আছিলোঁ, সিএ মোক বধ কৰালে ।
ইয়াৰ অৰ্থ এই ।
বস্তুৰ সৌন্দৰ্য্যতা নেচাই তাৰ গুণলৈ চায় মূল্যৰ বিচাৰ কৰা উচিত ।
১১। এটা নৰিয়া হৰিণা ।
কোনো এক কালত এটা হৰিণা পহু নৰিয়া পৰাত