৪
ইয়াৰ অৰ্থ এই।
আপোনাৰ পৰাক্ৰমৰ আপুনি গৰ্ব্ব কৰা মানুহৰ উচিত নহয়।
———
২১। গোটাদিএক কুকুৰনেচিয়া বাঘ।
কেইটামান কুকুৰ নেচিয়া বাঘে এটা পুখুৰীত গৰু ছাল দেখি খাবলৈ মনস্থ কৰিলে; কিন্তু পুখুৰী জলেৰে ভৰপূৰ হৈ আছিল, আৰু গৰু ছালো সোঁতত নাছিল। তাতে বাঘবোৰে গোট খাই এই আলচ কৰিলে, বোলে, আহাঁ, আমি সকলোএ আগৈএ আটাইবিলাক জল খায়ডোবা শুকুৱাই, পাছে গৰু ছাল খামহঁক। এই কথা কৈ পাছে পেট ভৰাই পানী খালে; কিন্তু বিহু পানী খোৱাতে আটাইবিলাক বাঘ পেট ফাটি মৰিল। গৰু ছাল আৰু খাব নোৱাৰিলে।
ইয়াৰ অৰ্থ এই।
অলপ বুদ্ধিৰে মানুহে যি কাৰ্যটো কৰিবলৈ যোগ্য নহয় আৰু বেয়া, তাকেইহে কৰে।
———
২২। শিয়ালী আৰু শামুক ভঙ্গা।
শিয়ালীৰ এনেই সদায় ৰঙ্গত মন আৰু চতুৰালীত ৰতি, তাতে আৰু এদিনা এই মন কৰিলে, ময় মোৰ লগত থকা শামুক ভঙ্গাৰে সৈতে ধেমালি কৰিম; ইয়াকে ভাবি এদিন দুপৰিয়া শামূক ভঙ্গাক খাবলৈ মাতিলে। মতাৰ নিমিত্তে শামুক ভঙ্গা ভোজনৰ ঠাইলৈ গৈ দেখিলে যে, অনেক বিধ ঝোল বস্তু কেতবোৰ কাঁহি আৰু পাতত থৈ ৰখি আছে। অৰ্থাৎ যি পাতত শামুক ভঙ্গাই আপোন ঠোঁটৰ