পৃষ্ঠা:নীতি কথা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২৩

 

গছৰ তলতে থাকিল। সেই ঠাইতে এটা কাল সৰ্প আছিলে, তাতে সেই আম গছত যি যি আম পকে সেই আটাইটি আম সি খায়। এই নিমিত্তে শিকাৰীক দেখি সাপে মনতে গমিলে, ৰাতিপুৱা হলেই এই মানুহে সকলো আম লৈ যাব, তাতে ময় খাবলৈ নেপাম। এতেকে সি যেন আম নিব নোৱাৰে, এনেকুৱা চেষ্টা কৰা মোৰ উচিত, ইয়াকে ভাবি সাপে শিকাৰীক দংশিলে। পাছে বিষৰ জালত পীড়া পায় খঙ্গ উঠাত শিকাৰীএ শৰ মাৰি সৰ্পক তেতিক্ষণে বধ কৰি পাছে আপুনিও প্ৰাণ এৰিলে। আৰু এটা শিয়াল সেই আম গছৰ ওচৰতে আছিল; সেই ঠাইলৈ শিকাৰী অহাতে শিয়ালে মনত বিবেচনা কৰিলে, আজি ৰাতি এই ঠাইতে শিকাৰীএ মাংস ৰান্ধি খাব, তাতে মোকো অবশ্যে কিছুমান দিব। যদি আটাই খিনি মাংস খায় তথাপি হাৰবিলাককে পেলাই দিবহে, তাকেই পাম। পাছে সাপে খোৱাতে শিকাৰী মৰিল, আৰু শিকাৰীৰ শৰতে সাপো মৰিল। ইয়াকে দেখি তেতিয়াই শিয়াল আম তললৈ আহি শ্ৰম নকৰাকৈ খাবৰ নিমিত্তে মাংস পায়, অতি হৰ্ষ চিত্ত হৈ এই দৰে ভাবিবলৈ ধৰিলে; শ্ৰম নাইকিয়াকৈ বহি থাকি এই মানুহটোকে এমাহ খাম, পহু আৰু বৰা গাহৰি এই দুটাই মোক দুমাহ আঁটিব, আৰু সৰ্পটেও মোৰ এদিন ভাল মতে ভোজন হব; কিন্তু আজি ৰাতিটো কোনো এক ৰূপে নিয়াব পাৰিলে কালিৰ পৰা এইবিলাকৰে অলপ অলপ খাম। ইয়াকে ভাবোঁতে ভাবোঁতেই শিকাৰীৰ ধনুখন দেখি মনতে বুলিলে, ধনুৰ জোঁৰ ডাল গৰু ছালৰ বৰটিৰে সজা ইয়া-