পৃষ্ঠা:নীতি কথা.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৫

আগ মাত্ৰ তল নিয়াব পাৰে, কিন্তু খায় যেন ভোক গুছাব নোৱাৰে, এনে ভাব কৰি বস্তুবিলাক ৰাখিছিলে। তাতে শিয়ালীএ জিবাৰে খাব পাৰে গুণে অতি খৰ কৰি চেলেকি ২ খাবলৈ ধৰিলে, আৰু নেখাওঁ, নেখাওঁ, এই ৰাও কাঢ়ি আপুনি মাতি অনা শামুক ভঙ্গাক সুধিবলৈ ধৰিলে, বালে, মোৰ এই সকল খোৱা বেহানি তোমাৰ কেনে লাগিছে? মোৰ ইচ্ছাৰে এইবিলাক বেহানিৰ সোৱাদ লৈ খৰকৈ খোৱা, কিন্তু তুমি যে ৰৈ ৰৈ খাইছা, ইয়াকে দেখি ময় বৰ অসন্তোষ পাইছোঁ। এই বোলাত শামুক ভঙ্গাই বুঝিলে, শিয়ালীএ মোক হাঁহিছে, এতেকে তাৰ কথালৈ কিছু মন নকৰিলে; কিন্তু তাৰ আশয় বুঝি কলে, তোমাৰ সকলো খোৱা বেহানি আমাৰ বৰ ভাল লাগিল; আৰু ঘৰলৈ আহিবৰ বেলা শামুক ভঙ্গায়ো শিয়ালীক আপোন ঘৰলৈ মাতিলে। তাৰ ঘৰলৈ যাবলৈ শিয়ালীৰ বৰ মন হলত, একো মতে নোযোৱাকৈ ৰব নোৱাৰিলে, পাছে সি আহিব দিয়া দিনত শিআলী তাৰ ঘৰলৈ গৈ যেতিয়া খোৱা বেহানি অনা দেখিলে, তেতিয়া সি আপোনাক লঘু হোৱা যেন জানিলে, কাৰণ মুখ ঠেক ডিঙ্গি দীঘল এনেকুৱা কলহত মঙ্গহবোৰ কুটি কুটি ভৰাই থৈছে। সেই কলহত মুখ সুমাব নোৱাৰাত খোৱা বেহানিৰ সোৱাদ লবলৈ তাৰ শক্তি নহল, তাতে খাবব ইচ্ছা হৈ কেবল মনৰ হাবিয়াহ মনতে ৰল। কিন্তু শামুক ভঙ্গাই আপোনাৰ দীঘল ঠোট কলহৰ মুখত সুমাই পেট ভৰপূৰ কৰি খালে; পাছে এখন হেঁতাৰ ভিতৰে বাহিৰে যি কিছু মান ঝোল লাগি আছিলে, শিয়ালীএ তাকে বৰ পৃহা কৰি চে-