১০
১৩। সিংহ আৰু শিয়াল।
এটা সিংহে বুৰা অৱস্থাত পৰি একো জীয়া জন্তু ধৰি খাব নোৱাৰি আপোনাৰ ভোজনৰ অৰ্থে ছল কৰি পহু মাৰিবলৈ নৰিয়াৰ ভাও ধৰি গাঁতৰ ভিতৰত পৰি থাকিছিল। কিয়নো সিংহৰ এনে ভাব আছিল, যি কোনো জন্তুএ মোক চাবলৈ আহে তাক এই গাঁতৰ ভিতৰতে ধৰি খাম। পাছে এক শিয়ালে আহি সিংহৰ গাঁতৰ মুখত থিয় হৈ সেৱা কৰি কলে, হে পহু ৰাজ, তুমি কি ৰূপে আছা? এনে বোলাতে সিংহে বুলিলে, তুমি ইয়াৰ ভিতৰলৈ কিয় নাহা? এই কথা শুনি শিয়ালে কলে, হে দেউতা, ময় ইয়ালৈ আহি অনেক জন্তু ভিতৰলৈ সোমাই যোৱাৰ চিন দেখিলোঁ, কিন্তু ওলাই অহাৰ একো চিন নেপালোঁ, এই কাৰণে ময় সোমাই যাব নোৱাৰোঁ।
ইয়াৰ অৰ্থ এই ।
বিবেচনা নকৰি কোনো কাৰ্য্য আৰম্ভণ কৰা মানুহৰ উচিত নহয়।
—————
১৪। সিংহ আৰু মনুষ্য।
এদিনা বাটৰ মাজতে এটা সিংহেৰে সৈতে এজন মানুহৰ ভেঁটা ভেঁটি হলত, বল পৰাক্ৰমৰ কথাত দুইৰো বিবাদ লাগিল; সিংহে আপোনাৰ বল পৰাক্ৰম সৰহ হেতুকে আনন্দ মনে আছিল। তাতে মানুহটোএ এটা সিংহৰ গাল টিপি ধৰি থকা কোনো এজন মানুহৰ পুতলা লিখি সেই সিংহক দেখুৱালে; আৰু তাকে চাই মানুহটে হাঁহিব ধৰিলে। তেতিয়া সিংহে বুলিলে, যদি সিংহে মানুহৰ দৰে লিখিব পাৰিলেহেঁতেন, তেন্তে মানু-