৭
তাৰ সিমান দুষ্ট স্বভাও আৰু দুৰ্ম্মতি বাঢ়ে; আৰু তাক
যিমান উপকাৰ কৰা হয়, সি তিমান অপকাৰ সাধে ।
⸻
৮ । কলা বৰণীয়া মানুহৰ কথা ।
এটা কলা মানুহে কাপৰ থৈ চাউল বটাৰে গা ঘঁহিছিল । এনেতে কোনো এজন মানুহে তাক সুধিলে, বোলে, হেৰা, তুমি কি কাৰণে গাত চাউল বটা সানিছা ? ইয়াকে শুনি সি উত্তৰ দি কলে, মোৰ গা বগা হবলৈ ঘঁহিছোঁ। তেনেতে এজন পণ্ডিতে আহি তাক কলে, হেৰা কলা মানুহটো, তুমি আপোন শৰীৰক দুঃখ নিদিবা; কিয়-নো তোমাৰ শৰীৰে চাউল বটাকে কলা কৰিব পাৰে, কিন্তু চাউল বটাই তোমাৰ কলা বৰণ গুছাব নোৱাৰে ।
ইয়াৰ অৰ্থ এই ।
বেয়া মানুহে ভাল লোকক বেয়া কৰিব পাৰে, কিন্তু । বেয়া লোকক ভাল কৰা দুসাধ্য ।
⸻
৯ । সিংহ আৰু দুই বলধ ।
এদিনা এটা সিংহে দুটা বলধ গৰুক মাৰিবলৈ দুই- ৰো সম্মুখে খেদি গল । তাতে সেই দুটা বলধে গোট খায় সিংহকে শিঙ্গেৰে খুচিব ধৰিলে; এই দৰে আপো-নাৰ মাজলৈ সিংহক আহিব নিদিলে । পাছে সিংহে সেই দুই বলধক ছল কৰিবৰ নিমিত্তে আঁতৰলৈ গৈ বুলিলে, হে বলধ, তোমোলাক দুয়ো পৃথক পৃথক হোৱা, তেতিয়া হলে ময় কাকো একো নকৰোঁ । এই বোলাতে একো নকৰে হেন জানি যেতিয়া দুয়ো বলধ বেলেগ বেলেগ হল, তেতিয়া সিংহে দুইকো বধিলে ।