নক্সা
নক্সা
(কবিৰ ভাষা)
‘ন জ্ঞানেন সদৃশম্ পৱিত্ৰমিহ বিদ্যতে।”
“গীতা।”
ৰচক
বিষয় চন্দ্ৰ বিশ্বাসী
হাজো
All rights reserved. |
Price as /5/ five only. |
অঙ্কন
নক্সা-মন্দিৰ বিশ্ব সংসাৰ
নক্সা-খনিকৰ বিশ্বেশ্বৰ।
নক্সা আজি সকলো আমি
নক্সা সাজিছোঁ সি হাতৰ!
নক্সায় নক্সায় আহিছোঁ গৈছোঁ
নক্সাৰ কোনে পায় হিচাব পৰ
নক্সাৰ ভাবে নক্সা ধৰি
“নক্সা”⸺ওলাল সমাজৰ!!
⸻
হাজো ১২।২।২৩ |
উছৰ্গা
“যুজ্যং যোজ্যেন যোজয়েৎ।”
ভাবিয়ে আজি⸺
হিন্দু সমাজৰ বিধিদাতা,
হাজো ৺মাধৱাদি পঞ্চ দেৱালয়ৰ
মূল গৰাকী
বহুমানাস্পদ
পূজনীয়
শ্ৰীল শ্ৰীযুত জীৱন চন্দ্ৰ শৰ্ম্মা দলই
মহোদয়ৰ
কৰকমলত
লিখোঁতা কৰ্ত্তৃক এই—
“নক্সা”
উছৰ্গা কৰা হল
১৩৩০ সল।
সূচী
কবিতা | পিঠি | |
১৷ | মন্ত্ৰ | ১-৩ |
২৷ | গৰীষ্ঠ-লঘীষ্ঠ | ৩-৫ |
৩৷ | নৰ-পশু | ৫-৬ |
৪৷ | কলিকাতাৰ টোকা | ৬-৯ |
৫৷ | বিচাৰ | ৯-১৩ |
৬৷ | অসমীয়াৰ উদাৰতা | ১৩-১৫ |
৭৷ | আতৈ | ১৬-২১ |
৮৷ | কলিকতিয়া বাবু আৰু উড়িয়া | ২১-২৩ |
৯৷ | নৰ-পক্ষী | ২৪-২৫ |
১০৷ | শিক্ষাৰ গুটি | ২৫-৩৭ |
১১৷ | পৰিতাপ | ৩৭-৪০ |
১২৷ | হাজো ৺মাধৱাদি পঞ্চ দেৱালয়ৰ অৱস্থা (মধ্যযুগ—১৩৩০ চনলৈকে) |
৪০-৪৫ |
১৩৷ | ধৰ্ম্মসত্ৰ | ৪৫-৫০ |
১৪৷ | মহৎবাণী | ৫০-৫১ |
⸻⸻
নক্সা
⸻
(কবিৰ ভাষা)
মন্ত্ৰ।
মোহন বীণাৰ মোহন সুৰত
নিখিল বিশ্ব উঠিছে জাগি;
অহিংসা, সুব্ৰত, বাটত সকলে
দিছে ঠিয় ঘৃণ্য, কাপট্য ত্যাগী।
‘ভাই ভাই' বুলি সাৱটি লবলৈ
ইজনে সিজনে মেলিছে হাত,
‘তুমি’ ‘আমি’ মাথো ভাৰত বাসীৰ
নহল আজিও চূৰ্ত্তি গা’ত!
চিৰ দুখ তাপ বিষাদ যন্ত্ৰণা
দুহাতে বুকুত সাৱটি হায়!
‘নচিব’ ধিয়াই টুকিছোঁ চকু-লো
ভাবি নিস্তাৰৰ উপায় নাই!
লাঞ্ছনা, নিগ্ৰহ, চৰণাঘাতত
ডাল, ডাল কৈ ওলাইছে হাড়
ঠিয় দি যে এখোজ আগলৈ নিম
এনেও টো শক্তি নাই আমাৰ!
আছে মাথো মৃতকল্প জীৱনত
চকুৰে নমনা গুপুত প্ৰাণ
আৰু আছে এক শুকান কণ্ঠত
স্বাৰ্থ ভাৱ যুক্ত অফুটা গান।
বিস্মৃত পূৰ্ব্বৰ প্ৰিয় ভ্ৰাতৃভাৱ
সঙ্কীৰ্ণ তা জালে অন্তৰ ঘেৰা,
যেন যাদুকৰে যাদুৰে আমাক
মানুহ গুছাই কৰিছে ভেড়া।
এনে যে বিলাই বিপত্তি বাতৰি
ধ্বনিছে তেনেই জগত যুৰি
কিন্তু কোনোৱেটো সহানুভূতিৰে
আজিও'আমাক নাচালে ঘুৰি।
পৰৰ দুখত দুখ পতিয়ায়
এনে মহাজন সহজে কৈ
নিৰ্ব্বলীৰ দশা বলীৰ হাতত
চলিছে সমানে আজিকোলৈ।
নিজৰ বাহুত বল না থাকিলে
কন্দাকটা ভাই নিষ্ফল তেনে
ব্যাধৰ জালত বদ্ধ হৰিণাৰ
সংঘটে কৰুণ অৱস্থা যেনে!'
তিয়াগী সজাগী ই সন্মোহ ভাৱ
চিৰ সত্যব্ৰত সাৰথী কৰা
স্থিৰ প্ৰতিজ্ঞাৰ বেদীত আৰোহী
সাম্য, মৈত্ৰী ধ্বজা উধাই ধৰা।
লভিবা পূৰ্ব্বৰ তেজ, শক্তি বল
ধন, ধান্য, সুখ-সম্পদ চয়,
অপায়-আপদ ডাকিনী-যোগিনী
ই-মন্ত্ৰত হব সকলে লয়।
কলিকাতা।
৮।১২।২২
⸻
গৰীষ্ট-ও লঘীষ্ট।
( ১ )
আহিবা কিয় মোৰ কাষলৈ
জাতিত তুমি উত্তম!
মানুহে পাছত দেখিলে তোমাক
হৈ পৰিবা অধম।
কূলৰ গৌৰৱ তেনেয়ে বাৰ
আগনৈকেও কলঙ্ক ৰব
সমাজেও ব্যৱস্থা লৈ
ভুঞ্জাব দুৰ্গতি বিষম!
কেৱাচো বাৰু, হয় নে নহয়
এইটো চল্তি নিয়ম!
(২)
জ্ঞানীৰ মতে নহয় এনে
মানিবা ঠাৱৰ কৰি,
সচাঁ-মিছা, পুৰাণ বুৰঞ্জী
চোৱা ভালকৈ পঢ়ি।
পাতে পাতে, পিঠিয়ে পিঠিয়ে
উপদেশ-গল্পৰ প্ৰতি শাৰীয়ে
বুজাইছে কিমান ভাব-পটন্তৰে
“ধাতাৰ সৃষ্ট প্ৰকৃতি ৰাজ্যত
‘গৰীষ্ঠ-লঘীষ্ঠ’ নাই!
গুণাগুণ ধৰি নানুহে মাথোন
দেৱত্ব-পশুত্ব পায়।”
(৩)
অৱনতিৰ সম্ভাৰ খিনি
স্বাৰ্থপৰতাই আনে,
এই পাকতে আমাৰ দেশৰ
দুৰ্গতি ঘটিছে এনে!
কিন্তু যদিহে তিয়াগী ইভাব
পিন্ধি নৈতিক সাহসৰ কব’নচ
সাম্য-মৈত্ৰীৰ ধ্বজা তুমি
আকাশ জিলিকা কৈ
পুতিব পাৰা, সমসুৰে-
গাই সত্যৰ জয়;—
দেখিবা তেতিয়া লগতে তোমাৰ
গুছিব পূৰ্ব্বৰ লাঞ্ছনা-নিকাৰ
সমাজ দেশৰ আসন হব
শ্ৰেষ্ঠৰ শাৰীত গৈ
বুৰঞ্জী পাততো জিলিকি উঠিব
আদৰ্শ স্বরূপ হৈ।
কলিকতা।
৯।১২।২২ ইং
⸻
নৰ-পশু।
আছে এবিধ নৰ-পও
সংসাৰ বনত দেখিবা ভাই!
পৰৰ সুনাম নষ্ট কৰা
এইটিয়ে তাৰ চিকাৰ ঘাই!
পৰৰ ভাল সি দেখিব নোৱাৰে
পৰ-যশস্যা কথায় তাৰ,
আঁচড়ে যেন কাঁইটে গা’ত
বয় অশান্তিৰ বোজাভাৰ।
নিজৰ মতলব সিদ্ধিৰ অৰ্থে
বহুৰূপীৰ ভেশটি লৈ
দুৱাৰে দুৱাৰে ফুৰিব ঘুৰি
কাবৌ মিনতি ‘চেলাম’ কৈ।
ছেগ্ পালেই দাঁত ফুটাব
মূৰ্ত্তি ধৰি অজগৰৰ,
নিজৰ নাকটিও কাটি সময়ত
ভাঙিব যাত্ৰা অইন জনৰ।
লবা চিনি ভাই ইহেন জনক
দূৰতে ভাৱ-গতিক চাই
নহলে ফাঁদত পৰিলে ইয়াৰ
কলোঁ ঠাৱৰ ৰক্ষা নাই!
কলিকতা।
২৮।১২।২২ ইং
কলিকাতাৰ টোকা।
( ১ )
অবাক্ আজি ফুৰি দেখি
কলিৰ চহৰ কলিকতা!
নতুন কোনোবা আহিলে পোনতে
লাগে ইয়াত তাৰ কন্দাকটা।
( ২ )
বাট-পথৰ নাই আদিঅন্ত
পকি দালান শাৰী শাৰী,
নিচিনিলে ইঁৰাজী অঙ্ক
কাৰোয়ে নাপায় ঘৰ-বাৰী
(৩)
ঠাইতে বজাৰ, ঠাইতে হাট,
দোকান পহাৰৰ লেখে নাই,
‘পান’ চিগাৰেট’ ‘বিড়ী’ ‘দীয়াশালাই’
যতে যাবা ততে পায়।
( ৪ )
‘বৰফ’ ‘চৰ্ বত্’ ‘চাঁহ’ ‘ৰুটিও’
যিহকে ইচ্ছা তাকেই পাবা,
‘পোলাও’ ‘কালিয়া’ ‘কোৰ্ম্মা’ ‘কোপ্তা’
ধনভাঙি পেট পুৰাই খাবা।
( ৫ )
চহৰ ঘুৰি ‘পূৰীৰ-মেলা’
খোৱা থকাৰ নাই বিচাৰ
বেচ দিলেই খাৰ শুবলৈ
পাবা ‘হোটেলত’ নাই নিকাৰ!
( ৬ )
ঘৰে ঘৰে ‘ঝি’ চাক্ৰাণী
মহিমা সিহতৰ কোনে পায়?
কাউৰীৰ লগত অহা-যোৱা
আঁটি গুৰিৰ সুং সুতা নাই।
( ৭ )
মানুহ-গাৰীৰ হেদোঁল দোপত
বাটেৰে খোজ পোৱাতো টান্।
গাঁথি কটাৰ ভয়ত আকউ
থাকিব লাগে সাৱধান!!
( ৮ )
বিনা কামে ইয়াত টিকিব নোৱাৰি
কামেহে মিলায় পেটৰ ভাত,
নীচেই অকণ তৃণ ডালিৰো
বন্ধা আছে মূল্য গা’ত।
(৯)
পিন্ধা উৰাৰ ধূণ-পেচ চাই
‘সু’ ‘কু’ মানুহ ঠাৱৰা টান্
ভালটি বোলাই খোজ পেলালে
লাভৰ ঘৰত হয় লোক্চান!
( ১০ )
ধন্য আমাৰ ৰজাৰ নগৰ
কোঢ়াল বেমেজালীৰ ঠাই!
চলিছে কাম সমানে ভাই!
দিন-ৰাতিৰ ভেদ অভেদ নাই।
কলিকতা।
১০৷১২৷২২ইং
বিচাৰ।
( ১ )
কি কম হেৰি, দুখৰ কথা
কবলৈকে যেন ফাটে হিয়া।
দেশখন তেনে তললৈ গল
লৈ সংসাৰৰ বিবুধীয়া!!
( ২ )
জাতিৰ মাজত বামুনে উত্তম,
সমাজে শুনা ৰিঙিয়াই কয়,
কাঁধত লগুণ, কপালত ফোঁট
টিকনিয়ে দিয়ে পৰিচয়।
(৩ )
জনম লভিছে ঈশ্বৰৰ মুখত
পুৰাণ শাস্ত্ৰে ডাঠি কৈছে,
হলেও তেঁও মহামুৰ্খ
গুৰিৰ ভাগটো ঠিকে ৰৈছে।
( ৪ )
ধৰ্ম্ম-কৰ্ম্ম, বেদ-বিধিৰো
এওঁৱে জানিবা আচল-ঘাই
নহলে এওঁৰ চৰণ-ধুলী
সুকাজ মাত্ৰে বিফল যায়!
( ৫ )
অইনৰ কামৰ দোষ বিচাৰি
বিধি-ব্যৱস্থা ধৰে টানি
নিজৰ বেলাত মন্ত্ৰে শুচি
বুজি লবা ই-বেদৰ বাণী।
(৬)
যদিবাও ‘ক’ আখৰ নোলায়
ফাৰিলে বুকু কুঠাৰৰ ঘাত
তথাপি ‘বাপু’ বেদৰ কৰ্ত্তা
এয়ে আমাৰ সমাজৰ বাট!
( ৭ )
কৃষ্ণা একাদশী তিথিত
দেখি ‘দেউৰ’ লৰালৰি
কত পতিত যজমান শ্ৰাদ্ধ
পাকতে থব অন্ত কৰি।
(৮)
দক্ষিণাৰ গোন্ধ্ পালেই তেওঁ
বতাহ বৰষুণ এফালকৈ
নিশাৰ নিশায়ে দেও দি দি
দানৰ কড়ি গোটায় গৈ।
( ৯ )
লৰা জন্মিলে বেজাৰ মনত
ছোৱালীত কিন্তু নথৈ ৰঙ্
পাঁচ বছৰীয়া নৌ-হওঁতেই
ধন সাঁচিব সাজে টঙ্।
(১০)
নাচাই পাত্ৰক যোগ্যাযোগ্য
বুকুৰ দেৱীক অকালতে
ডাকত বিকি আদহীয়াত
গোটাই লয় ধন ইচ্ছা মতে।
( ১১ )
লাভৰ ঘৰত বিয়াৰ পাছতে
আজলী ছোৱালী বিধবা হৈ,
বয়স পায়েই সংসাৰ পাকত
অঘটন ঘটায় অকাজ কৈ।
( ১২ )
বৰলাৰ বিয়া বিধি সঙ্গত
ছোৱালীলৈ গৰ্হিত কাম।
ধণ্য সমাজ! জাতিৰ বন্ধন!!
ধন্য বিচাৰ অনুপাম!!
(১৩ )
ভ্ৰষ্টাচাৰী, ঘোৰ পাতকী
হলেও বামুন বাপুদেৱ।
নামানিলেই পাতক সিজে
কাজেই তেওঁ জগত সেৱ!!
(১৪ )
‘পতিতৰ ’ তেনে অৰ্থ কি হল
কি কামত বা পতিত হয়?
নুবুজিলোঁটো আজিও আমি
ইয়াৰ গূঢ় পরিচয়!
( ১৫ )
হলেও পণ্ডিত শুদ্ধাচাৰী
জাতিত বামুন নহলে ভাই!
অশুচি সি ঘিণৰ পাত্ৰ
ঘিণৰ শাৰীত সদায়ে ঠাই!!
( ১৬ )
সমাজৰ বিচাৰ যি ঠাইত এনে
তাত কি অৱস্থা হব পাৰে
ভাবিচোৱা এবাৰ ভাবুক তুমি
খাটিছোঁ ইয়াকে বাৰে বাৰে।
হাজো
৩।২।২৩ইং
অসমীয়াৰ উদাৰতা।
( ১ )
“ইন্দ্ৰবংশীৰ” দিন গুজৰিল
“মান-মৰানৰো” কৱৰ হল,
চাওঁতে চাওঁতে আসাম মুলুক
ইংৰাজ কোম্পাণীৰ হাতলৈগল।
( ২ )
যি কৰে ঈশ্বৰে ভালকে কৰে
পালোঁ সঙ্গতি এবাৰলৈ
নহলে কোনে বা জুলুমত থাকে
ৰাজ্য শাসনৰ ধান্দা কৈ
( ৩ )
বুজি চালে আমাৰ ঘৰেই ৰাজ্য
ঘৈনীলৈ আমি প্ৰধান বীৰ
যুজৰ থলী টিকিৰা শালী
টিকিৰা হুঁপনীত হওঁ গভীৰ!
( 8 )
বিবুধীয়া সৌ বঙাল-কঙালে
কোম্পাণীৰ লগত চুক্তি কৈ
মৰিব ধৰিছে জঞ্জালত পৰি
জমীদাৰীৰ ভাৰ খন লৈ।
( ৫ )
অসত দুষ্টৰহে এই বিলাক কাম
আমি হলে ভাই! নীৰ্জুতেনে
লোভতেই পাপ, পাপত মৰণ
কাম চাইয়ে ফল যাৰ যেনে!
( ৬ )
সোনৰ আসাম কথাতে কয়
অভাৱ আমাৰ কিহত ভাই!
পেটে ভাতে দিন গলেই
সৰহত একো সকাম নাই।
( ৭ )
এনেকৈ নিষ্কাম হব পাৰিলেই
নিজেই নিজক সাৰ্থক ভাবিম
শাস্ত্ৰতো ইয়াকে ডাঠি কৈছে
কাজেই ই বাক্য সদায়ে পালিম!
( ৮ )
চোৱা বিশ্ববাসী! ইহেন দিনতো
আমি অসমীয়া কেনে মহান্!
নিজ বেহা দ্ৰব্য-কৃষির পথাৰ
চপাই বিদেশীক কৰিছোঁ দান।
( ৯ )
সময়ত আকৌ সিহতৰ তলতে
কুলী-মজুৰৰ হাজিৰা খাটি
কথমপিৰূপে মোকলাই বোজ
লৰা-ছোৱালীৰে খাইছোঁ বাটি।
হাজো
১৪ই ভাদ ১৩৩০
⸻
আতৈ।
( ১ )
কেৱলীয়া বাপু মনিৰাম আতৈ
চিনা জানা গাওঁৰ সকলোৰে,
‘বাঘমৰা’ সত্ৰৰ হাটিৰ ভিতৰত
থাকি তেওঁ শুধ্ ধৰ্ম্ম আচৰে।
( ২ )
শাস্ত্ৰ সদাচাৰ মুখতে গথাঁ
বাহিৰা কথাৰ নাধাৰে ধাৰ,
নৌহওঁতেই পূবে পোহৰ
শুনিবা তেওঁৰ ৰাগ পুৱাৰ।
( ৩)
“ৰাম-হৰি” স্মঁৰি শয্যা এৰিয়ে
প্ৰাতঃকৃত্য সমাধা কৈ
দেওদি সোমাই কীৰ্ত্তণ ঘৰত
বহে নিয়মে আসনত গৈ।
( 8 )
সুৰ টানি পঢ়ি “ঘোষা” “কীৰ্ত্তন”
হৰি-প্ৰসঙ্গ আৰম্ভ কৰি
সাদৰে তাক প্ৰেম ভক্তিৰে
ইষ্টগুৰুৰ ধিয়ান ধৰি।
( ৫ )
পৃথিবী খনকে অশুচি ভাবে
মানুহক দূৰতে চিকায় ঘিণায়
আপোন হাতেৰে খোৱা চাউল মুঠিও
লয় সিজাই তিতাই ভিজাই।
( ৬ )
বুজায় অইনক ধৰম-কৰম
নিজৰ ভাগত ভিতৰ শুইন্
শ’, শ’ ৰূপ ধাৰত খটাই
সুতৰ সুত লৈ আচৰে পূইন্
(৭)
নৈৰ ঘাটত ৰাখি বান্ধি
চাৰি পাঁচখন পাঞ্চৈ নাৱ
ভৰালৈ দি বেপাৰী হতক
লয় গোটাই সৰহ ভাও।
( ৮)
কতো পোৰায় ইটাৰ ভেটা
কতো আলীৰ ঠিকাদাৰ
নামত যদিও কেৱলীয়া আতৈ
কাঁধত বিষয় লেথাৰ ভাৰ!
( ৯ )
ইয়াৰ ওপৰি বছৰত দুবাৰ
বাকীনেৰে শিষ্য়ৰ ঘৰ,
নিকাচ কৰে খাতা-পত্ৰ
আদায় কৰি-গুৰুৰ কৰ।
( ১০ )
দানত বাপু ‘দাতাকৰ্ণ’
কাউৰীও নাপায় খুদ এগাল
হাটিৰ বাহাঁ শান্তিৰ কুটিৰ
কুকুৰ মেকুৰিৰ নাই গোল্মাল।
( ১১ )
“বালাকুচিৰ”“হলি” কমাৰ
জনাশুনা অগাইধচোৰ,
“বাপুৰ শিষ্য” নিশা আহি
গুৰুৰ লগত হয়হি জোৰ।
( ১২ )
হঠাতে এদিন হাটিৰ ভিতৰত
দেখোঁ যে ৰঙা পাগুৰীৰ ভিৰ্;
কাষৰ চাপি বিস্ময় ভাবি
তেনেই হলোঁ মই অস্থিৰ!
( ১৩ )
তত্ব পালোঁ চোৰৰ বাহাণি
আতৈৰ বাঁহাত পৰিছে ধৰা,
পুলিচে ভু-পাই, সকলো উলিয়াই
বাপুৰ হাতত লগাইছে ‘কড়া।'
( ১৪ )
আৰু যে কিমান কেলেঙ্কাৰী
আছিল বাপুৰ ভিতৰুৱা
সোপায়ে তেনেই পৰিছে ওলাই
শুনোতেই পাপ এনেকুৱা!
(১৫ )
ওচৰতেই ‘দাৰোগা বাবু
ঠিয় দি চকু ৰঙাকৈ
যেনে ইচ্ছা সঁপিছে গালি
খঙতে তেনে অধীৰ হৈ।
( ১৬ )
আতৈৰ চেহাৰা বিগৰি গৈছে
আছে তললৈ ধিয়ান ধৰি
দুৰ্গতি দেখি সাহত ভিৰ্ দি
মাতিলো দাৰোগাক বিনয় কৰি :-
( ১৭ )
‘হুজুৰ’ ‘দেউতা!’ কৰুণা কৰি
সাধু আতৈক দিওক এৰি
নহলে আমাৰ ধৰ্ম্মৰ গ্লাণি
কৰিব মানুহে বেঢ়ি বেঢ়ি।
( ১৮ )
আতৈ আমাৰ নিৰ্দ্দোষ তেনে
বুজিব এইটো শতুৰৰ কাম,
যাৰ মুখত আমি শুনো সদায়ে
কেৱলে ‘ৰাম-কৃষ্ণ’ নাম।
( ১৯ )
শুনি মোৰ এই কাকুতি মিনতি
গম্ভীৰ সুৰে দাৰোগাই কয়;—
“তোমালোকৰ ধাৰণা বাপু!
ভূল জানিবা সুনিশ্চয়।
( ২০ )
মানুহক দেখুৱাই কেৱলীয়া হৈ
হাটিত উঠিলে নহয় কাম—
কায়-মন-বাক্যে ঈশ্বৰ চিন্তিলে
সহজে পায় দিব্যধাম!
( ২১ )
গিল্টিৰ ৰহণ কেই দিন থাকে
যেনে তেনেই গুমৰ ফাক্
আচলৰ ভিতৰ বাহিৰ একেই
একেই ভাবতে দেখিবা তাক।”
হজো।
২৫।১। ২৩ ইং
কলিকতিয়া বাবু আৰু উড়িয়া কুলী।
( ১ )
ধন্য তুমি উড়িয়া ভায়া!
বুদ্ধিতো তোমাৰ খুব চোকা!
নুবুজি মাথোন মানুহে তোমাক
ওপৰে ওপৰে কয় বোকা!
( ২ )
দলে দলে ফৰিঙৰ দৰে
শুভলগ্নৰ দিনটি চাই
উৰি আহি কলিকতাৰ
বিয়াপলা সকলো ঠাই!
(৩ )
কতো তুমি ‘মূটিয়া’ ‘কুলী’
কতো চাকৰ গৃহস্থৰ
কতো ‘চৰ্দ্দাৰ' পাগুড়ী মুৰত
হাজিৰ মনিবৰ বৰাবৰ।
( ৪ )
কতো ৰাস্তাৰ ‘কুলী-মহৰী’
কতো সাজিছা ‘ঠিকাদাৰ’
কতো ‘দালান’ ‘বাঢ়ৈ’ ‘মুদৈ’
সকলো কামতে হুচিয়াৰ!
( ৫ )
কতো তুমি ‘বেহাৰা’ সাজি
পাল্কী কাঁধত লৈছা বাট,
কতো ৰান্ধনী ঠাকুৰটি হৈ
‘বাবুৰ’ পাতত দিছা ভাত।
(৬)
কতো বা লৈছা তীৰ্থ-যাত্ৰী
বুজাই তীৰ্থ যাত্ৰাৰ ফল
পূজাৰ ‘ফৰ্দ্দত’ কৰিছা আদায়
লগত যি পোৱা তাৰ সম্বল।
( ৭ )
কলিকতিয়া বাবু ভায়াৰ
নহল অলপো চূৰ্ত্তিগা’ত
তোমাৰ হাতত গা ঢালি দি
জিৰনী লৈছে সুখ শয্যাত!
( ৮ )
তুমি কিন্তু ছেগ্ চাই আছা
ছেগ্ পালেই দিবা লাফ্
গা’ৰ মলি ধুই গঙ্গা জলত
হৈ পৰিবা তেনেই চাফ্।
( ৯ )
শ্ৰমতে শ্ৰীসম্পদ বাঢ়ে
শ্ৰমীৰ আসন ওপৰ ঠাইত
এলাহ সাৱটি গা’ ঘেলালে
শোক-সন্তাপ পায় যথোচিত।
কলিকতা।
৮৷১২৷২২ ইং
⸻
নৰ পক্ষী।
মানুহ আৰু বনৰ চৰাইত
সমান ভাবে পাওঁ
সুবিধালৈ আজৰি পৰত
কথাষাৰ ৰিজাই চাওঁ।
সকলো কথাৰ লগতে যেন
শুনো চৰাইৰ গান
কাৰো কণ্ঠৰ অমিয় সুৰত
জুৰায় সংসাৰী-প্ৰাণ।
কাৰো কণ্ঠৰ ‘কুউ' ৰৱত
সুখ-বসন্ত আহি
জীৱন ফুলণিৰ প্ৰতি ফুল গছে
মাৰেহি মিচিকি হাঁহি।
কাৰো কণ্ঠৰ সুৰে হৃদয়ৰ
বিৰহ অগণি জ্বালে
কোনোৱে তাত অতীত স্মৃতিৰ
বিষাদ আহুতি ঢালে।
কাৰো বা আকৌ সুৰ শুনিয়ে
খঙতে অধীৰ হৈ,
দূৰ দূৰ কৈ দূৰতে তাক
দিওঁ আতঁৰ কৈ।
কোনোৱে আকৌ সজাত বহি
গায় শিকোৱা গান,
কোনোৱে শূন্যত উৰি ঘুৰি
ধৰে ললিত তান।
খোৰোঙৰ পচাঁ হুদুয়ে কিন্তু
কপুৱায় বিশ্ব-প্ৰাণ।
কলিকতা।
১৯৷১২৷২২
শিক্ষাৰ গুটি।
(১)
কোনে কয় আমাৰ দেশৰ মানুহ
অশিক্ষিত আজি তেনে,
মই হলে তাক মুৰ্খ বোলোঁ
যি মুখত শুনো এনে।
(২)
চোৱা পিটিকি কথাষাৰ সচাঁ
হয় নে নহয় বাৰু!
‘হাগুৰা’ কমাৰেই ভাঙিব তোমাৰ
এই সংশয়ৰ ‘লাৰু।’
( ৩ )
আছিল বপুৰা তেনেই দুখীয়া
ভাতে কাপোৰে হীণ্!
বাটৰুৱা যি সিও এদিনা
কৰিছিল তাক ঘিন্!
( 8 )
‘কেন্দু কোনাৰ’ পেটুৱা’ কমাৰে
গঢ়াই কুঠাৰ ফাল
গাওঁৰ জতুৱা হালোৱাইক দি
পায় ধান-চাউল গাল।
( ৫ )
উপায় ৰহিত ছাগুৰায়ে এই
কমাৰৰ ভাতি টানি
কোনোও মতে পেট্টি পোহে
ৰোজ-গুজৰাণ্ আনি
( ৬ )
এনেকৈ সি ভালে মান দিন
খাটি ইয়াতে ভাই!
কাঢ়ি ললে নিজ গুৰুৰ বিদ্যা
কামৰ আও ভাও চাই।
( ৭ )
এনেতে পেটুৱা মাউৰত পৰি
হলে যমৰ হাত,
কমাৰ শালীৰ জাতুৱাৰ কাম
পৰিল হাগুৰাৰ গাত।
(৮)
গুছিল তাৰ কাম ভাতি টনা
গাওঁৰ বৰ কমাৰ হল
কানিৰ গাঁথিত বান্ধিলে কড়ি
আগৰ নিকাৰ গল।
(৯)
লাহেকৈ এটি বান্ধিলে জুপুৰী
‘ৰবি শইকীয়া’ৰ মাটিত
দিলে পৰিচয় মানুহৰ আগত
হয় সি কমাৰ জাতিত।
( ১০)
বুজিবা এতিয়া আমাৰ মানুহৰ
কেনেকৈ উন্নতি হৈছে
ইয়াতে কি হেৰি তোমাৰ আৰু
কিবা সংশয় ৰৈছে?
( ১১ )
শুনা তেন্তে পিছৰ ঘটনা
যি যি ঘটিছিল আৰু
অৱশ্যে তোমাক বুজাই কলে
বুলিবা নিশ্চয়ে বাৰু!
( ১২ )
নাম ফুটা তিৰোতা গেন্ধেলেী কুচুনীৰ
বেঙেনা বাৰীত আছিল ঘৰ,
তাইৰ খিয়াতি জগত বিয়াপী
নাছিল কতোৱে অলপো লৰ।
( ১৩ )
শুভক্ষণত এইৰে সৈতে
দৈবাৎ কমাৰৰ সাক্ষাৎ হৈ
শোভিল দুটায়ে যুগল ৰূপেৰে
মিলি গৃহস্থ স্বৰূপে ৰৈ।
( ১৪ )
লৰা এটি হল দুয়োৰে মাজত
“জগৰলগা” তাৰ থলে নাম
পঢ়িব দিলে তাক ‘বাবু’ হবলৈ
নিশিকাই নিজৰ কমাৰ কাম
( ১৫ )
ফলিল কপাল জগৰ লগাৰ
জগৰ ভাঙ্গি সুদিন হল
মহলাত উঠি জলপানী পাই
কটালে আগৰ কৰ্ম্মমল।
(১৬)
কমাৰ কমাৰনীৰ নথৈ ৰং
না ভাবিবা ই আচৰিত
সময়ত দুয়ে গোট পিট হৈ
দিলেনি লৰাক ইংৰাজীত।
( ১৭ )
বুজিবা এতিয়া আমাৰ মানুহে
ভাবটি কেনে লৈছে
ইয়াতো কি হেৰি তোমাৰ আৰু
মনৰ খুদুৱনী ৰৈছে?
(১৮ )
শুনা মন কৰি পিছৰ ঘটনা
ভাঙি পাতি তেনে কওঁ
বুঝিবা সহজে কেনেকৈ আমাৰ
বাঢ়িছে উন্নতিৰ ভাও।
( ১৯ )
তাহানিৰ সেই ‘জগৰ লগা
নহয় হাগুৰা কমাৰৰ লৰা
জনা হৈছে সি পঢ়াশালীত পঢ়ি
বুজিছে মুৰ্খ বাপেক মাকে
কেৱলে নিজৰ অজ্ঞ দোষে
মাতিছিল তাক ‘জগৰু’ নাম ধৰি
(২০)
কাজেই ইংৰাজী স্কুলত গৈয়ে
জগৰুই ‘মাষ্টাৰক’ বুজাই কলে
আচল নাম তাৰ “জগৎচন্দ্ৰ দাস”।
মাষ্টাৰেও তাৰ কথা মানি
ললে এই নামতে ভৰ্ত্তি কৰি
এই নামেই সি হল পৰকাশ।
(২১)
মাহৰ শেহত ৰূপ চাই টকা
পায় জাণিবা সি জলপানী বটা
কোনো মতে তাৰ নচলে এই ধনে,
কমাৰ বপুৰাই গাওঁ-ভুঁই ফুৰি
চাউল এ মুঠিমান গোটপিট কৰি
পুতেকক নি যোগায় প্ৰাণপণে।
( ২২ )
কাটিল এনেকৈ কেইবাও বছৰ
ক্ৰমে জগতৰো চকুফুকাল
‘ম্যাতৃক মহলাৰ’ বাচণিত সি উঠিল,
সাজু হবলৈ এই উদ্দেশে
ঘৰতে পঢ়া আৰম্ভিলে—
লগতে এজন সঙ্গী আহিও জুটিল।
( ২৩ )
নাম পঠাবৰ সময় আহিল
জগত ‘মাষ্টাৰৰ’ কাষৰ চাপিল
কলে “মহাশয়! কথা এটিহৈছে
আসামৰজাৰ দিনত হেনো
আছিলো আমি ‘পাঠক বংশ’
‘উপাধিটি’ মোৰনামত লগাব ৰৈছে।
( ২৪ )
খাটিছোঁ আপোনাক বিনয় কৰি
তাহানিৰ আমাৰ পদবিটি
দাসৰ সলনি নামৰ শেষত মোৰ
যোগকৈ দি ভুল শুধৰাব
আদেশিলে হম চৰিতাৰ্থ
পূৰাওক কামনা, কৰিছোঁ হাত যোৰ!”
( ২৫ )
হল শুদ্ধনাম কথামতে
ভাল দিনত কত বেয়া আছে?
পঠালে “ফৰম” “চিণ্ডিকেট” লৈ
সময়ত ‘মহলা’ পাৰহৈগল
“গেজেট পত্ৰত” প্ৰকাশিত হল
‘জগত পাঠক’ নামটি উজল হৈ।
( ২৬ )
জগৰু ওৰফে জগৎ পাঠকৰ
সীমা নাই আজি আমোদ আনন্দৰ
বহিছে সি লগ লগৰীয়ালৈ
এনে পৰতে হাগুৰা কমাৰ
ভাৰখণি লৈ চাউল-পাতৰ
দিলেহি ঠিয় কাষতে ভটংকৈ।
( ২৭ )
দেখি বাপেকক পাঠক ডেকাই
নিবলৈ দিলে বস্তু সোমাই
সুধিলে এনেতে এজনে “কোন ই?”
দিলে জগতে দুপৰাই উত্তৰ
“আমাৰে ঘৰুৱা বন্ধা চাকৰ
ঘৰৰ পৰা পঠাইছে চাউল দি।”
( ২৮ )
পেটৰ পোৱালীৰ মুখত আজি
শুনি কমাৰে ঘৃণাৰ বাণী
ততাতৈয়াকৈ ভাৰ খনি তাতে থৈ
নাচাই দুনাই পুত্ৰৰ সি মুখ
এৰি দি পিছৰ সেই সোপাসুখ
টুকি চকু-লো ওভতিল ঘৰলৈ।
( ২৯ )
ঘৰ পালে ‘কমাৰ’ ‘কমাৰণী’
সুধিলে পুত্ৰৰ সুবাতৰি
কবলৈ ধৰিলে সি বিষাদ ভাৱটি ধৰি;
“যি আশা হায়! বুকুত বান্ধি
পঢ়ালোঁ লৰাক টানি-মানি
গল বিফলে জানিবা ঠাৱৰ কৰি!
( ৩০ )
বিদেশ বিদ্যাৰ গোন্ধ পাই লৰাই
জাতীয় ভাব এৰিলে সোপাই
বাপেক মাককো চিনিব নোৱাৰা হল
ভুঞ্জিব লোকে যাৰ ভোগ যেনে
তুমি আমি মাথোঁ থাকিলোঁ তেনে
যি আছিল কপালত সেয়ে জানিবা হল।
( ৩১ )
ইমানতো হেৰা! কোনে কয় আজি
অশিক্ষিত আমি তেনে
মই হলে তাক মুৰ্খ বোলোঁ
যি মুখত শুনো এনে!
( ৩২ )
তথাপি যদি কিবা সংশয়
আছে তোমাৰ মনত
চোৱা কথাষাৰ পিটিকি-জিটিকি
তাৰ চানেকীয়ে ‘জগৎ।’
( ৩৩ )
ঘটনাৰ পাছতে এৰিলে পঢ়িব
ভাবিলে কিবা সি হল!
এই ভাবতে সেই কিবাটি হবলৈ
‘কিবাৰ’ উদ্দেশে গল।
( ৩৪ )
“উমেদাৰী” কৰি দিহিঙ্গে-দিপাঙ্গে
বাগৰিলে বহুদিন
অথচ নাপালে থিতাপী কতোৱে
ভাবি চিন্তি হল ক্ষীণ্।
( ৩৫)
শেহত নানান “ফন্দী ফুন্দাৰে”
“পুলিচ বিভাগত” গৈ
‘যমাদাৰ’ কামত মুৰটি সোমালে
‘চেলাম’ ‘চুপাৰিচ’ কৈ।
(৩৬)
জগৰু ওৰফে জগত পাঠক
আজি ‘যমাদাৰ বাবু।’
দপ্দপনীত তাৰ মানুহ-গৰু
তেনেয়ে হৈ পৰিল ‘কাবু।’
(৩৭)
চুৰী-তদন্তৰ ভাৰ পায়ে সি
অনুসন্ধানত গৈ
বুঢ়া মোমায়েকক চোৰ ঠাৱৰি
দিলে ‘চালান’ কৈ।
( ৩৮)
বিচাৰত এমাহ শাস্তি হল তাৰ
জগতৰ উঠিল ‘নাম।’
এই ছেগতে ঘপৰাই ‘পাঠকৰ’
মিলিল ‘দাৰোগা’ কাম।
( ৩৯ )
হল জনাজাত দেশৰ ভিতৰত
পাঠক দাৰোগা কৰ্ম্মী!
নাই এনেটো—এওঁয়ে এজন
আচল পুলিচ ধৰ্ম্মী!
( ৪০ )
দয়া মৰমৰ নাধাৰে ধাৰ
শিলেৰে বন্ধোৱা হিয়া,
নুবুজে দান—সহানুভূতিও
বুজে কেৱলে “নিয়া।”
( ৪১ )
জানে “হ্যাটকোট-ন্যাক্টাই” পিন্ধি
“চাহাবটি” কেনেকৈ হয়!
জানে কেনেকৈ “চাহাবী কায় দাই”
“পাইপটি” মুখত লয়।
( ৪২ )
‘গিলাচ-টেবিলৰ’ নিয়ম খিনিও
জানে বুজে ভাল মতে
পৰ অনিষ্টৰ—বাটতে তেওক
দেখি পাবা য’তে ত’তে।
( ৪৩ )
কিমান শিক্ষিত এতিয়া আমি
কিমানে যে শিক্ষা আমাৰ।
খটনাটি বুজি পাঠক! তোমাৰ
গুছোৱা মনৰ আঁধাৰ!
গুৱাহাটি।
১১।২।২৩ ইং
⸻
পরিতাপ।
(১)
দুখৰ বাতৰি কি দিম মোৰ
কবলৈ গলে ফাটে হিয়া!
ঘোৰ মহাপাপ কৰিছিলো বুলি
বিকল হৈছে জীৱন নিয়া!!
(২)
পাপ সমাজৰ পাষণ্ড আচাৰে
নিলে দেশ তেনে তললৈ
মিছা জাতি, বংশ, অভিমান ধৰি
ঘৃণ্য আমি আজি পশুতোকৈ!
৩
কঠোৰ বিধিয়ে বাঁধিছে ব্যৱস্থা
সাধ্য কাৰ তাক ছিগিব হায়!
ই-মেৰ পাকত মনুষ্যত্ব গুছি
ঘটিছে আমাৰ এনে বিলাই!
৪
বাপেক মাকৰ ঘৰত ছোৱালী
আবিয়ৈ থাকি গাভৰু হলে
যায় ব্ৰাহ্মণত্ব সমাজে আঁতৰে
দুৰ্ণাম কলঙ্কে জগত জ্বলে!
৫
এনে শাসনৰ বিষম ভয়ত
অভিভাৱকৰ কোমল প্ৰাণ,
কৰে শান্তিবোধ আঁজলী ছোৱালীক
অকালতে কৰি সম্প্ৰদাণ!
৬
নাচাই পাত্ৰক যোগ্য কি অযোগ্য
যেন তেন মতে গুছায় ভাৰ
ছয় বছৰীয়া ছোৱালীৰ জোৰা
সংহতি এজন আদহীয়াৰ।
৭
মই অভাগীৰো ভাগ্যত আজি
ঘটিল ঘটনা ই-বিপাকত।
অবোধাৱস্থাতে হেরুৱালো মোৰ
স্বামী মহাধন অসময়ত।
৮
বয়সৰ লগে জ্ঞান-বুদ্ধি পাই
হল এই মোৰ পৰিচয়,
মই অভাগিণী আজি অনাথিণী
মোলৈ সংসাৰ আঁধাৰময়!
৯
ভৰ ফুলনিৰ নিজান কোণত
যদি বা ফুলিলো ফুলৰ থুপীত
সৌন্দৰ্য সুবাস গল এনে মোৰ
ভুঞ্জিলো যাতনা অপৰিমিত।
১০
সমাজ-নিয়ম কেনে পৰিপাটি।
পুৰুষ যদ্যপি বৰলা হয়
নতুন সংসাৰ লব পাৰে গঢ়ি
আমি মাথো দূষী সকলে কয়।
১১
এনে নৰঘাতী সমাজৰ বদি
আজি ৰসাতলত নহয় থান
কোৱা কাৰ হৰ ভাঙি পাতি মোক?
শুনি শীতলোক দগধ প্ৰাণ!
হাজো
২৷২৷২৩
হাজো৺ মাধৱাদি পঞ্চ দেবালয়ৰ অৱস্থা
(মধ্যযুগ-১৩৩০ চনলৈকে।)
( ১)
হিন্দু-মচলমানৰ তীৰ্থ ক্ষেত্ৰ
হাজো এখনি পুৰণি ঠাই,
প্ৰায় জাতিৰে মানুহ মাত্ৰকে
বিচাৰ কৰিলে ইয়াত পায়।
(২)
গাওঁখনি ধুণীয়া ভাগ কৈ পতা
বেমেজালী নাই জাতিৰ মাজত
ঘৰ, নাৰিকল দেখিবা তুমি
আলীবাটৰ দুয়ো কাষত!
( ৩ )
গাওঁৰ বাহিৰে এমাইল দূৰৈত
চৰকাৰী ‘থানা’ ‘আস্পাতাল।’
দক্ষিণ পূৱত ‘গণেশ’ ‘কামেশ্বৰ
‘জয় দুৰ্গা’ ‘শিৱ’ মহাকাল।
( 8 )
কাষতে লগা ‘গৰুড় অচল’
‘মোফাম’ নামে জনাজাত
মচলমান পীৰ ‘গীয়াচুদ্দীণৰ’
আছে কৱৰ ইয়াৰে গা’ত।
( ৫ )
গাওঁৰ মাজতে ‘মণিকুট’ গিৰিত
‘মাধৱ-মন্দিৰ, শোভা পায়
আসাম যুৰি কোনো ঠাইতে
এনে বৈষ্ণৱ তীৰ্থ নাই।
( ৬ )
পুৰাণ মতে স্বয়ং ‘বিষ্ণু’
‘হয়গ্ৰীৱ’ ৰূপে অবতাৰ ধৰি
কলিৰ জীৱৰ মুক্তিৰ অৰ্থে
আছে আজিও বিৰাজ কৰি।
( ৭ )
মহাজ্ঞানী ‘উৰ্ব্ব ঋষি’
বহি ইয়াতে আচৰি যোগ
পালে সময়ত নিৰ্ব্বাণ মুক্তি
ক্ষয় কৰি বিশ্ব-ৰোগ।
( ৮ )
কোচ বিহাৰৰ অধিপতি
‘নৰ নাৰায়ণৰ’ সহোদৰ
‘চিলাৰায়ৰ’ কোৱঁৰ ‘ৰঘুয়ে’
‘মঠ’ সাজালে মাধৱৰ।
( ৯ )
পিছতে যেতিয়া কামৰূপ ৰাজ্য
আহোম ৰাজাৰ হাতলৈগল
ৰাজ-দত্তদান ভূমি বৃত্তিৰে
পূজা-সেৱাৰ ব্যবস্থা হল।
( ১০ )
বৃত্তিভুগী হাজোবাসী
মানুহক দিলে সেৱাইত কৰি
ইয়াৰ বাহিৰে আন বিলাকক
দিলে পাইক বাৰ অংশ ধৰি।
( ১১ )
সেৱাইতৰ কাম—পূজা-সেবাৰ
আল ধৰিব বিধি মতে
পাইকে যোগাব বস্তু বাহানি
কাম দিব আৰু লাগে যতে।
( ১২ )
পূজাৰীৰ ভিতৰ বাচনি কৈ
এজন পূজাৰী মুৰী হৈ
লব তত্ত্ব সকলোৰে
ৰাখি চকু শৃঙ্খলা কৈ।
( ১৩ )
‘দলই’ উপাধি হল মুৰী জনৰ
চলিল দেৱালয় সুনিয়মে
গুছিল ‘আহোম’ আহিল ইংৰাজ
উল্টিল সকলো কালক্ৰমে।
( ১৪ )
ধৰিলে ‘দলই’ অগ্নিমূৰ্ত্তি
দেৱস্ব তেওঁৰ নিজস্ব হল
মাধৱ দেৱতাৰ পূৰ্ব্বৰ সেই ‘শ্ৰী’
তেনেয়ে আজি অনিষ্ট গল।
(১৫)
সেৱা-পূজা ভোগ প্ৰায়ে বন্ধ
ভাঙ্গিল, খঁহিল মন্দিৰ-গড়
দেৱ ভোগ হল অসুৰ ভোগ্য
কোনে লয় তাৰ হিচাৰ পৰ?
(১৬)
দলই সেৱাইতে ঘটিল কন্দল
উঠিল মাম্লা আদালতত
চলাব দলইক ’ম্যানেজিং কমিটি’
হলহি গঠিত বৰ্ত্তমানত।
(১৭)
সাগৰ মথাত অমৃত উঠি
আজি হলাহল কপাল গুণত
কেচু খানোতে ওলাই অজগৰ
দাঁত বহুৱালে দগ্ধ প্ৰাণত!
(১৮)
জ্ঞানীৰ সমাজদোষ শুধাৰক
বিপৰীতে তাৰ বিপৰীত
পিন্ধালে বান্দৰক মুক্তাৰ মালা
সি কি বুজে মোল কদাচিত?
( ১৯ )
দলই সেৱাইতৰ বিসম্বাদে
খুদ নিমিলাৰো মিলিল ভাত!
কাণিৰ সলনি কাপোৰ পায়ে
ললে আৰাম সুখ-শয্যাত!!
( ২০ )
মূলৰ অৱস্থা তেনেই থাকিল
ধন-কড়ি গল অবাৱত
ধন্য কলিযুগ তেৰি তামাচা!
বাহ্ বা দিও তোক লক্ষশত!!
ধৰ্ম্ম সত্ৰ।
( ১ )
ধৰ্ম্মৰাজ্যৰ ধৰ্ম্মগুরু
সত্ৰাধিকাৰ গোসাঁই ঈশ্বৰ।
হিন্দুৰ যত ধৰ্ম্মৰ বিধান
সকলো তেওঁৰ মুঠিৰ ভিতৰ।
( ২ )
হাজাৰে বিজাৰে কেৱলীয়া ভকত
সত্ৰৰ হাটিত বসত কৈ
‘প্ৰভু ঈশ্বৰৰ’ আদেশ পালে
সত্য ব্ৰতত ব্ৰতী হৈ।
( ৩ )
মৰ্ত্ত্য ধামৰ গোলোক পূৰী
সত্ৰৰ মাহাত্ম্যৰ সীমা নাই
ধৰ্ম্ম, অৰ্থ, কাম, মোক্ষ,
চতুৰ্ব্বৰ্গ যি ঠাইত পায়।
( 8 )
সাক্ষাৎ মূৰ্ত্তি, ‘প্ৰভু ঈশ্বৰ’
গোলোক পতি কৃষ্ণদেৱৰ;
অন্ত নাই তেওঁৰ গুণ মহিমাৰ
মৰ্ত্ত্যবাসীৰ মুকুট শিৰৰ।
( ৫ )
দিন-ৰাতিৰ নাই ভেদাভেদ তাত
নাই সংসাৰৰ বেমাজালী
কেৱলে হৰিৰ গুণ সংকীৰ্ত্তণ
লগেলগে খোল কৰতালি!
(৬)
হৰিনামৰ হাট-বজাৰ ই-ঠাই
ভক্ত শিষ্যে তাত বিকে কিনে,
এই উপায়ে হাটুৱাই জাকৰ
বাঢ়ে টৰ্ম্ম, শ্ৰী , দিনে দিনে।
(৭)
সাত্বিক ভাবৰ মলয়া বাৱে
জুৰায় ইয়াত সংসাৰী প্ৰাণ
মহন্ত কুলীয়ে বৰষে কানত
সুধা ধাৰা গাই শাস্ত্ৰৰ গান।
(৮)
নিয়তি কিন্তু ঘুৰিছে সমানে
তিল পৰো তাৰ বিৰাম নাই
লগতে কত উঠে পৰে
দিনৰ পাছত ৰীতিৰ ঠাই!
(৯)
বসন্তৰ আগে জহে ভুমুকায়
প্ৰকৃতি ইয়াৰ বাতৰি দিয়ে
জনম-মৰম, হহাঁ আৰু কন্দা,
এই লৈয়ে আজি সংসাৰী জীয়ে!
( ১০ )
লৰিল্ সকলো উলটিল দেশ,
ৰজ, তম বায়ু বলিল টানি
মৰ্ত্ত্য গোলোকৰ সাত্ত্বিক মলয়া
আঁতৰিল এই নিয়ন মানি।
( ১১ )
লগে লগে দেব মুৰুতিও
এৰি দি আসন আঁতৰি গল,
সলনি সি ঠাই বিপৰীত জনে
সেই মূহুৰ্ত্তে শোভিত হল।
( ১২ )
গল পূৰ্ব্ব ভাৱ শান্তি আশ্ৰমৰ
হল তেনেয়ে সি ৰজাৰ পূৰী
ধৰ্ম্ম গুৰু আজি ৰাজ মূৰ্ত্তি ধৰি
বহিল সগৰ্ব্বে আসন যুৰি।
( ১৩ )
দুৰ্ব্বাসনা মন্ত্ৰী মন্ত্ৰদাতা হল
হৰি গুণ-গান গুছিল হায়।
কীৰ্ত্তণ মন্দিৰ হল নাট্যমঞ্চ
পালে তাত ‘কমিক’ ‘অপেৰা’ ঠাই।
( ১৪ )
বিদেশী বাদ্যৰ মোহন ধ্বনিয়ে
প্ৰভাতী সঙ্গীত ঘোষণা কৰে
বাৰ সুৰ শুনি ‘ধৰ্ম্ম গুৰুৰাজ’
শয্যা এৰি মোহ-নিদ্ৰা পাহৰে।
( ১৫ )
চৌদোলত চড়ি নগৰ পৰ্য্যটে
‘বেইন’ বাদকে মঙ্গল গায়
‘ল্যাভেণ্ডাৰ’ আদি ‘এচেন্স’ ছটিয়াই
প্ৰিয় সঙ্গীদল চৌদিকে যায়।
( ১৬ )
নাই গুৰু-শিষ্য পূৰ্ব্বৰ সম্বন্ধ
স্বৰগ মৰতে অনেক দূৰ,
ধৰ্ম্ম-সত্ৰ আজি নৱভাব লৈ।
বিলাস সাগৰত মাৰিছে বুৰ।
( ১৭ )
নাই গুৰু প্ৰতি ভকত বৃন্দৰো
তাহানিৰ সেই ভকতি প্ৰীতি
শুনি মাজে মাজে উভয়ৰে দ্বন্দ
আছো আজি আমি ভয়তে ভীতি।
(১৮)
যি দেশৰ আজি ধৰ্ম্ম সমাজতো
এনে বেমেজালী অন্যায়াচাৰ
সেই দেশ যে ভাই! তললৈ নাবাব
কোৱা কিটো যাব কৰি বিচাৰ?
হাজো।
৩।২।২৩ ইং
মহৎবাণী।
গাই সমসুৰে জাতীয় সঙ্গীত
সত্যৰ পতাকা হাতত লৈ
কৰ্চ্চুট, কপট, বাদ-বিসম্বাদ
তিয়াগী ওলোৱা আগুয়ান হৈ।
শুনা কান পাতি মোহন সুৰত
বাজিছে অপূৰ্ব্ব কি ঐক্য বীণ্!
ই টানত যেন সাজু মহাবিশ্ব,
প্ৰেম-সাগৰত যাবলৈ লীণ্!
ভ্ৰাতৃ-প্ৰণয়ত পৰস্পৰে সৌ
বিনয় বচনে সদ্ভাষা কৰি
বিলাইছে হৃদয় কেনে প্ৰীতি ভাৱে
পবিত্ৰ মহান্ আদৰ্শ ধৰি।
নাই আৰু নীচ, ঘৃণ্য, স্বাৰ্থ পূৰ্ণ
জাতি, বংশ লৈ নাহক মান্
গুণীৰ সন্মান চিৰ এই নীতি
এই অনুযায়ী সু-কুস্থান!
পুৰাণ, বুৰঞ্জী ভাঙি পাতি কৈছে
“গুহক চণ্ডালো স্বভাৱ গুণত
আদৰ্শ পুৰুষ শ্ৰীৰাম চন্দ্ৰৰ
পালে সম্ভাষণ সম্প্ৰীতি ভাৱত।
নীচ কূলজাত জ্ঞানীশ্ৰেষ্ঠ ‘সুতে’
বদৰিকাশ্ৰমত সিদিনা খন,
ব্যাস-আসনত বহি ধীৰ ভাবে
বিলালে অমূল্য জ্ঞাণ ৰতন।
ক্ষত্ৰ হৈও গাধীপুত্ৰ বিশ্বামিত্ৰে
স্থিৰ প্ৰতিজ্ঞাদি গুণৰ বলত
লভিলে শ্ৰেষ্ঠত্ব পুত ব্ৰাহ্মণত্ব
কীৰ্ত্তি অকাঁ বল জগত-পটত।
কিয় তেনে আজি ‘তুমি আমি’ ভাই!
অপৱিত্ৰ ভাব মনত আনি
ঘৃণি পৰস্পৰে শক্তি হেৰুৱাওঁ
পাহৰি আচল ‘মহৎবাণী!’
⸻
অন্ত।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )