এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উপদেশ কথা
১। পহুৰে সিংহৰে কথা ।
কোনো এদিনা এটা পহু ব্যাধৰ ভয়ত পলাই এটা গাঁতৰ ভিতৰত সোমালগৈ; তাতে এটা সিংহে সেই পলোৱা ঠাইতে ধৰি পহুক মাৰিলে । ইয়াতে পহু মৰণ কালত বুলিলে, হায় হায়! মোৰ কি নো দুৰ্গতি হল ! ময় মানুহৰ হাতৰ পৰা পলাই তাতোকৈ বলী আন এটাৰ হাততহে পৰিলোঁ ।
ইয়াৰ অৰ্থ এই ।
মানুহে সাৱধান হৈ নচলিলে এই দৰে দুঃখ মিলে; আৰু এটা আপদৰ পৰা পলাই তাতোকৈ ডাঙ্গৰ আন আন আপদতহে পৰে ।
⸻
২। শহাৰে সিংহিনীৰে কথা ।
এটা শহা পহুএ এজনী সিংহিনীৰ ওচৰলৈ গৈ বুলি-লে, হেৰা সিংহিনী, শুনা, বছৰি বছৰি মোৰ অনেক পোৱালি জীয়ালি হয়, কিন্তু তোমাৰ জন্মৰে পৰা মৰণ-লৈকে একেটি পোৱালিত বাঝে আৰু নজগে । এই কথা কোৱাতে সিংহিনীএ বুলিলে, মোৰ একেটি পোৱালি হয়, স্বৰূপ, কিন্তু সেই এটি পোৱালিএই সিংহ, আৰু তোমাৰ অনেক পোৱালিতকৈয়ো, অধিক ।