পৃষ্ঠা:নীতি কথা.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২২

 

পাছে আন আন বস্তু কিনা মানুহ গলত কঁহাৰে দেখিলে যে এটা ঘটী নাই। তেতিয়াই সেই দুই মানুহকে চোৰ বুলি ধৰিলে, তাতে সেই দুয়োটা চোৰে শপত শাতি খায় সৈ নেকাঢ়িলে। যিটে চুৰ কৰিছিলে সি কলে, ঘটী মোৰ লগত নাই, আৰু যিটে লুকাই ৰাখিছিল, সিও বুলিলে ময় অনা নাই। ইয়াতে কঁহাৰে চোৰৰ ঠিকনা কৰিব নোৱাৰি কলে, বাৰু, তোমোলাকে চুৰ কৰা গাত নললা, তেও নিশ্চয়ে তোমোলাকৰ মাজতে এজনে চুৰ কৰিছা। এয়ে যি কি নহওক, মোৰ আগত তোমোলাকে লুকুৱালা, কিন্তু যি পৰম ঈশ্বৰৰ শপত কৰিলা, তেওঁৰ আগত কেতিয়াও লুকাব নোৱাৰিবা। কিয়নো

তেওঁ সকলোকে জানে,আটাইকে দেখে, এই কৰমো জানিছে; এই হেতুকে চুৰ কৰি মিছা শপত কৰাৰ উচিত শাস্তি তেওঁ অবশ্যে দিব।

ইয়াৰ অৰ্থ এই।

 পৰৰ বস্তু চুৰ কৰিলে, নাইবা আন কোনো মহা পাতক কৰিলে প্ৰায় সকলোএই ধৰা পৰে। এতেকে মানুহে চুৰ কৰা কেতিয়াও উচিত নহয়, আৰু ঈশ্বৰক সদায় সৰ্ব্বত্ৰতে জাগি থকা দেখা উচিত; কিয়নো ঈশ্বৰে দেখি থকা ছেন জানিলে চুৰ কৰিবলৈ মন নেযাব।

————

২৯। শিকাৰী আৰু শিয়াল।

 এটা শিকাৰীএ এখন হাবিত পহু মাৰিবলৈ গৈ, এটা বৰ বৰা আৰু এটা হৰিণা পহু মাৰি দুইটাক ভাৰ বান্ধি লৈ আহোঁতে বাটত গধূলী হল; শিকাৰীএ লোভত বৰা আৰু পহুকো এৰি আহিব নোৱাৰি এজোপা আম