১২
নিমিত্তে সেই লৰাই এটাহ পাৰি তাকে মাতিলে। তাতে সি ওচৰলৈ গৈ পানীত নমাৰ অৰ্থে লৰাটক ডাবি দিবলৈ ধৰিলে, তেনেতে লৰাই বুলিলে, হেৰা বাটৰুৱা, আগেয়ে মোক ধৰি তোলা পাছেও গৰিহণ কৰা।
ইয়াৰ অৰ্থ এই।
কোনো মানুহ আপদত পৰিলে তাক আগেয়ে আপদৰ পৰা ৰাখি পাছত গৰিহণা কৰাহে ভাল।
———
১৭। কুকুৰ আৰু শিয়াল।
এদিনা এটা কুকুৰে এঠাইত বাঘৰ ছাল এখান দেখি সি ওচৰলৈ গৈ দাঁতেৰে কচি কচি ছাল ছিঙ্গিবলৈ ধৰিলে। ভেনেতে এটা শিয়ালে দেখি কুকুৰক বুলিলে, এই বাঘ জীয়াই থকা হলে, তেতিয়া তোমাৰ নিচিনাৰ দাঁঁততকৈয়ো তাৰ ভৰিৰ নখটীকে ডাঙ্গৰ দেখিলাহেঁতেন।
ইয়াৰ অৰ্থ এই।
বৰ লোক কাল ক্ৰমে দুখিয়া হলেও সামান্য লোকে অবমান কৰিব নেপায়; দুঃখৰ কালত বৰ লোকক পীড়া কৰিলে লোকৰ গৰিহণা পায়।
———
১৮। উদৰ আৰু অঙ্গ।
পেট আৰু হাত, ভৰি, অঙ্গ, এই কেইটাই কোৱাকুই কৰাত, অঙ্গে বুলিলে, আমি আপোন শক্তিৰে দেহক ভাৰ বৈছোঁ; তাতে পেটে বুলিলে, যদি ময় কিছু ভোজন নকৰোঁ, তেন্তে তোমোলাকে যাব আৰু ভাৰ ববও নোৱাৰিব।