৫
ইয়াৰ অৰ্থ এই ।
যি মানুহে আপোনাৰ যশস্যা পৰাক্ৰমৰ গৰ্ব্ব কৰি লোকক সৰু পাতে, সেই মানুহ অৱশ্যে লঘু হয় ।
⸻
৫ । বুৰা মানুহ আৰু মৃত্যু ।
এটা বুৰা মানুহে খৰিৰ ভাৰ লৈ যাওঁতে যাওঁতে তাৰে পীৰিলত মহা দুঃখ পায় ভাৰ পেলাই দি হে প্ৰভু, মোক মাৰি নিয়া ২ বুলি চিয়ঁৰিবলৈ ধৰিলে । এনে সময়তে মৃত্যু আহি বুৰাৰ আগত থিয় হৈ বুলি- লে, বুৰা তই মোক কি কাৰ্য্যে মাতিলি? ওলা, তোক লৈ যাওঁ। এই বোলা শুনি বুৰাটে কাবৌ কোকালি কৰি কলে, হে প্ৰভু, এই খৰি ভাৰ মোৰ কান্ধত তুলি দিয়া, ইয়াক তুলি দিবৰ কাৰণেহে তোমাক মাতিছোঁ ।
ইয়াৰ অৰ্থ এই ।
পৃথিবীৰ ভিতৰত সকলোএ জীবলৈহে বাঞ্চা কৰে; চোৱা, অতি বুঢ়া নাইবা দৰিদ্ৰ হলেও প্ৰায় কাৰো মৰি বৰ ইচ্ছা নাই ।
⸻
৬। কাছৰে শহৰে কথা ।
কোনো এক সময়ত এটা কাছ আৰু এটা শহা পহু এই দুয়োটাই কোনো এটা পৰ্ব্বতলৈ সীমা নিশ্চয় কৰি সিহঁত দুইৰো মাজত কোনে আগেয়ে পাব পাৰে, এই কথা বান্ধি গতি কৰিলে । পাছে শহা পহু ক্ষীণ, লঘু আৰু বেগাই যায়, এই কাৰণে শ্ৰমে পীৰাত আশক্ত হৈ পথৰ মাজতে শুলে । কিন্তু কাছৰ গা ডাঙ্গৰ আৰু লাহে লাহে যায়, সেই নিমিত্তে নেভাগৰিল, আৰু যাওঁতে বাট
১০