১৬
লেকিবলৈ ধৰিলে। সেই বেলা শামুক ভঙ্গাই তাৰ ফাললৈ ঘুৰি চাই মুচুকাই হাঁহি ২ কলে, তোমাৰ বৰ ভোক আছে, ইয়াতে আমি বৰ অসন্তোষ পাইছোঁ। তুমি মতাত সেই দিনা ময় যেনেকৈ খাইছিলোঁ, তুমিও তেনে দৰে তুষ্ট হৈ খোৱা, এই মোৰ ইচ্ছা; এই বোলাতে শিয়ালীএ তললৈ মুখ কৰিলে, তাতে বৰ বেঝাৰ পোৱা দেখা গল। তেতিয়া শামুক ভঙ্গাই বুলিলে, নহয়, নহয়, এই কথাত খঙ্গ নকৰিবা; কিয়নো যি সকলে উপহাস সহিব নোৱাৰে, সিবিলাকৰ কোনোএ সৈতেও ধেমালি কৰা উচিত নহয়।
ইয়াৰ অৰ্থ এই।
কাৰোবাৰ সৈতে ধেমালি কৰিবলৈ গলে সি পুনৰায় উপহাস কৰিলে, তাক সহিব পাৰিম কি নোৱাৰিম,ইয়াকে আগৈএ আপোনাৰ মনত বিচাৰ কৰা আৱশ্যক।
————
২৩। বালক আৰু বেঙ্গ।
এখান ডাঙ্গৰ বিলত বহু ভেকুলীৰ বাস আছিল; কেতবিলাক লৰাই অকস্মাত তাৰ পাৰত শিল দলিয়া দলি কৰিবলৈ ধৰিলে, আৰু বিলৰ পানীতে নেৰাকৈ দলি মাৰিলে; ইয়াতে সৰু সৰু ভয়াতুৰ ভেকুলীবিলাকৰ মহা দুঃখ হল। পাছে সকলোবোৰ ভেকুলীৎকৈ সাহসিক এটা ভেকুলীএ পানীৰ পৰা ওপৰলৈ মুখ উলিয়াই কলে, হে প্ৰিয় লৰাটীহঁত, তোমোলাকে ইমান সৰু কালতেই আপোন জাতৰ নিৰ্দ্দয়া স্বভাৱ কিয় শিকিছা? তোমালোকে মন কৰি দেখাছোন, এয়ে তোমোলাকৰ ধেমালি হয়, কিন্তু সেয়ে আমাৰ মৰণ ঘটাইছে।