পৃষ্ঠা:নীতি কথা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২০

 

ওচৰত নানা প্ৰকাৰ প্ৰিয় বাক্য কৈ সাধু ভাও দেখাই আপোন কাৰ্য্য সিদ্ধি কৰাৰ অৰ্থে কপট ভাৰে মিত্ৰ কৰে; কিন্তু পাছে কাৰ্য্য সিদ্ধি পালে, প্ৰত্যুপকাৰ কৰিব লাগে বুলি কোনো দোষ দেখাই নিজে মিত্ৰতা এৰি পেলাই।

————

২৬। কুকৰ আৰু ষাঁৰ।

 এটা কুকুৰে এবোঝা ঘাঁহৰ ওপৰত শুই আছিলে, পাছে এটা ষাঁৰ গৰুৰ ভোক লাগিলত সেই ঘাঁহকে খাবলৈ আহিল; তাতে কুকুৰে ষাঁৰক দেখি অতি বৰকৈ বোল মাত কৰি বেজাই দিলে। ইয়াতে ষাঁৰ গৰুএ কুকুৰৰ ভয়ত ঘাঁহ খাব নোৱাৰি বুলিলে, হেৰা হিংসা কুৰিয়া, তুমি এই ঘাঁহ আপুনিও নোখোৱা আৰু আনকো খাবলৈ নিদিয়া; বাৰু, এই হিংসাতেহে তোমাৰ মৰণ হব। এই কথা কৈ ষাঁৰ গুছি গল, পাছে সেই কুকুৰে ঘাঁহ ৰাখি থাকি লঘোনতে মৰিল।

ইয়াৰ অৰ্থ এই।

 খিয়াল, হিংসা, ক্ৰোধ জুইৰ নিচিনা হয়। এই হেতুকে যাতে উপজে আগেয়ে তাকেই নাশ কৰে; আৰু ক্ৰোধে যাক ধৰে তাৰ ওপৰতে থিতি হয়। এতেকে এই তিনটা বস্তুত সাৱধান হোৱা মানুহৰ উচিত।

————

২৭। এটা কৃষক, আৰু সাপ।

 এটা হালোৱা মানুহে জাৰ কালত ৰাতিপুৱাই এক নৈৰ পাৰলৈ যাওঁতে দেখিলে যে, এটা সাপ বোকাৰে লেটিপেটি হৈ মৰাৰ দৰে হিমত পৰি আছে। তাতে হালোৱাৰ দয়া লগাত সাপক ঘৰলৈ আনি জুইৰ সেও দি জীয়ালে আৰু নিতৌ গাখীৰ, কল, আদি খুৱাই